--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুইয়ে আমাৰ দৈনন্দিন জীৱনৰ বহু কথাই সুন্দৰভাবে পৰিচালিত কৰিবলৈ নানান বিধান দিছে। সেই বিধানসমূহ সঠিক ভাবে মানি চলিব পাৰিলে সুফল পোৱা যায়। দৰাচলতে ঘৰ এটা ধুনীয়াকৈ  সজাই তুলিবলৈ হ'লে ঘৰটোৰ ভিতৰৰ সাজ সজ্জাও সুন্দৰ তথা পৰিপাটী হ'ব লাগে।ইয়াৰ অৰ্থ এয়া নহয় যে ঘৰৰ ভিতৰৰ সকলো বস্তুৱেই দামী হ’ব লাগিব।

ঘৰৰ খিৰিকী তথা দুবাৰত লগোৱা পৰ্দাই ঘৰ এটাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কিন্তু পৰ্দাৰ ৰং নির্বাচনত যদি ভুল হয় তেন্তে তাৰ শুভ  প্ৰভাৱৰ সলনি অশুৱ প্ৰভাৱহে গৃহস্থৰ ওপৰত পৰিব পাৰে। ফেংছুই মতে পর্দা নির্বাচন কৰাৰ সময়ত সদায় সতর্ক হ'ব লাগে। 

পর্দা নির্বাচন সঠিক হ'লে তেনে ঘৰত সুখ-শান্তি বিৰাজ কৰাৰ লগতে তেনে ঘৰৰ পৰিৱেশ অতি সুন্দৰ হৈ পৰে। ফেংছুইৰ মতে অৱস্থান অনুসৰি ঘৰৰ দুৱাৰ তথা খিৰিকীৰ পৰ্দাৰ ৰং আৰু নক্সা নির্বাচন কৰিব লাগে। দিশ অনুসৰি পৰ্দাৰ ৰঙো বেলেগ বেলেগ হ'ব লাগিব। পশ্চিম দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং বগা হ'ব লাগে। পশ্চিম দিশৰ প্ৰধান উপাদান হ'ল ধাতু। এই দিশক প্রতিনিধিত্ব কৰা ৰং হৈছে বগা। 

পূব দিশৰ দুৱাৰ খিৰিকীত সেউজীয়া ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিব লাগে। সেউজীয়া ৰঙৰ পৰ্দাত আয়তাকাৰ নক্সা থাকিলে আৰু বেছি শুভ ফলদায়ক হয়। পূব দিশৰ ৰং হৈছে সেউজীয়া। উত্তৰ দিশৰ প্ৰধান উপাদান হৈছে পানী। উত্তৰ দিশৰ দুৱাৰ-খিৰিকীৰ পৰ্দাৰ ৰং নীলা অথবা সেউজীয়া হ'ব লাগে। দক্ষিণ দিশৰ উপাদান হৈছে অগ্নি। 

যাৰ বৰণ ৰঙা। সেইবাবে দক্ষিণ দিশৰ দুৱাৰ খিৰিকাৰ পৰ্দাৰ ৰং ৰঙা হ'ব লাগে। এনে ৰঙা পৰ্দাত ত্ৰিভূজাকৃতিৰ নক্সা থাকিলে আৰু বেছি শুভ ফল লাভ কৰিব পাৰি। ফেংছুইৰ এনে বিধানসমূহ মানি চলিলে সুফল নিশ্চয়কৈ পাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস