--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঠিকভাৱে ব্যৱহাৰ কৰিলে পৃথিৱীৰ সকলোবোৰ বস্তুতেই ঔষধি গুণ থকা বুলি কয় আয়ুৰ্বেদে। গাই গৰুৰ প্ৰস্ৰাৱৰ উপকাৰিতা সম্পৰ্কে ভাৰতত চলি আহিছে বিতৰ্ক। কিন্তু যদি মানুহে মানুহৰ প্ৰস্ৰাৱ পান কৰে তেন্তে কি হ'ব? এই বিষয়ে বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে।  কিন্তু শেহতীয়াকৈ, ব্ৰিটেইনৰ যুৱক হেৰী মাটাদিনে সংবাদ শিৰোনাম দখল কৰা দেখা গৈছে। নিয়মীয়া প্ৰস্ৰাৱ পান কৰা বাবেই জীৱনত হতাশাৰ দৰে গুৰুতৰ ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে বুলি জনাইছে হেৰী মাটাদিনে। 

উল্লেখ্য যে, হেৰীৰ বয়স এতিয়া ৩৪ বছৰ। তেওঁ ইংলেণ্ডৰ হেম্পশায়াৰৰ বাসিন্দা। হেৰীয়ে কয়, ‘এটা সময়ত মই হতাশাত ভুগিছিলো।২০১৬ চনৰ পৰা মই নিজৰ প্ৰস্ৰাৱ পান কৰা আৰম্ভ কৰিছিলো। তেতিয়াৰে পৰা মই মানসিক ৰোগৰ পৰা আৰোগ্য লাভ কৰিছো।’ জানিবলৈ পোৱা মতে,  ৰোগৰ পৰা আঁতৰি থাকিবলৈ পুৱা খালী পেটত প্ৰস্ৰাৱ পান কৰে হেৰীয়ে।  প্ৰতিদিনে ২০০ মিঃলিঃ প্ৰস্ৰাৱ পান কৰে হেৰীয়ে।

মূত্ৰপানৰ উপকাৰিতাৰ বিষয়ে নিশ্চিত নহয় চিকিৎসকসকল। কিন্তু আত্মবিশ্বাসী হেৰী। তেওঁ কয়, ‘যেতিয়া মই মূত্ৰপান কৰো, তেতিয়া মই শান্তি অনুভৱ কৰোঁ। মই নিজই আচৰিত হওঁ, টকা খৰচ নকৰাকৈয়ে ইমান উপকাৰিতা লাভ কৰিছো। এয়া সঁচাকৈয়ে অবিশ্বাস্য! যেতিয়াৰ পৰা মই এই থেৰাপী কৰিবলৈ লৈছো,তেতিয়াৰ পৰা মোৰ ভাগৰ নাইকিয়া হৈ গৈছে। যুৱকজনে লগতে কয়, ‘প্ৰতিদিনে প্ৰস্ৰাৱৰে মুখ ধুলে ডেকা হৈ থাকিব পাৰি।’

মন কৰিবলগীয়া যে, এই অভ্যাস গঢ় দিবলৈ হেৰীয়ে বহুতো ত্যাগ কৰিব লগা হৈছে। যেতিয়াৰ পৰা  প্ৰস্ৰাৱ পান কৰাৰ অভ্যাস কৰিছে,তেতিয়াৰে পৰাই আত্মীয়-বন্ধুবৰ্গই সংগ ত্যাগ কৰিছে হেৰীৰ। আনকি নিজৰ ভগ্নীয়েও হেৰীৰ সৈতে কথা নাপাতে। তথাপি, অলৰ-অচৰ হেৰী।সতেজ প্ৰস্ৰাৱৰ এক প্ৰকাৰৰ প্ৰাকৃতিক গোন্ধ থাকে বুলিও কয় হেৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?