--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একোজোপা গছক দশ পুত্ৰৰ সৈতে তুলনা কৰি অহা হৈছে। গছৰ পৰাই মানুহে বিভিন্ন খাদ্য আহৰণ কৰাৰ উপৰি গৃহ নির্মাণকে ধৰি আন ঘৰুৱা আচবাব আদিৰ বাবে কাঠ আদি লাভ কৰি আহিছে। গছে সদায় পৰিৱেশ শীতল কৰি ৰাখে। সেইবাবেই মানৱ জীৱনত গছৰ ভূমিকা অতি বেছি। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত সেয়ে ঘৰৰ বিভিন্ন দিশত বিভিন্ন ধৰণৰ গছ ৰোপণ কৰাটো অতি প্ৰয়োজনীয় কথা। ঘৰৰ চৌপাশে গছ ৰোপণ কৰিব লাগে বুলিয়েই যিকোনো দিশত যিকোনো গছ ৰোপণ কৰিলে তাৰ শুভ ফল লাভ নহ'বও পাৰে। গছ ৰোপণৰ ক্ষেত্ৰত যদি সঠিক দিশ নির্বাচন শুভৰ পৰিৱৰ্তে অশুভ ফলহে লাভ হ'ব। সেইবাবে গছ ৰোপণৰ সময়ত বাস্তুবিধি মানি চলাটো উচিত। 

বাস্তুশাস্ত্ৰই গছ ৰোপণৰ ক্ষেত্ৰত কেতবোৰ বিশেষ বিধি বান্ধি নিছে। ঘৰৰ পূব দিশে অশ্বত্থ, দক্ষিণে পাখিৰি, উত্তৰে ডিমৰু, পশ্চিমত বট  গছ ৰোপন কৰাটো উচিত নহয়। ঘৰৰ পূব দিশে আম, অশ্বথ, ক'লা জামু আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ পূব দিশে বট গছ ৰোপণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। ঘৰৰ পশ্চিম দিশে গোলাপ ফুল, ডিমৰু আদি গছ ৰোপণ কৰিলে ভাল। পশ্চিম দিশত কেতিয়াও কল, আম, বট আদি গছ ৰোপণ কৰিব নালাগে। ঘৰৰ দক্ষিণ দিশত ডিমৰু, আম আদি গছ ৰোপণ কৰাটো অশুভ। ঘৰৰ উত্তৰ দিশত ডিমৰু, কল আদি গছ ৰোপণ কৰিলে গৃহস্থৰ ক্ষতি হয়। ঘৰৰ উত্তৰ দিশত পাখিৰি  গছ ৰোপণ কৰিব পাৰি। ঘৰৰ দক্ষিণ-পূব দিশত কেতিয়াও শিমলু, আকণ্ড, অশ্বত্থ, বট আদি গছ ৰোপণ কৰিব নালাগে। 

তদুপৰি যিবোৰ গছৰ ছাল এৰাই দিলে অথবা পাত মোহাৰি দিলে গাখীৰৰ দৰে আঠা ওলায় তেনে গছ ঘৰৰ দক্ষিণ-পূব দিশত ৰোপণ কৰাটো অনুচিত। ঘৰৰ দক্ষিণ-পূব দিশত ডালিম গছ ৰোপণ কৰিলে গৃহস্থৰ শ্রীবৃদ্ধি হয়। ঘৰৰ দক্ষিণ-পশ্চিম দিশত তেতেলি গছ ৰোপণ কৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি। দক্ষিণ-পশ্চিম দিশত কেতিয়াও কদম গছ ৰোপণ কৰিব নালাগে। ঘৰৰ উত্তৰ-পূব দিশত আমলখি গছ ৰোপণ কৰিলে ভাল ফল পোৱা যায়। উত্তৰ-পূব দিশত কল গছ কেতিয়াও ৰোপণ কৰিব নালাগে। বেলগছ সদায় ঘৰৰ উত্তৰ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। উত্তৰ-পশ্চিম দিশত কেতিয়াও কাঁইটযুক্ত গছ ৰোপণ কৰিব নালাগে। 

ঘৰৰ সন্মুখত সদায় তুলসী গছ ৰাখিব লাগে। তুলসী গছে বায়ুমণ্ডল প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ লগতে বতাহত উৰি ফুৰা বিভিন্ন ৰোগৰ বীজাণু ধ্বংস কৰিব পাৰে। সেইবাবে তুলসী গছ সদায় ঘৰৰ উত্তৰ-পূব দিশত ৰোপণ কৰিব লাগে। যিবোৰ গছৰ পাত ডাঙৰ হয় সেইবোৰ গছ ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰোপণ কৰিব লাগে। ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কেতিয়াও আঠা ওলোৱা গছ ৰোপণ কৰিব নালাগে। একেদৰে ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কাঁইটযুক্ত গছ ৰোপণ কৰা অনুচিত।

 অৱশ্যে গোলাপ ফুল ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ৰোপণ কৰিব পাৰি। ঘৰৰ উত্তৰ-পশ্চিম দিশত ফুলৰ বাগিচা ৰাখিব লাগে। তেনে বাগিচাত বিভিন্ন ধৰণৰ ফুল ৰোপণ কৰিব লাগে। ফুলৰ উপৰি লতাজাতীয় উদ্ভিদো তেনে বাগিচাত ৰোপণ কৰিব পাৰি। ঘৰৰ সদায় উত্তৰ-পূব দিশত ঔষধি গুণযুক্ত গছ ৰোপণ কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক