--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিডৰ বাবে হোৱা লকডাউনত ভাঙি পৰিছিল বিশ্বৰ অৰ্থনীতি। বহু ধনী ধনী বিদেশী ৰাষ্ট্রৰ লগতে ভাৰতবৰ্ষৰ অৰ্থনীতিটো পৰিছিল ভয়ংকৰ প্ৰভাৱ। ভাৰতবৰ্ষত কোটি কোটি মানুহে এসাজ খাই এসাজ লঘোণে থাকিবলগীয়া হৈছিল। লাখ লাখ মানুহে কৰ্মসংস্থাপন হেৰুৱাই আত্মহত্যা কৰিবলগীয়া হৈছিল। কিন্তু দেশৰ এনে বিপৰ্যয় সময়ত সম্পত্তি ক্ৰয়ৰ এক প্ৰকাৰৰ প্ৰতিযোগিতাত নামিছিল একাংশ ৰাজনৈতিক নেতা তথা মন্ত্ৰীয়ে। জনতাৰ দুখ-দুৰ্দৰ্শালৈ আওকাণ কৰি ক্ৰয় কৰিছিল এটাৰ পিছত আনটো সম্পত্তি। ক’ভিড মহামাৰীৰ লকডাউনৰ সময়ত এনেকৈ সম্পত্তি ক্ৰয় কৰা সকলৰ ভিতৰত সেই সময়ছোৱাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো।


সেই সময়ছোৱাত সোণোৱালে তিনি ঠাইত ক্ৰয় কৰিছিল মাটি। গৃহচহৰ ডিব্ৰুগড়ৰ মানকটাত মাটি কিনিছিল সোণোৱালে। মানকটা খনিকৰ মৌজাত কিনা মাটিৰ তিনি টুকুৰাৰ সৰ্বমুঠ মূল্য আছিল ২৪ লাখ টকাৰ অধিক। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ত সোণোৱালে কিনা মাটি এটুকুৰাৰ দাম আছিল ৬.৭৫ লাখ টকা। আন এটুকুৰাৰ দাম আছিল ১৪.৪০ লাখ আৰু এটুকুৰা মাটি কিনিছিল ৩.৬০ লাখ টকাত। আনফালে লকডাউনৰ সময়ত গুৱাহাটীৰ জ্যোতিকুছিত সোণোৱালে নিৰ্মাণ কৰা প্ৰাসাদোপম ঘৰটো সজাই পৰাই ন ৰূপ দিয়ে সোণোৱালে। সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী পদ লাভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত দাখিল কৰা তথ্যত পৰিষ্কাৰ হৈছে এই তথ্য।


প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ৱেবছাইটত প্ৰকাশ পাইছে সোণোৱালে দাখিল কৰা তথ্য। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ জাহাজ, বন্দৰ আৰু আয়ুস মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ আৰু স্মৃতি ইৰাণীয়ে দাখিল কৰা তথ্যটো সম্পত্তিৰ পৰিমাণ বৃদ্ধি হোৱা প্ৰকাশ পাইছে লকডাউনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰে দক্ষিণ দিল্লীৰ বসন্ত বিহাৰ এলেকাত ৩ হাজাৰ ৮৫.২৯ বৰ্গফুটৰ এটা এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল। এপাৰ্টমেণ্টটোৰ দাম আছিল ৩.৮৭ কোটি টকা। আনহাতে স্মৃতি ইৰাণীয়ে লকডাউনৰ সময়ত উত্তৰ প্ৰদেশৰ আমেথিৰ অন্তৰ্গত মেদাম মাৱাই গাঁৱত ১২.২১ লাখ টকাৰে বৃহৎ পৰিমাণ মাটি ক্ৰয় কৰাৰ তথ্য দাখিল কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু