--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ সাম্প্ৰদায়িক সংঘৰ্ষই দেশক জোকাৰ থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে বুধবাৰে কেন্দ্ৰ আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰক হাৰিয়ানাৰ নুহত সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰতিবাদত ভিএইচপি আৰু বজৰং দলে অনুষ্ঠিত কৰা পদযাত্ৰাৰ সময়ত দিল্লীত কোনো ঘৃণামূলক ভাষণ বা হিংসা সংঘটিত নোহোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। 

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু এছ ভি ভাট্টিৰ বিচাৰপীঠে দিল্লীত অতিৰিক্ত আৰক্ষী বা অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলৈ আৰু সংবেদনশীল এলেকাত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈও নিৰ্দেশ দিয়ে।  আদালতত আবেদনকাৰী সাংবাদিক শ্বাহিন আব্দুল্লাৰ হৈ উপস্থিত থকা অধিবক্তা চি ইউ সিঙে কয় যে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এনচিআৰ) ৰ  বিশ্ব হিন্দু পৰিষদ (ভিএইচপি) আৰু বজৰং দলে ২৩ টা  স্থানত প্ৰতিবাদ সাৱস্ত্য কৰিব বুলি ঘোষণা কৰিছে। 

এনে পৰিস্থিতিত দিল্লীতো হাৰিয়ানা সদৃশ পৰিবেশৰ সৃষ্টি হ’ব পাৰে বুলি আবেদনকাৰীয়ে আশংকা ব্যক্ত কৰিছে। এনে আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ে বুধবাৰে দিল্লীত পদযাত্ৰাৰ সময়ত কোনো ঘৃণামূলক ভাষণ যাতে কোনেও নিদিয়ে সেই বিষয়ত সতৰ্ক হ’বলৈ সংশ্লিষ্ট চৰকাৰক নিৰ্দেশ দিয়ে। উল্লেখ্য ৩১ জুলাইত ভিএইচপিৰ শোভাযাত্ৰা বন্ধ কৰিবলৈ চেষ্টা কৰাৰ পিছত নুহত সংঘটিত সাম্প্ৰদায়িক হিংসাত দুজন গৃহৰক্ষীসহ ছয়জন লোকৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰৰ মতে এতিয়ালৈকে প্ৰায় ১১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস