--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰাখণ্ডৰ  বিজেপি নেতাৰ পুত্ৰৰ ৰিজৰ্টত যৌন কৰ্মত লিপ্ত হ’বলৈ অস্বীকাৰ কৰাৰ বাবেই হত্যাৰ বলি হোৱা অংকিতা ভাণ্ডাৰীয়েই মন্ত্ৰী পুত্ৰৰ নৃশংসতাৰ বলি হোৱা প্ৰথম যুৱতী নহয়। ইয়াৰ আগতেও প্ৰিয়ংকা নামৰ আন এগৰাকী যুৱতী সেই খন ৰিজৰ্টৰ পৰাই নিখোজ হৈছিল। আজিও কোনো সন্ধান নোলোৱা প্ৰিয়ংকাক বিজেপি নেতাজনৰ পুত্ৰই বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে বহুতে।

অংকিতাৰ হত্যাৰ  পিছৰে পৰাই পৰাই প্ৰিয়ংকাৰ নিখোজ হোৱাৰ প্ৰসংগটো পুনৰ চৰ্চালৈ আহিছে। প্ৰিয়ংকাই  উত্তৰাখণ্ডৰ বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিতৰ  ৰিজৰ্ট খনত কাম কৰিছিল। তেওঁ আঠ মাহ আগতে ৰহস্যজনকভাৱে নিখোজ  হৈ পৰিছিল।   তেওঁ অংকিতাৰ গাওঁৰেই বাসিন্দা আছিল।  অংকিতাক হত্যা কৰাৰ পিছৰে পৰা প্ৰিয়ংকাৰ নাম এতিয়া ব্যাপক চৰ্চালৈ আহিছে। প্ৰশ্ন উত্থাপিত হ'বলৈ ধৰিছে, প্ৰিয়ংকা ক'ত নাইকিয়া হ’ল? 

অংকিতাৰ দৰে তেওঁৰ কি অৱস্থা হৈছে নেকি? ঘটনাক্ৰমে প্ৰিয়ংকা নিৰুদ্দেশ হোৱাৰ লগে লগে, পুলকিতে অভিযোগ কৰিছিল যে প্ৰিয়ংকাই ৰিজৰ্টৰ ধন আৰু মূল্যৱান সামগ্ৰী লৈ পলাই গৈছিল। প্ৰিয়ংকা নিখোজ হোৱাৰ কথাটো  নাম প্ৰথমে বিট্টু ভাণ্ডাৰী নামৰ এজন স্থানীয় যুৱকে প্ৰকাশ কৰিছিল।

স্থানীয় সূত্ৰ অনুসৰি পুলকিত সদায়ে যুৱতীৰ ওপৰত চকু দি আহিছে। তেওঁৰ বিৰুদ্ধে অপহৰণৰ কেইবাটাও  অভিযোগ আছে। দৰমহা বচৰাৰ বাবেই ৰিজৰ্টৰ এজন কৰ্মচাৰীক তেওঁ বলপূৰ্বক তুলি নি  বহু দিন অজ্ঞাত স্থানত  আৱদ্ধ কৰি ৰাখিছিল বুলিও অভিযোগ উঠিছে।কৰ্মচাৰীজন  ৰুদ্ৰপ্ৰয়াগৰ বাসিন্দা আছিল। পিছত এজন স্থানীয় সমাজকৰ্মীৰ উদ্যোগত তেওঁক উদ্ধাৰ কৰা হৈছিল।

স্থানীয় লোকসকলে কয় যে আজি, য'ত পুলকিতৰ বিলাসী ৰিজৰ্ট অৱস্থিত আগতে এটা চকলেট কাৰখানা আছিল। ২০১৮-১৯বৰ্ষত,  কাৰখানাৰ পৰা অলপ দূৰত ৰিজৰ্টটো খুলিছিল। গাওঁবাসী আৰু স্থানীয় লোকসকলৰ সৈতে পুলকিতৰ সম্পৰ্ক ভাল নহয়। কোনো স্থানীয় লোকক ৰিজৰ্টলৈ যাবলৈ দিয়া হোৱা  নাছিল।  পুলকিতেই প্ৰিংকাক হত্যা কৰিছে নেকি তাকেলৈ বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে। 

ইপিনে অংকিতাৰ হোৱাটছএপ পৰীক্ষা কৰি আৰক্ষীয়ে জানিব পাৰিছে যে পুলকিতে ১০ হাজাৰ টকাৰ বিনিময়ত অংকিতাৰ সৈতে দৈহিক সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। সেই কথা অংকিতাই তেওঁৰ বন্ধুমহলক জনাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু