--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এখন সুন্দৰ ভাবে গঢ়ি তুলিবলৈ সঠিক মাটি নিৰ্বাচন কৰাটো প্ৰয়োজনীয় কথা। যিকোনো মাটিত ঘৰ নিৰ্মাণ কৰাটো উচিত নহয়। সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত হয়নে নহয়, সেইকথা প্রথমে নির্ধাৰণ কৰি ল'ব লাগে। যদি সেই মাটি ঘৰ নিৰ্মাণৰ বাবে উপযুক্ত নহয় বুলি ভবা হয় তেন্তে তেনে মাটিত ঘৰ নিৰ্মাণ কৰিলে গৃহস্থৰ অপায়-অমংগল হ'ব পাৰে। সেইবাবে গৃহ নিৰ্মাণৰ পূৰ্বে মাটি পৰীক্ষা কৰি লোৱাটো অতি প্রয়োজনীয় কথা। মাটি পৰীক্ষা কৰিবলৈ বাস্তুশাস্ত্ৰত একাধিক পদ্ধতি অৱলম্বন কৰা হয়। এনে পদ্ধতিসমূহৰ ভিতৰত কেইটামান পদ্ধতি হ'ল—

 ঘৰ নিৰ্মাণ কৰিব বিচৰা মাটিত প্ৰায় এফুটমান গভীৰ এটা গাঁত খান্দক। সেই গাঁতটো পানীৰে পূৰ্ণ কৰক। ইয়াৰ পিছত গাঁতটোৰ পৰা প্ৰায় এশখোজ মান আগলৈ আগবাঢ়ি যাওক। ইয়াৰ পিছত পুনৰ গাঁতটোৰ কাষলৈ উভতি আহক। যদি গাঁতটোৰ ভিতৰত পানী হ্রাস নাপায় তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি। যদি গাঁতটোৰ পানী সামান্য কমে তেন্তে বুজিব যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্রেণীৰ মাটি। আনহাতে গাঁতটোৰ পানী যদি সম্পূৰ্ণৰূপে শুকাই যায় তেতে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অনুপযুক্ত মাটি বুলি ধৰি ল'ব লাগিব। তেনে মাটিত গৃহ নিৰ্মাণ কৰিলে অশুভ ফলহে লাভ হ'ব।


মাটি পৰীক্ষা কৰাৰ আন এটা পদ্ধতি হ'ল প্ৰথমে মাটিত এটা সৰু গাঁত খান্দক। সেই গাঁত খান্দোতে যি মাটি ওলায়, সেই মাটিৰে গাঁতটি পূৰাই দিয়ক। যদি সেই মাটিৰে গাঁতটি পূৰাই দিয়াৰ পিছত কিছু পৰিমাণে মাটি ৰৈ যায়। তেন্তে বুজিব যে সেই ভূমি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত ভূমি। যদি গাঁতটি পূৰ কৰোঁতে মাটি কম হয় তেন্তে বুজিব যে সেই মাটি গৃহ নির্মাণৰ বাবে উপযুক্ত মাটি নহয়। যদি গাঁতটি পূৰ কৰোঁতে মাটি সম্পূৰ্ণৰূপে ব্যৱহাৰ হয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়।

গৃহ নিৰ্মাণৰ বাবে মাটি উপযুক্ত হয়নে নহয় সেয়া নিৰ্ধাৰণ কৰিবলৈ আন এটা পদ্ধতিও প্রয়োগ কৰিব পাৰি। এই পদ্ধতি অনুসৰি পুৱাৰ ভাগত সেই মাটিৰ কিছু অংশত কোৰ মাৰি তিল সিঁচি দিয়ক। সদায় বিয়লিৰ ভাগত তাত নিৰ্দিষ্ট পৰিমাণৰ পানী দিয়ক। যদি সিঁচি দিয়া তিল তিনিদিনৰ ভিতৰত গজি উঠে তেন্তে ধৰি ল'ব পাৰি যে সেই মাটি গৃহ নিৰ্মাণৰ বাবে অতি উত্তম মাটি। আনহাতে যদি তিল গজি উঠিবলৈ পাঁচ দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে মধ্যম শ্ৰেণীৰ মাটি বুলি ধৰি ল'ব পাৰি। যদি তিল অংকুৰিত হ'বলৈ সাত দিন সময় লয় তেন্তে সেই মাটি গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাটি নহয় বুলি বাস্তুশাস্ত্ৰই কয়। এনেবোৰ বিধান মানি চলিলে ঘৰৰ স্থায়িত্ব বৃদ্ধি পাব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ