--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : যেন মন পিছলি পিছলি যায়। সংসদৰ দৰে পবিত্ৰ স্থানত বহি থাকিও মন চম্ভালিব নোৱৰা এগৰাকী সাংসদ তথা মন্ত্ৰীয়ে কালিমা সানিছিল দেশৰ মুখত। কিন্তু তাৰ পৰিণতি তেওঁ এতিয়া ভুগিবলগীয়া হৈছে। ব্ৰিটেইনৰ সংসদৰ নিম্ন সদন 'হাউচ অফ কমন্স'ত পৰ্ন ভিডিঅ’ চোৱাৰ অভিযোগত অভিযুক্ত হোৱা সাংসদ তথা মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিছে।

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ব্যাপক সমালোচনাৰ জোঁৱাৰ উঠিছিল সাংসদগৰাকীৰ বিৰুদ্ধে। তেওঁৰ বিৰুদ্ধে ঘোষণা কৰিছিল তদন্তও। এগৰাকী মহিলা সাংসদৰ কাষতে বহি ‘ব্লু ফিল্ম’ চাই থকা সাংসদজনৰ কাণ্ডই তোলপাৰ লগাইছিল বৃটিছ সংসদ। তেওঁ এই ঘটনাৰ পাছতে স্বীকাৰোক্তি দিছি যে, তেওঁৰ মোবাইলত প্ৰথমবাৰ ছাইটটো ভুলবশতঃ ক্লিক কৰা হৈছিল, কিন্তু দ্বিতীয়বাৰ তেওঁ ইচ্ছাকৃতভাৱে ছাইটটো খুলি ভিডিঅ’ চাইছিল। প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ কনজাৰ্ভেটিভ পাৰ্টীৰ সদস্য নীল পেৰিছে এই স্বীকাৰোক্তি দি পাছত পদত্যাগ কৰিবলগীয়া হয়।
উল্লেখ্য যে, সংসদত সাংসদ তথা জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে মোবাইল ফোনত ‘ব্লু ফিল্ম’ চাই থকাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ঘটনাটোৰ পুংখানুপুংখ তদন্তৰ দাবী উত্থাপন কৰা হৈছে যাতে সত্য বিতংভাৱে সন্মুখলৈ অনা হয়। সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশৰ পাছতে ব্ৰিটিছ নাগৰিকসকলৰ মাজতো কৌতূহল আৰু ক্ষোভৰ সৃষ্টি হৈছিল। 
এই সন্দৰ্ভত ইতিমধ্যে দলটোৰ মুখ্য হুইপ ক্ৰিছ হেটন হেৰিছে এখন জাননী জাৰি কৰিছিল। য’ত কোৱা হৈছিল যে সংসদৰ সংশ্লিষ্ট স্বতন্ত্ৰ বিভাগক অভিযোগবোৰ বিতংভাৱে পৰীক্ষা কৰিবলৈ কোৱা হৈছে। যদি তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰে, যদি দেখা যায় যে মন্ত্ৰীজনৰ বিৰুদ্ধে থকা অভিযোগবোৰ সঁচা, তেন্তে আইন অনুসৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। সূত্ৰ অনুসৰি, ঘটনাটো কেইমাহমান আগতে সংঘটিত হৈছিল। সেই সময়ত এখন জৰুৰী সভা চলি আছিল। সংসদত এগৰাকী মহিলা প্ৰতিনিধি অভিযুক্ত মন্ত্ৰীৰ কাষত বহি আছিল। মন্ত্ৰীজনে তেওঁৰ বিষয়ে চিন্তা নকৰাকৈ তেওঁৰ মোবাইলত আপত্তিজনক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছিল!

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা  ব্ৰিটিছ সংসদত মহিলা প্ৰতিনিধিৰ ওপৰত যৌন নিৰ্যাতন আৰু অশালীন মন্তব্যক লৈ ব্ৰিটিছ সংসদত হুলস্থূলৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। প্ৰধানমন্ত্ৰী বৰিছ জনছনেও ইয়াৰ বিষয়ে মুখ খুলিবলগীয়া হৈছে। এতিয়ালৈকে সংসদৰ মুঠ ৫৬ জন সদস্যৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তসকলৰ তিনিজন মন্ত্ৰীসভাৰ সদস্য!
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে