--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জোধপুৰত এগৰাকী কিশোৰী দলবদ্ধ ধৰ্ষণৰ বলি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। শনিবাৰে গভীৰ নিশা আজমেৰ জিলাৰ বেৱাৰৰ এগৰাকী নাবালিকা ছোৱালী প্ৰেমিকৰ সৈতে জোধপুৰলৈ পলায়ন কৰিছিল। য’ত তিনিজন যুৱকে তেওঁক ধৰ্ষণ কৰে আৰু প্ৰেমিকক পণবন্দী কৰি অত্যাচাৰ কৰে। একে সময়তে এই ঘটনাৰ পূৰ্বে এজন লজ অপাৰেটৰে মদ্যপান কৰি নাবালিকা ছোৱালীজনীক নিৰ্যাতন চলাইছিল। ৩ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰিও অভিযুক্তক। একে সময়তে ভুক্তভোগীৰ চিকিৎসা পৰীক্ষাও কৰা হয়। বিষয়টোৰ ভয়াৱহতা দেখি ৰাজস্থান ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ সংগীতা বেনিৱালে সমগ্ৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী আয়ুক্তৰ পৰা প্ৰতিবেদন বিচাৰিছে।

ডিচিপি ইষ্ট অমৃতা দুহানে জনোৱা মতে, আজমেৰৰ বেৱাৰৰ এহাল প্ৰেমিক-প্ৰেমিকা ঘৰৰ পৰা পলাই জোধপুৰলৈ আহিছিল, য’ৰ পৰা দুয়োজনে আহমেদাবাদলৈ যাবলৈ সাজু হৈছিল। দুয়োজনেই বাছ ষ্টেণ্ডৰ পৰা আহি হোটেল বিচাৰিছিল, তাতে নিশা প্ৰায় ১২ বজাত ব্যক্তিগত লজ এটাৰ কোঠা এটা ল’বলৈ গৈছিল যদিও লজ অপাৰেটৰে মদ্যপান কৰি নাবালিকা ছোৱালীজনীক নিৰ্যাতন চলাইছিল। দুয়ো তাৰ পৰা ওলাই আহি বাহিৰৰ চৌহদত থিয় হ'ল। 

যেতিয়া কিশোৰী আৰু যুৱকজনে লজৰ বাহিৰত থিয় দি আছিল তেতিয়া তিনিজন অভিযুক্ত - সমাণ্ডাৰ সিং, ধৰমপাল সিং আৰু ভাটম সিঙে তেওঁলোকৰ ওচৰলৈ গৈছিল আৰু থকা ঠাই বিচাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দেওবাৰে পুৱতি নিশা ৪ বজাত অভিযুক্তকেইজনে দুয়োকে অন্য ঠাইলৈ লৈ যায়। আৰু তাতেই কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে যুৱকজনকো অত্যাচাৰ কৰে।

আৰক্ষীৰ তথ্য অনুসৰি তিনিওজন যুৱকে তেওঁলোকক জেএনভিইউ অল্ড কেম্পাছৰ খেলপথাৰলৈ লৈ যায়, তাত প্ৰেমিকক পণবন্দী কৰি তেওঁৰ সন্মুখতে নাবালিকাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। পুৱা ৪ বজাত এই ঘটনা সংঘটিত হয়। ইয়াপৃৰ পাছত তিনিওজন অভিযুক্তই স্থানৰ পৰা পলায়ন কৰে। চিচিটিভি ফুটেজৰ ভিত্তিত ৩ ঘণ্টাৰ ভিতৰতে তিনিওজনকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ