--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰুছ সৈন্যৰ বাবে বিভীষিকাৰ কাৰণ হৈ পৰিছিল তেওঁ। ইউক্ৰেইনৰ আকাশমাৰ্গত যুঁজাৰু বিমানেৰে শেনটোৰ দৰে তীব্ৰ গতিশীলতাৰে তেওঁ বিভীষিকা সৃষ্টি কৰিছিল শত্ৰুৰ বাবে। দেশৰ বাবে তেওঁ আগবঢ়োৱা সেৱাৰ বাবে তেওঁ সমগ্ৰ দেশৰ বাবে হীৰোত পৰিণত হৈছিল। কিন্তু কোনেও জনা নাছিল এই দুৰ্দান্ত সৈনিকজনৰ পৰিচয়। সেইবাবে তেওঁক আখ্যা দিয়া হৈছিল ‘ঘোষ্ট অব কিয়েভ’ হিচাপে। যুদ্ধক্ষেত্ৰত অসাধাৰণ সমৰকৌশলৰ পৰিচয় দাঙি ধৰা ‘ঘোষ্ট অব কিয়েভ’ৰ পৰিচয় শেহতীয়াকৈ উন্মোচিত হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ মৃত্যুৰ বহু পাছতহে তেওঁৰ পৰিচয় পোহৰলৈ আহিল।

সৈনিক জনে ৪০ খন কৈ ৰুছ যুদ্ধ বিমান বিমান ভূপাতিত কৰিছিল বুলি প্ৰকাশ পাইছে সংবাদ মাধ্যমত। দ্য টাইমছ অব লণ্ডনত প্ৰকাশ পোৱা অনুসৰি তেওঁৰ অসাধাৰণ সমৰ কৌশল ইউক্ৰেইনৰ সেনাৰ বাবে বিভীষিকাৰ কাৰণ হৈ পৰিছিল। তেওঁৰ নাম তথা পৰিচয় শেহতীয়াকৈ সদৰি কৰা হৈছে আনুষ্ঠানিকভাৱে। এই সৈনিকগৰাকী মেজৰ ষ্টেপান তাৰাবাল্কা বুলি চিনাক্ত কৰা হৈছে। ২৯ বছৰীয়া সৈনিকগৰাকী আছিসল ইউক্ৰেইনৰ বায়ুসেনাৰ এগৰাকী বৈমানিক। মিগ-২৯ যুদ্ধ বিমানেৰে তেওঁ বিভীষিকা সৃষ্টি কৰিছিল ৰুছ সৈন্যৰ মাজত। কিন্তু দুৰ্ভাগ্যজনকভাৱে ১৩ মাৰ্চত তেওঁৰ বিমানখন ধ্বংসপ্ৰাপ্ত হয় ৰুছ আক্ৰমণত আৰু তাতেই তেওঁ শ্বহীদ হয়।

যুঁজাৰু বৈমানিকগৰাকীক মৰনোত্তৰভাৱে ইউক্ৰেইনৰ সৰ্বোচ্ছ সাহসিকতাৰ স্বীকৃতি প্ৰদান কৰা হৈছে। ইউক্ৰেইনৰ বীৰ বুলি তেওঁ অভিহিত কৰা হৈছে ষ্টেপান তাৰাবাল্কাক। তেওঁক আনকি বিশ্বজুৰি এক অনন্য স্বীকৃতি দিয়া হৈছে। তেওঁৰ হেলমেট আৰু গ’গলছ লণ্ডনত নিলাম কৰা হ’ব বুলিও প্ৰকাশ কৰিছে দ্য লণ্ডন টাইমছে। 

উল্লেখ্য যে, যুদ্ধৰ প্ৰথম দিনটোতে ১০খন ৰুছ যুজাৰু বিমান ভূপাতিত কৰি তাৰাবাল্কা বিশ্বৰ সন্মুখত নায়ক হৈ পৰিছিল। উল্লেখ্য যে, পশ্চিম ইউক্ৰেইনৰ ক’ৰ’লিভকা নামৰ গাঁৱৰ এটা শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা তাৰাবাল্কাই সৰুৰে পৰাই বৈমানিক হোৱাৰ সপোন দেখিছিল। আৰু যুঁজাৰু বৈমানিক হিচাপে দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি তেওঁ এক অতুলনীয় নজিৰ দাঙি ধৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল