--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ চিৰিৰ অৱস্থান সদায় সঠিক হ’ব লাগে। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত ঘৰৰ সৈতে চিৰিও নিৰ্মাণ কৰা হয়।চিৰি ঘৰ এটাৰ বাবে অপৰিহাৰ্য অংগ। কিন্তু ঘৰত চিৰিৰ অৱস্থান সঠিক নহ’লে নানান বিপত্তিয়ে দেখা দিব পাৰে।  আজিকালি বহুতেই কেইবামহলীয়া ঘৰ নিৰ্মাণ কৰে। এনে ঘৰসমূহত উঠি যাবলৈ চিৰিৰ ব্যৱস্থা থাকিবই লাগিব। তদুপৰি সাধাৰণ ঘৰতো চিৰি থাকে। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ নিয়ম মানি চলিব লাগে। এই নিয়মসমূহ বাস্তুশাস্ত্ৰ অনুসৰি মানি চলিলে শুভ ফল পোৱা যায়। 

সাধাৰণতে ঘৰ এটাত চিৰি সদায় পূবপিনে নিৰ্মাণ কৰিব লাগে। পূবপিনৰ পৰা পশ্চিম পিনলৈ চিৰি ওপৰলৈ উঠি গ'লে ভাল। যদি ঘৰৰ অৱস্থানৰ বাবে পূব পিনৰ পৰা পশ্চিম পিনলৈ চিৰি নিৰ্মাণ কৰিব নোৱাৰি তেন্তে উত্তৰ পিনৰ পৰা দক্ষিণ পিনলৈ চিৰি নিৰ্মাণ কৰিব লাগে। চিৰিৰ অৱস্থান সদায় ঘড়ীৰ কাঁটাৰ দিশে নিৰ্মাণ কৰিব লাগে। সাধাৰণতে মাটিৰ দক্ষিণ অথবা পশ্চিম দিশত চিৰি নিৰ্মাণ কৰিলে অধিক সুফল পাব পাৰি।

 চিৰি নিৰ্মাণ কৰাৰ বাবেই মাটিৰ উত্তৰ-পূব দিশটো বৰ এটা সুবিধাজনক দিশ নহয়। চিৰি নিৰ্মাণ কৰাৰ সময়ত কেতবোৰ বিশেষ কথালৈ মন কৰা উচিত। বিশেষকৈ দুৱাৰৰ একেবাৰে লগালগিকৈ চিৰি নিৰ্মাণ কৰিব নালাগে । দুৱাৰৰ লগালগিকৈ চিৰি নিৰ্মাণ কৰিলে গৃহস্থৰ নানান অপায়-অমংগল হোৱাৰ আশংকা থাকে। 

 চিৰিৰ ঢাপৰ সংখ্যাবোৰ হ'ব পাৰে ক্ৰমে ১১, ১৭, ২৩, ৩৫, ৩১ আদি। কিছুমান লোকে ঘূৰণীয়া চিৰি নিৰ্মাণ কৰে। ঘূৰণীয়া চিৰি দেখিবলৈ ভাল যদিও বৰ এটা শুভ ফলদায়ক নহয়। ঘূৰণীয়া চিৰি  নিৰ্মাণ  কৰিলেও  ঘৰৰ সন্মুখত নিৰ্মাণ নকৰি পিছপিনে নিৰ্মাণ  কৰিলে ভাল হয়। এনেদৰে সঠিক স্থানত চিৰি নিৰ্ণাণ কৰাসকলে সুফল লাভ কৰে আৰু সুখ বৃদ্ধি পায় বুলি বাস্তু বিশেষজ্ঞসকলে কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন