--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘কংগ্ৰেছ দলে উপ-নিৰ্বাচনত বিজেপি দলৰ হৈ কাম কৰিছে…’- এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ সমাগত বিধানসভাৰ উপ-নিৰ্বাচন৷ ইতিমধ্যে সাজু হৈছে ৰাজ্যৰ ৫সমষ্টি৷ নিজ নিজ প্ৰাৰ্থীৰে প্ৰস্তুতি চলাইছে সকলো ৰাজনৈতিক দলে৷ আৰু অনুষ্ঠিত কৰি গৈছে ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী সভা৷ কোনোৱে যদি নিৰ্বাচনী ইচ্ছ্যু হিচাপে লৈছে ‘মূল্যবৃদ্ধি’ক, আন কোনোৱে আকৌ লৈছে উন্নয়নৰ খতিয়ান৷ মাত্ৰ এতিয়া ৰাজনৈতিক দল ব্যস্ত নিৰ্বাচনী প্ৰচাৰত৷ এনে প্ৰচাৰ কৰিবলৈ গৈ ৰাজ্যৰ দুই শক্তিশালী ৰাজনৈতিক দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে৷

উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ ব্যস্ততাৰ মাজতে আজি মৰিয়নিৰ লোকনাথ সভাকক্ষত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এক সংবাদমেল আয়োজন কৰে৷ সংবাদমেলখনত শাসনাধিস্থ বিজেপি আৰু কংগ্ৰেছ দলক তুলাধূনা দিয়ে অখিলে। সংবাদমেলত অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰি কয়, কংগ্ৰেছ দলে উপ-নিৰ্বাচনত বিজেপি দলৰ হৈ কাম কৰিছে। মৰিয়নি আৰু থাওৰাত কংগ্ৰেছে দূৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিক এক প্ৰকাৰ সমষ্টি দুটা এৰি দিয়াৰ সিদ্ধান্ত লোৱা বুলি অভিযোগ তুলিছে।

দুয়োটা সমষ্টিতে উপ-নিৰ্বাচনত ৰাইজৰ দলৰ জয় এক প্ৰকাৰ নিশ্চিত বুলি দাবী কৰে বিধায়কগৰাকীয়ে। নিৰ্দলীয় বিধায়কে সমষ্টিৰ কোনো উন্নয়ন কৰিব নোৱাৰে বুলি আজি থাওৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে কয় যে, ‘হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে৷ কিয়নো ৰাইজৰ দলৰ তিনিজন বিধায়ক বিধানসভাত থাকিলে তেওঁৰ সান্দহ খোৱা বালি তল যাব’- বুলিও দাবী কৰে। আনহাতে, অখিলে এবছৰৰ ভিতৰত মৰিয়নি আৰু থাওৰাৰ ৰাইজৰ মাটিৰ ম্যাদী পট্টাৰ ব্যৱস্থা কৰিব বুলিও আশ্বাস দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ