--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ সাম্প্ৰদায়িক সংঘৰ্ষই দেশক জোকাৰ থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে বুধবাৰে কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰক হাৰিয়ানাৰ নুহত সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰতিবাদত ভিএইচপি আৰু বজৰং দলে অনুষ্ঠিত কৰা পদযাত্ৰাৰ সময়ত দিল্লীত কোনো ঘৃণামূলক ভাষণ বা হিংসা সংঘটিত নোহোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। 

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছ ভি ভাট্টিৰ বিচাৰপীঠে দিল্লীত অতিৰিক্ত আৰক্ষী বা অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলৈ আৰু সংবেদনশীল এলেকাত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈও নিৰ্দেশ দিয়ে।  আদালতত আবেদনকাৰী সাংবাদিক শ্বাহিন আব্দুল্লাৰ হৈ উপস্থিত থকা অধিবক্তা চি ইউ সিঙে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এনচিআৰ) ৰ  বিশ্ব হিন্দু পৰিষদ (ভিএইচপি) আৰু বজৰং দলে ২৩ টা  স্থানত প্ৰতিবাদ সাৱস্ত্য কৰিব বুলি ঘোষণা কৰিছে। 

এনে পৰিস্থিতিত দিল্লীতো হাৰিয়ানা সদৃশ পৰিবেশৰ সৃষ্টি হ’ব পাৰে বুলি আবেদনকাৰীয়ে আশংকা ব্যক্ত কৰিছে। এনে আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ে বুধবাৰে দিল্লীত পদযাত্ৰাৰ সময়ত কোনো ঘৃণামূলক ভাষণ যাতে কোনেও নিদিয়ে সেই বিষয়ত সতৰ্ক হ’বলৈ সংশ্লিষ্ট চৰকাৰক নিৰ্দেশ দিয়ে। উল্লেখ্য ৩১ জুলাইত ভিএইচপিৰ শোভাযাত্ৰা বন্ধ কৰিবলৈ চেষ্টা কৰাৰ পিছত নুহত সংঘটিত সাম্প্ৰদায়িক হিংসাত দুজন গৃহৰক্ষীসহ ছয়জন লোকৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰৰ মতে এতিয়ালৈকে প্ৰায় ১১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি