--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এখন সুন্দৰ ভাবে গঢ়ি তুলিবলৈ সঠিক মাটি নিৰ্বাচন কৰাটো প্ৰয়োজনীয় কথা। যিকোনো মাটিত ঘৰ নিৰ্মাণ কৰাটো উচিত নহয়। সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত হয়নে নহয়, সেইকথা প্রথমে নির্ধাৰণ কৰি ল'ব লাগে। যদি সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত নহয় বুলি ভবা হয় তেন্তে তেনে মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থৰ অপায়-অমংগল হ'ব পাৰে। সেইবাবে গৃহ নিৰ্মাণৰ পূৰ্বে মাটি পৰীক্ষা কৰি লোৱাটো অতি প্রয়োজনীয় কথা। মাটি পৰীক্ষা কৰিবলৈ বাস্তুশাস্ত্ৰত একাধিক পদ্ধতি অৱলম্বন কৰা হয়। এনে পদ্ধতিসমূহৰ ভিতৰত কেইটামান পদ্ধতি হ'ল—

 ঘৰ নিৰ্মাণ কৰিব বিচৰা মাটিত প্ৰায় এফুটমান গভীৰ এটা গাঁত খান্দক। সেই গাঁতটো পানীৰে পূৰ্ণ কৰক। ইয়াৰ পিছত গাঁতটোৰ পৰা প্ৰায় এশখোজ মান আগলৈ আগবাঢ়ি যাওক। ইয়াৰ পিছত পুনৰ গাঁতটোৰ কাষলৈ উভতি আহক। যদি গাঁতটোৰ ভিতৰত পানী হ্রাস নাপায় তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। যদি গাঁতটোৰ পানী সামান্য কমে তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্রেণীৰ মাটি। আনহাতে গাঁতটোৰ পানী যদি সম্পূৰ্ণৰূপে শুকাই যায় তেতে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অনুপযুক্ত মাটি বুলি ধৰি ল'ব লাগিব। তেনে মাটিত গৃহ নিৰ্মাণ কৰিলে অশুভ ফলহে লাভ হ'ব।


মাটি পৰীক্ষা কৰাৰ আন এটা পদ্ধতি হ'ল প্ৰথমে মাটিত এটা সৰু গাঁত খান্দক। সেই গাঁত খান্দোতে যি মাটি ওলায়, সেই মাটিৰে গাঁতটি পূৰাই দিয়ক। যদি সেই মাটিৰে গাঁতটি পূৰাই দিয়াৰ পিছত কিছু পৰিমাণে মাটি ৰৈ যায়। তেন্তে বুজিব যে সেই ভূমি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত ভূমি। যদি গাঁতটি পূৰ কৰোঁতে মাটি কম হয় তেন্তে বুজিব যে সেই মাটি গৃহ নির্মাণৰ বাবে উপযুক্ত মাটি নহয়। যদি গাঁতটি পূৰ কৰোঁতে মাটি সম্পূৰ্ণৰূপে ব্যৱহাৰ হয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়।

গৃহ নিৰ্মাণৰ বাবে মাটি উপযুক্ত হয়নে নহয় সেয়া নিৰ্ধাৰণ কৰিবলৈ আন এটা পদ্ধতিও প্রয়োগ কৰিব পাৰি। এই পদ্ধতি অনুসৰি পুৱাৰ ভাগত সেই মাটিৰ কিছু অংশত কোৰ মাৰি তিল সিঁচি দিয়ক। সদায় বিয়লিৰ ভাগত তাত নিৰ্দিষ্ট পৰিমাণৰ পানী দিয়ক। যদি সিঁচি দিয়া তিল তিনিদিনৰ ভিতৰত গজি উঠে তেন্তে ধৰি ল'ব পাৰি যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অতি উত্তম মাটি। আনহাতে যদি তিল গজি উঠিবলৈ পাঁচ দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্ৰেণীৰ মাটি বুলি ধৰি ল'ব পাৰি। যদি তিল অংকুৰিত হ'বলৈ সাত দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি নহয় বুলি বাস্তুশাস্ত্ৰই কয়। এনেবোৰ বিধান মানি চলিলে ঘৰৰ স্থায়িত্ব বৃদ্ধি পাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস