--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঠিকভাৱে ব্যৱহাৰ কৰিলে পৃথিৱীৰ সকলোবোৰ বস্তুতেই ঔষধি গুণ থকা বুলি কয় আয়ুৰ্বেদে। গাই গৰুৰ প্ৰস্ৰাৱৰ উপকাৰিতা সম্পৰ্কে ভাৰতত চলি আহিছে বিতৰ্ক। কিন্তু যদি মানুহে মানুহৰ প্ৰস্ৰাৱ পান কৰে তেন্তে কি হ'ব? এই বিষয়ে বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে।  কিন্তু শেহতীয়াকৈ, ব্ৰিটেইনৰ যুৱক হেৰী মাটাদিনে সংবাদ শিৰোনাম দখল কৰা দেখা গৈছে। নিয়মীয়া প্ৰস্ৰাৱ পান কৰা বাবেই জীৱনত হতাশাৰ দৰে গুৰুতৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে বুলি জনাইছে হেৰী মাটাদিনে। 

উল্লেখ্য যে, হেৰীৰ বয়স এতিয়া ৩৪ বছৰ। তেওঁ ইংলেণ্ডৰ হেম্পশায়াৰৰ বাসিন্দা। হেৰীয়ে কয়, ‘এটা সময়ত মই হতাশাত ভুগিছিলো।২০১৬ চনৰ পৰা মই নিজৰ প্ৰস্ৰাৱ পান কৰা আৰম্ভ কৰিছিলো। তেতিয়াৰে পৰা মই মানসিক ৰোগৰ পৰা আৰোগ্য লাভ কৰিছো।’ জানিবলৈ পোৱা মতে,  ৰোগৰ পৰা আঁতৰি থাকিবলৈ পুৱা খালী পেটত প্ৰস্ৰাৱ পান কৰে হেৰীয়ে।  প্ৰতিদিনে ২০০ মিঃলিঃ প্ৰস্ৰাৱ পান কৰে হেৰীয়ে।

মূত্ৰপানৰ উপকাৰিতাৰ বিষয়ে নিশ্চিত নহয় চিকিৎসকসকল। কিন্তু আত্মবিশ্বাসী হেৰী। তেওঁ কয়, ‘যেতিয়া মই মূত্ৰপান কৰো, তেতিয়া মই শান্তি অনুভৱ কৰোঁ। মই নিজই আচৰিত হওঁ, টকা খৰচ নকৰাকৈয়ে ইমান উপকাৰিতা লাভ কৰিছো। এয়া সঁচাকৈয়ে অবিশ্বাস্য! যেতিয়াৰ পৰা মই এই থেৰাপী কৰিবলৈ লৈছো,তেতিয়াৰ পৰা মোৰ ভাগৰ নাইকিয়া হৈ গৈছে। যুৱকজনে লগতে কয়, ‘প্ৰতিদিনে প্ৰস্ৰাৱৰে মুখ ধুলে ডেকা হৈ থাকিব পাৰি।’

মন কৰিবলগীয়া যে, এই অভ্যাস গঢ় দিবলৈ হেৰীয়ে বহুতো ত্যাগ কৰিব লগা হৈছে। যেতিয়াৰ পৰা  প্ৰস্ৰাৱ পান কৰাৰ অভ্যাস কৰিছে,তেতিয়াৰে পৰাই আত্মীয়-বন্ধুবৰ্গই সংগ ত্যাগ কৰিছে হেৰীৰ। আনকি নিজৰ ভগ্নীয়েও হেৰীৰ সৈতে কথা নাপাতে। তথাপি, অলৰ-অচৰ হেৰী।সতেজ প্ৰস্ৰাৱৰ এক প্ৰকাৰৰ প্ৰাকৃতিক গোন্ধ থাকে বুলিও কয় হেৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল