--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তু শাস্ত্ৰই ৰান্ধনীশাল নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ বিধান দিছে। ৰান্ধনীশালত পৰ্যাপ্ত পৰিমাণৰ তাপ উৎপন্ন হয়। সেইবাবে পাকঘৰ বা ৰান্ধনীশাল সদায় অগ্নিদেৱতা যিটো দিশৰ অধিপতি সেই দিশত নিৰ্মাণ কৰিব লাগে। দক্ষিণ-পূব কোণটো নিয়ন্ত্ৰণ কৰে অগ্নিদেৱতাই। 

সেইবাবে এই কোণক অগ্নিস্থান বুলি কোৱা হয়। ঘৰৰ দক্ষিণ-পূর্ব কোণটোত সেইবাবে ৰান্ধনীশাল নিৰ্মাণ কৰিলে শুভ ফল লাভ কৰিব পাৰি। উত্তৰ পূব কোণতো ৰান্ধনীশাল নিৰ্মাণ কৰিব পৰা যায়। ৰান্ধনীশাল কেতিয়াও ঘৰৰ মাজভাগত নিৰ্মাণ কৰিব নালাগে। 

খাদ্যবস্তু প্ৰস্তুত কৰাৰ সময়ত দিশৰ কথাটোৰ প্রতি বিশেষ মন দিব লাগে। সাধাৰণতে পূব মুৱাহৈ খাদ্য বস্তু প্ৰস্তুত কৰাটো অতি ভাল। কেতিয়াও উত্তৰ বা পশ্চিমমুৱা হৈ খাদ্যবস্তু প্ৰস্তুত কৰিব নালাগে। ৰান্ধনীশালৰ বিভিন্ন সা-সঁজুলি আদি ৰাখিবলৈ যদি কোনো আলমাৰী আদি ব্যৱহাৰ কৰা হয় তেন্তে তেনে আলমাৰী দক্ষিণ বা দক্ষিণ-পশ্চিম দিশত স্থাপন কৰিব লাগে। 

ফ্রীজ আদি ৰখাৰ ক্ষেত্ৰত সদায় ৰান্ধনীশালৰ উত্তৰ-পশ্চিম দিশটো নিৰ্বাচন কৰিব লাগে। খোৱা চকী, মেজ আদি ৰান্ধনীশালৰ পশ্চিম দিশত স্থাপন কৰিব লাগে। বাচন-বৰ্তন থোৱা স্থান ৰান্ধনীশালৰ দক্ষিণ দিশত হ'ব লাগে। একেদৰে জলাধাৰ, ফিল্টাৰ আদি ৰাজনীশালৰ দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে৷এনেদৰে পাকঘৰটো সজাব পাৰিলে সুফল পোৱা যায়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰী মোদীৰ ৰেডিঅ’ অনুষ্ঠান হৈ পৰিল হিট শ্ব’! চৰকাৰে লাভ কৰিলে ‘মন কি বাত’ৰ পৰা ৩৪.১৩ কোটি টকা
ভাতৃ-ভগ্নীৰ প্ৰেম শক্তিশালী হওক! আজি পবিত্ৰ ৰাখী বন্ধন
অনাথ আশ্ৰমৰ স্থানত খোলা হোটেল বন্ধ কৰিলে দেৱলাল গার্লোছাই
মুক্তিৰ পথত এখন নতুন অসমীয়া চলচ্চিত্র ;২২ আগষ্টত ৰাজ্যত মুক্তি লাভ কৰিব  'যোদ্ধা'
পেঙেৰীৰ ব্ৰহ্মাজানত শিক্ষাগুৰুৰ নিৰ্লজ্জ কাণ্ড , ওলাই আহিল কেইবাশতাধিক অৱিভাৱক
সমগ্ৰ গাজা দখলৰ পৰিকল্পনা নাই ইজৰাইলৰ
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
ফ্ৰীজত ৰখা আটা ‘বিহ’ হৈ পৰে নেকি? পুষ্টিবিদে কি কয় জানি লওক
বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত এগৰাকী মহিলাক আটক ডিব্ৰুগড় আৰক্ষীৰ
১৭ ছেপ্টেম্বৰত মোদীৰ জন্মদিনৰ দিনা শুভাৰম্ভ হ'ব অৰুণোদয় ৩.০ৰ
বিপদত অনিল আম্বানী!
প্ৰমাণৰ এটা 'এটম বোমা' আছে, বিস্ফোৰিত হ'লে নিশ্চিহ্ন হ'ব নির্বাচন আয়োগ
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লোকসকলৰ এই ৰোগৰ আশংকা সৰ্বাধিক!