--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰুছ সৈন্যৰ বাবে বিভীষিকাৰ কাৰণ হৈ পৰিছিল তেওঁ। ইউক্ৰেইনৰ আকাশমাৰ্গত যুঁজাৰু বিমানেৰে শেনটোৰ দৰে তীব্ৰ গতিশীলতাৰে তেওঁ বিভীষিকা সৃষ্টি কৰিছিল শত্ৰুৰ বাবে। দেশৰ বাবে তেওঁ আগবঢ়োৱা সেৱাৰ বাবে তেওঁ সমগ্ৰ দেশৰ বাবে হীৰোত পৰিণত হৈছিল। কিন্তু কোনেও জনা নাছিল এই দুৰ্দান্ত সৈনিকজনৰ পৰিচয়। সেইবাবে তেওঁক আখ্যা দিয়া হৈছিল ‘ঘোষ্ট অব কিয়েভ’ হিচাপে। যুদ্ধক্ষেত্ৰত অসাধাৰণ সমৰকৌশলৰ পৰিচয় দাঙি ধৰা ‘ঘোষ্ট অব কিয়েভ’ৰ পৰিচয় শেহতীয়াকৈ উন্মোচিত হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ মৃত্যুৰ বহু পাছতহে তেওঁৰ পৰিচয় পোহৰলৈ আহিল।

সৈনিক জনে ৪০ খন কৈ ৰুছ যুদ্ধ বিমান বিমান ভূপাতিত কৰিছিল বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত। দ্য টাইমছ অব লণ্ডনত প্ৰকাশ পোৱা অনুসৰি তেওঁৰ অসাধাৰণ সমৰ কৌশল ইউক্ৰেইনৰ সেনাৰ বাবে বিভীষিকাৰ কাৰণ হৈ পৰিছিল। তেওঁৰ নাম তথা পৰিচয় শেহতীয়াকৈ সদৰি কৰা হৈছে আনুষ্ঠানিকভাৱে। এই সৈনিকগৰাকী মেজৰ ষ্টেপান তাৰাবাল্কা বুলি চিনাক্ত কৰা হৈছে। ২৯ বছৰীয়া সৈনিকগৰাকী আছিসল ইউক্ৰেইনৰ বায়ুসেনাৰ এগৰাকী বৈমানিক। মিগ-২৯ যুদ্ধ বিমানেৰে তেওঁ বিভীষিকা সৃষ্টি কৰিছিল ৰুছ সৈন্যৰ মাজত। কিন্তু দুৰ্ভাগ্যজনকভাৱে ১৩ মাৰ্চত তেওঁৰ বিমানখন ধ্বংসপ্ৰাপ্ত হয় ৰুছ আক্ৰমণত আৰু তাতেই তেওঁ শ্বহীদ হয়।

যুঁজাৰু বৈমানিকগৰাকীক মৰনোত্তৰভাৱে ইউক্ৰেইনৰ সৰ্বোচ্ছ সাহসিকতাৰ স্বীকৃতি প্ৰদান কৰা হৈছে। ইউক্ৰেইনৰ বীৰ বুলি তেওঁ অভিহিত কৰা হৈছে ষ্টেপান তাৰাবাল্কাক। তেওঁক আনকি বিশ্বজুৰি এক অনন্য স্বীকৃতি দিয়া হৈছে। তেওঁৰ হেলমেট আৰু গ’গলছ লণ্ডনত নিলাম কৰা হ’ব বুলিও প্ৰকাশ কৰিছে দ্য লণ্ডন টাইমছে। 

উল্লেখ্য যে, যুদ্ধৰ প্ৰথম দিনটোতে ১০খন ৰুছ যুজাৰু বিমান ভূপাতিত কৰি তাৰাবাল্কা বিশ্বৰ সন্মুখত নায়ক হৈ পৰিছিল। উল্লেখ্য যে, পশ্চিম ইউক্ৰেইনৰ ক’ৰ’লিভকা নামৰ গাঁৱৰ এটা শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা তাৰাবাল্কাই সৰুৰে পৰাই বৈমানিক হোৱাৰ সপোন দেখিছিল। আৰু যুঁজাৰু বৈমানিক হিচাপে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি তেওঁ এক অতুলনীয় নজিৰ দাঙি ধৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?