--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : যেন মন পিছলি পিছলি যায়। সংসদৰ দৰে পবিত্ৰ স্থানত বহি থাকিও মন চম্ভালিব নোৱৰা এগৰাকী সাংসদ তথা মন্ত্ৰীয়ে কালিমা সানিছিল দেশৰ মুখত। কিন্তু তাৰ পৰিণতি তেওঁ এতিয়া ভুগিবলগীয়া হৈছে। ব্ৰিটেইনৰ সংসদৰ নিম্ন সদন 'হাউচ অফ কমন্স'ত পৰ্ন ভিডিঅ’ চোৱাৰ অভিযোগত অভিযুক্ত হোৱা সাংসদ তথা মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিছে।

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ব্যাপক সমালোচনাৰ জোঁৱাৰ উঠিছিল সাংসদগৰাকীৰ বিৰুদ্ধে। তেওঁৰ বিৰুদ্ধে ঘোষণা কৰিছিল তদন্তও। এগৰাকী মহিলা সাংসদৰ কাষতে বহি ‘ব্লু ফিল্ম’ চাই থকা সাংসদজনৰ কাণ্ডই তোলপাৰ লগাইছিল বৃটিছ সংসদ। তেওঁ এই ঘটনাৰ পাছতে স্বীকাৰোক্তি দিছি যে, তেওঁৰ মোবাইলত প্ৰথমবাৰ ছাইটটো ভুলবশতঃ ক্লিক কৰা হৈছিল, কিন্তু দ্বিতীয়বাৰ তেওঁ ইচ্ছাকৃতভাৱে ছাইটটো খুলি ভিডিঅ’ চাইছিল। প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কনজাৰ্ভেটিভ পাৰ্টীৰ সদস্য নীল পেৰিছে এই স্বীকাৰোক্তি দি পাছত পদত্যাগ কৰিবলগীয়া হয়।
উল্লেখ্য যে, সংসদত সাংসদ তথা জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে মোবাইল ফোনত ‘ব্লু ফিল্ম’ চাই থকাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ দাবী উত্থাপন কৰা হৈছে যাতে সত্য বিতংভাৱে সন্মুখলৈ অনা হয়। সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশৰ পাছতে ব্ৰিটিছ নাগৰিকসকলৰ মাজতো কৌতূহল আৰু ক্ষোভৰ সৃষ্টি হৈছিল। 
এই সন্দৰ্ভত ইতিমধ্যে দলটোৰ মুখ্য হুইপ ক্ৰিছ হেটন হেৰিছে এখন জাননী জাৰি কৰিছিল। য’ত কোৱা হৈছিল যে সংসদৰ সংশ্লিষ্ট স্বতন্ত্ৰ বিভাগক অভিযোগবোৰ বিতংভাৱে পৰীক্ষা কৰিবলৈ কোৱা হৈছে। যদি তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰে, যদি দেখা যায় যে মন্ত্ৰীজনৰ বিৰুদ্ধে থকা অভিযোগবোৰ সঁচা, তেন্তে আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। সূত্ৰ অনুসৰি, ঘটনাটো কেইমাহমান আগতে সংঘটিত হৈছিল। সেই সময়ত এখন জৰুৰী সভা চলি আছিল। সংসদত এগৰাকী মহিলা প্ৰতিনিধি অভিযুক্ত মন্ত্ৰীৰ কাষত বহি আছিল। মন্ত্ৰীজনে তেওঁৰ বিষয়ে চিন্তা নকৰাকৈ তেওঁৰ মোবাইলত আপত্তিজনক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছিল!

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা  ব্ৰিটিছ সংসদত মহিলা প্ৰতিনিধিৰ ওপৰত যৌন নিৰ্যাতন আৰু অশালীন মন্তব্যক লৈ ব্ৰিটিছ সংসদত হুলস্থূলৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। প্ৰধানমন্ত্ৰী বৰিছ জনছনেও ইয়াৰ বিষয়ে মুখ খুলিবলগীয়া হৈছে। এতিয়ালৈকে সংসদৰ মুঠ ৫৬ জন সদস্যৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তসকলৰ তিনিজন মন্ত্ৰীসভাৰ সদস্য!
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?