--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক সঃ চাৰিটা সন্তানৰ সৈতে নেপালৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল পাকিস্তানৰ সীমা গুলাম হাইদৰে। এজন হিন্দু যুৱকৰ লগত ঘৰ সাজিব বিচাৰিছিল। অনলাইন গেম খেলি থাকোঁতে প্ৰেমত পৰে দুয়ো। ইয়াৰ পিছতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। এতিয়া পাকিস্তানলৈ যাব নিবিচাৰে সীমা। তেওঁ এতিয়াৰে পৰা মুছলমানো নহয় বুলি জনাইছে।

PUBG খেলি থাকোঁতে সীমাক ২০১৯ চনৰ শচীন মীনাক লগ পাইছিল। ২২ বছৰীয়া শচীনৰ বাবেই ১৩০০ কিলোমিটাৰ দূৰত্ব নেওচি ৩০ বছৰৰ সীমাত উপস্থিত হয় ভাৰতত। তেওঁৰ লগত আছিল চাৰিটা শিশু, সকলোৰে বয়স সাত বছৰৰ তলৰ। ভিছা অবিহনে নেপালৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত যোৱা ৪ জুলাইত সীমাক গ্ৰেপ্তাৰ কৰা হৈছিল।

শচীনক আশ্ৰয় দিয়ে সীমাক। তেওঁক সেইবাবে গ্ৰেপ্তাৰ কৰা হয়। শেহতীয়াকৈ তেওঁলোকক মুকলি কৰি দিয়া হৈছে।  উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে সীমা আৰু শচীন বৃহত্তৰ নয়দাৰ ৰাবুপুৰা অঞ্চলত বাস কৰে। শচীনৰ এখন দোকান আছে।

এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে পাকিস্তানত সীমাৰ চুবুৰীয়া আৰু আত্মীয়-স্বজন স্তম্ভিত হৈ পৰে। সীমাই পাকিস্তানৰ গুলিস্তান-ই-জৱাহৰৰ ভিট্টাইয়াবাদত ভাড়াতীয়াকৈ বাস কৰিছিল। আৱৰ্জনাৰে ভৰা দুৰ্গন্ধময় ঘৰত তিনিটা শোৱা কোঠাত বাস কৰিছিল সীমাৰ পৰিয়ালটো। তেওঁৰ স্বামী গুলামে চৌদি আৰৱত কাম কৰে।

সেই ঘৰৰ মালিকৰ ১৬ বছৰীয়া পুত্ৰ নূৰ মহম্মদে কয়, "তেওঁ তাত থাকিলে থাকিব পাৰে। কিন্তু চাৰিওটা শিশুক পাকিস্তানলৈ পঠিয়াব লাগে। এতিয়া তেওঁ মুছলমানো নহয়।’’

সীমাৰ স্বামী গুলামে প্ৰথমে পাকিস্তানী আৰক্ষীক জনায় যে তেওঁ বিত্তাইবাদৰ ঘৰটো কিনিছিল। পিছত তেওঁ স্বীকাৰ কৰে যে তেওঁৰ পত্নী আৰু সন্তানে সেই ঘৰটোত ভাড়াতীয়াকৈ থাকিছিল। ঘৰৰ মালিকৰ ল’ৰা নূৰেও একে কথাই কয়। ক’লে যে সীমাই যোৱা তিনিবছৰ ধৰি সেই ঘৰটোত ভাড়াত আছিল।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সীমাই ১০ বছৰ পূৰ্বে কৰাচীৰ ঘৰৰ পৰা গুলামৰ সৈতে পলাই গৈছিল। ইয়াৰ পিছত তেওঁলোকৰ বিয়া হৈছিল। এই বিবাহত সীমাৰ পৰিয়ালৰ সন্মতি নাছিল। ভিট্টাইয়াবাদৰ সীমাৰাৰ ভাড়াঘৰৰ ওচৰতে বাস কৰে গুলামৰ পৰিয়াল। এই অঞ্চলত পুষ্টু, সিন্ধী, ছেৰাইকীকে ধৰি খিলঞ্জীয়া লোকে বসবাস কৰে।

মানসিকতাৰ ফালৰ পৰা স্থানীয় লোকসকল যথেষ্ট প্ৰাচীন। স্থানীয় এজন বয়োজ্যেষ্ঠ জামাল জাজাখৰাণীয়ে কয়, "তেওঁ যদি ভাবে যে তেওঁ এদিন ঘূৰি আহিব, তেন্তে স্থানীয় জনজাতীয় লোকে তেওঁক ক্ষমা নকৰে। এগৰাকী হিন্দুৰ লগত থাকিবলৈ লোৱা সিদ্ধান্তত স্থানীয় লোক ক্ষুব্ধ হৈ পৰিছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস