--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিডৰ বাবে হোৱা লকডাউনত ভাঙি পৰিছিল বিশ্বৰ অৰ্থনীতি। বহু ধনী ধনী বিদেশী ৰাষ্ট্রৰ লগতে ভাৰতবৰ্ষৰ অৰ্থনীতিটো পৰিছিল ভয়ংকৰ প্ৰভাৱ। ভাৰতবৰ্ষত কোটি কোটি মানুহে এসাজ খাই এসাজ লঘোণে থাকিবলগীয়া হৈছিল। লাখ লাখ মানুহে কৰ্মসংস্থাপন হেৰুৱাই আত্মহত্যা কৰিবলগীয়া হৈছিল। কিন্তু দেশৰ এনে বিপৰ্যয় সময়ত সম্পত্তি ক্ৰয়ৰ এক প্ৰকাৰৰ প্ৰতিযোগিতাত নামিছিল একাংশ ৰাজনৈতিক নেতা তথা মন্ত্ৰীয়ে। জনতাৰ দুখ-দুৰ্দৰ্শালৈ আওকাণ কৰি ক্ৰয় কৰিছিল এটাৰ পিছত আনটো সম্পত্তি। ক’ভিড মহামাৰীৰ লকডাউনৰ সময়ত এনেকৈ সম্পত্তি ক্ৰয় কৰা সকলৰ ভিতৰত সেই সময়ছোৱাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো


সেই সময়ছোৱাত সোণোৱালে তিনি ঠাইত ক্ৰয় কৰিছিল মাটি। গৃহচহৰ ডিব্ৰুগড়ৰ মানকটাত মাটি কিনিছিল সোণোৱালে। মানকটা খনিকৰ মৌজাত কিনা মাটিৰ তিনি টুকুৰাৰ সৰ্বমুঠ মূল্য আছিল ২৪ লাখ টকাৰ অধিক। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ত সোণোৱালে কিনা মাটি এটুকুৰাৰ দাম আছিল ৬.৭৫ লাখ টকা। আন এটুকুৰাৰ দাম আছিল ১৪.৪০ লাখ আৰু এটুকুৰা মাটি কিনিছিল ৩.৬০ লাখ টকাত। আনফালে লকডাউনৰ সময়ত গুৱাহাটীৰ জ্যোতিকুছিত সোণোৱালে নিৰ্মাণ কৰা প্ৰাসাদোপম ঘৰটো সজাই পৰাই ন ৰূপ দিয়ে সোণোৱালে। সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী পদ লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত দাখিল কৰা তথ্যত পৰিষ্কাৰ হৈছে এই তথ্য।


প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ৱেবছাইটত প্ৰকাশ পাইছে সোণোৱালে দাখিল কৰা তথ্য। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ জাহাজ, বন্দৰ আৰু আয়ুস মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ আৰু স্মৃতি ইৰাণীয়ে দাখিল কৰা তথ্যটো সম্পত্তিৰ পৰিমাণ বৃদ্ধি হোৱা প্ৰকাশ পাইছে লকডাউনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰে দক্ষিণ দিল্লীৰ বসন্ত বিহাৰ এলেকাত ৩ হাজাৰ ৮৫.২৯ বৰ্গফুটৰ এটা এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল। এপাৰ্টমেণ্টটোৰ দাম আছিল ৩.৮৭ কোটি টকা। আনহাতে স্মৃতি ইৰাণীয়ে লকডাউনৰ সময়ত উত্তৰ প্ৰদেশৰ আমেথিৰ অন্তৰ্গত মেদাম মাৱাই গাঁৱত ১২.২১ লাখ টকাৰে বৃহৎ পৰিমাণ মাটি ক্ৰয় কৰাৰ তথ্য দাখিল কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ