--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জোধপুৰত এগৰাকী কিশোৰী দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। শনিবাৰে গভীৰ নিশা আজমেৰ জিলাৰ বেৱাৰৰ এগৰাকী নাবালিকা ছোৱালী প্ৰেমিকৰ সৈতে জোধপুৰলৈ পলায়ন কৰিছিল। য’ত তিনিজন যুৱকে তেওঁক ধৰ্ষণ কৰে আৰু প্ৰেমিকক পণবন্দী কৰি অত্যাচাৰ কৰে। একে সময়তে এই ঘটনাৰ পূৰ্বে এজন লজ অপাৰেটৰে মদ্যপান কৰি নাবালিকা ছোৱালীজনীক নিৰ্যাতন চলাইছিল। ৩ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিও অভিযুক্তক। একে সময়তে ভুক্তভোগীৰ চিকিৎসা পৰীক্ষাও কৰা হয়। বিষয়টোৰ ভয়াৱহতা দেখি ৰাজস্থান ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ সংগীতা বেনিৱালে সমগ্ৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আয়ুক্তৰ পৰা প্ৰতিবেদন বিচাৰিছে।

ডিচিপি ইষ্ট অমৃতা দুহানে জনোৱা মতে, আজমেৰৰ বেৱাৰৰ এহাল প্ৰেমিক-প্ৰেমিকা ঘৰৰ পৰা পলাই জোধপুৰলৈ আহিছিল, য’ৰ পৰা দুয়োজনে আহমেদাবাদলৈ যাবলৈ সাজু হৈছিল। দুয়োজনেই বাছ ষ্টেণ্ডৰ পৰা আহি হোটেল বিচাৰিছিল, তাতে নিশা প্ৰায় ১২ বজাত ব্যক্তিগত লজ এটাৰ কোঠা এটা ল’বলৈ গৈছিল যদিও লজ অপাৰেটৰে মদ্যপান কৰি নাবালিকা ছোৱালীজনীক নিৰ্যাতন চলাইছিল। দুয়ো তাৰ পৰা ওলাই আহি বাহিৰৰ চৌহদত থিয় হ'ল। 

যেতিয়া কিশোৰী আৰু যুৱকজনে লজৰ বাহিৰত থিয় দি আছিল তেতিয়া তিনিজন অভিযুক্ত - সমাণ্ডাৰ সিং, ধৰমপাল সিং আৰু ভাটম সিঙে তেওঁলোকৰ ওচৰলৈ গৈছিল আৰু থকা ঠাই বিচাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দেওবাৰে পুৱতি নিশা ৪ বজাত অভিযুক্তকেইজনে দুয়োকে অন্য ঠাইলৈ লৈ যায়। আৰু তাতেই কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে যুৱকজনকো অত্যাচাৰ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি তিনিওজন যুৱকে তেওঁলোকক জেএনভিইউ অল্ড কেম্পাছৰ খেলপথাৰলৈ লৈ যায়, তাত প্ৰেমিকক পণবন্দী কৰি তেওঁৰ সন্মুখতে নাবালিকাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। পুৱা ৪ বজাত এই ঘটনা সংঘটিত হয়। ইয়াপৃৰ পাছত তিনিওজন অভিযুক্তই স্থানৰ পৰা পলায়ন কৰে। চিচিটিভি ফুটেজৰ ভিত্তিত ৩ ঘণ্টাৰ ভিতৰতে তিনিওজনকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস