--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাম্প্ৰদায়িক সংঘৰ্ষত কঁপি উঠিছে  হাৰিয়ানা। ৰাজ্য খনৰ  সাম্প্ৰদায়িক সংঘৰ্ষত এতিয়ালৈকে ছজন লোক নিহত হৈছে। এনে সময়তে সাম্প্ৰদায়িক সংঘৰ্ষৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট অৰ্থাৎ এছআইটি গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।  লগতে সংঘৰ্ষত বজৰং দলৰ সদস্য মনু মানেছাৰৰ ভূমিকাৰ বিষয়েও তদন্ত কৰা হ’ব।বুধবাৰে হাৰিয়ানাৰ আৰক্ষী প্ৰধান পি কে আগৰৱালাই  এই কথা প্ৰকাশ কৰে।

 উল্লেখ্য হাৰিয়ানাত এক ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত সংঘটিত সংঘৰ্ষত দুজন গৃহৰক্ষী আৰু এজন ধৰ্মগুৰুসহ ছয়জন লোকৰ মৃত্যু হৈছে৷ মুছলমান অধ্যুষিত নুহত সংঘটিত হিংসাত্মক ঘটনাৰ বাতৰি বিয়পি পৰাৰ লগে লগে চোহনাত জনতাই চাৰিখন বাহন আৰু এখন দোকান জ্বলাই দিয়ে। জনতাই গুৰুগ্ৰামৰ এটা মছজিদত আক্ৰমণ কৰে আৰু ইমাম জনক হত্যা কৰে।
উন্মত্ত জনতাই   গুৰুগ্ৰামৰ এটা ভোজনালয় জ্বলাই দিয়াৰ লগতে দোকানবোৰো  ভাঙি পেলায়।

 বুধবাৰে গুৰুগ্ৰামত এখন সংবাদমেল সম্বোধন কৰি ডিজিপিয়ে কয় যে ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু নুহত কিছু সময়ৰ বাবে কাৰফিউ শিথিল কৰা হৈছে৷ গুৰুগ্ৰাম সম্পূৰ্ণৰূপে শান্ত  আৰু কোনো হিংসাত্মক ঘটনাৰ খবৰ পোৱা হোৱা নাই৷ নুহত জ্যেষ্ঠ বিষয়া সকলক নিয়োজিত কৰা হৈছে আৰু প্ৰশাসনৰ আদেশ উলংঘা কৰা যিকোনো লোকক সৈতে কঠোৰভাৱে মোকাবিলা কৰিবলৈ আৰক্ষী বাহিনীক নিৰ্দেশ দিয়া হৈছে বুলিও  তেওঁ কয়। 

হিংসাৰ সকলো ঘটনাৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী গোট  গঠন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। যদি এই সংঘৰ্ষৰ আঁৰত  কোনো ষড়যন্ত্ৰ আছিল তেন্তে সেই বিষয়েও  তদন্তও কৰা হ'বব। বজৰং দলৰ মনুৰ চৰিত্ৰ মানেচাৰৰ বিৰুদ্ধেও  তদন্ত কৰা হ’ব বুলি  আগৰৱালাই কয়।  তেওঁ সাংবাদিকক কয়  যে গুৰুগ্ৰামৰ এটা মছজিদৰ মৌলবীক হত্যা কৰাৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। নুহত মুঠ ৪১ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু ১১৬ জন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হাৰিয়ানাৰ ডিজিপিয়ে লগতে কয় যে ১০০ ৰো অধিক সন্দেহজনক লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে। নুহৰ হিংসাত নিহত গৃহৰক্ষী জোৱানৰ  পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলিও তেওঁ কয়। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ