--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক সঃ চাৰিটা সন্তানৰ সৈতে নেপালৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল পাকিস্তানৰ সীমা গুলাম হাইদৰে। এজন হিন্দু যুৱকৰ লগত ঘৰ সাজিব বিচাৰিছিল। অনলাইন গেম খেলি থাকোঁতে প্ৰেমত পৰে দুয়ো। ইয়াৰ পিছতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। এতিয়া পাকিস্তানলৈ যাব নিবিচাৰে সীমা। তেওঁ এতিয়াৰে পৰা মুছলমানো নহয় বুলি জনাইছে।

PUBG খেলি থাকোঁতে সীমাক ২০১৯ চনৰ শচীন মীনাক লগ পাইছিল। ২২ বছৰীয়া শচীনৰ বাবেই ১৩০০ কিলোমিটাৰ দূৰত্ব নেওচি ৩০ বছৰৰ সীমাত উপস্থিত হয় ভাৰতত। তেওঁৰ লগত আছিল চাৰিটা শিশু, সকলোৰে বয়স সাত বছৰৰ তলৰ। ভিছা অবিহনে নেপালৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত যোৱা ৪ জুলাইত সীমাক গ্ৰেপ্তাৰ কৰা হৈছিল।

শচীনক আশ্ৰয় দিয়ে সীমাক। তেওঁক সেইবাবে গ্ৰেপ্তাৰ কৰা হয়। শেহতীয়াকৈ তেওঁলোকক মুকলি কৰি দিয়া হৈছে।  উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে সীমা আৰু শচীন বৃহত্তৰ নয়দাৰ ৰাবুপুৰা অঞ্চলত বাস কৰে। শচীনৰ এখন দোকান আছে।

এই খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে পাকিস্তানত সীমাৰ চুবুৰীয়া আৰু আত্মীয়-স্বজন স্তম্ভিত হৈ পৰে। সীমাই পাকিস্তানৰ গুলিস্তান-ই-জৱাহৰৰ ভিট্টাইয়াবাদত ভাড়াতীয়াকৈ বাস কৰিছিল। আৱৰ্জনাৰে ভৰা দুৰ্গন্ধময় ঘৰত তিনিটা শোৱা কোঠাত বাস কৰিছিল সীমাৰ পৰিয়ালটো। তেওঁৰ স্বামী গুলামে চৌদি আৰৱত কাম কৰে।

সেই ঘৰৰ মালিকৰ ১৬ বছৰীয়া পুত্ৰ নূৰ মহম্মদে কয়, "তেওঁ তাত থাকিলে থাকিব পাৰে। কিন্তু চাৰিওটা শিশুক পাকিস্তানলৈ পঠিয়াব লাগে। এতিয়া তেওঁ মুছলমানো নহয়।’’

সীমাৰ স্বামী গুলামে প্ৰথমে পাকিস্তানী আৰক্ষীক জনায় যে তেওঁ বিত্তাইবাদৰ ঘৰটো কিনিছিল। পিছত তেওঁ স্বীকাৰ কৰে যে তেওঁৰ পত্নী আৰু সন্তানে সেই ঘৰটোত ভাড়াতীয়াকৈ থাকিছিল। ঘৰৰ মালিকৰ ল’ৰা নূৰেও একে কথাই কয়। ক’লে যে সীমাই যোৱা তিনিবছৰ ধৰি সেই ঘৰটোত ভাড়াত আছিল।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সীমাই ১০ বছৰ পূৰ্বে কৰাচীৰ ঘৰৰ পৰা গুলামৰ সৈতে পলাই গৈছিল। ইয়াৰ পিছত তেওঁলোকৰ বিয়া হৈছিল। এই বিবাহত সীমাৰ পৰিয়ালৰ সন্মতি নাছিল। ভিট্টাইয়াবাদৰ সীমাৰাৰ ভাড়াঘৰৰ ওচৰতে বাস কৰে গুলামৰ পৰিয়াল। এই অঞ্চলত পুষ্টু, সিন্ধী, ছেৰাইকীকে ধৰি খিলঞ্জীয়া লোকে বসবাস কৰে।

মানসিকতাৰ ফালৰ পৰা স্থানীয় লোকসকল যথেষ্ট প্ৰাচীন। স্থানীয় এজন বয়োজ্যেষ্ঠ জামাল জাজাখৰাণীয়ে কয়, "তেওঁ যদি ভাবে যে তেওঁ এদিন ঘূৰি আহিব, তেন্তে স্থানীয় জনজাতীয় লোকে তেওঁক ক্ষমা নকৰে। এগৰাকী হিন্দুৰ লগত থাকিবলৈ লোৱা সিদ্ধান্তত স্থানীয় লোক ক্ষুব্ধ হৈ পৰিছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প