--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘কংগ্ৰেছ দলে উপ-নিৰ্বাচনত বিজেপি দলৰ হৈ কাম কৰিছে…’- এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ সমাগত বিধানসভাৰ উপ-নিৰ্বাচন৷ ইতিমধ্যে সাজু হৈছে ৰাজ্যৰ ৫সমষ্টি৷ নিজ নিজ প্ৰাৰ্থীৰে প্ৰস্তুতি চলাইছে সকলো ৰাজনৈতিক দলে৷ আৰু অনুষ্ঠিত কৰি গৈছে ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী সভা৷ কোনোৱে যদি নিৰ্বাচনী ইচ্ছ্যু হিচাপে লৈছে ‘মূল্যবৃদ্ধি’ক, আন কোনোৱে আকৌ লৈছে উন্নয়নৰ খতিয়ান৷ মাত্ৰ এতিয়া ৰাজনৈতিক দল ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ এনে প্ৰচাৰ কৰিবলৈ গৈ ৰাজ্যৰ দুই শক্তিশালী ৰাজনৈতিক দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে৷

উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে আজি মৰিয়নিৰ লোকনাথ সভাকক্ষত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এক সংবাদমেল আয়োজন কৰে৷ সংবাদমেলখনত শাসনাধিস্থ বিজেপি আৰু কংগ্ৰেছ দলক তুলাধূনা দিয়ে অখিলে। সংবাদমেলত অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰি কয়, কংগ্ৰেছ দলে উপ-নিৰ্বাচনত বিজেপি দলৰ হৈ কাম কৰিছে। মৰিয়নি আৰু থাওৰাত কংগ্ৰেছে দূৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিক এক প্ৰকাৰ সমষ্টি দুটা এৰি দিয়াৰ সিদ্ধান্ত লোৱা বুলি অভিযোগ তুলিছে।

দুয়োটা সমষ্টিতে উপ-নিৰ্বাচনত ৰাইজৰ দলৰ জয় এক প্ৰকাৰ নিশ্চিত বুলি দাবী কৰে বিধায়কগৰাকীয়ে। নিৰ্দলীয় বিধায়কে সমষ্টিৰ কোনো উন্নয়ন কৰিব নোৱাৰে বুলি আজি থাওৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে কয় যে, ‘হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে৷ কিয়নো ৰাইজৰ দলৰ তিনিজন বিধায়ক বিধানসভাত থাকিলে তেওঁৰ সান্দহ খোৱা বালি তল যাব’- বুলিও দাবী কৰে। আনহাতে, অখিলে এবছৰৰ ভিতৰত মৰিয়নি আৰু থাওৰাৰ ৰাইজৰ মাটিৰ ম্যাদী পট্টাৰ ব্যৱস্থা কৰিব বুলিও আশ্বাস দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু