--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি পহিলা অক্টোবৰ৷ আজিৰ দিনটো আপোনাৰ কেনে যাব? জানি লওক দিনটোৰ ৰাশিফল৷ 

১. মেষ ৰাশি (অ,ল) : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি সাহিত্যকসকলৰ সাহিত্য সেৱাৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

২. বৃষ ৰাশি (উ,ব) : বৃষ ৰাশিৰ জাতিক-জাতিকাসকলে আজিৰ দিনটোত ব্যৱসায়িক দিশত সফলতা লাভ কৰিব, বেচি কিনাৰ ক্ষেত্ৰত শুভ হ'ব, কৰ্মক্ষেত্ৰ যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ পুৰণি বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি (ক,ছ) : মিথুন ৰাশিৰ জাতিক-জাতিকাসকলে আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, কৰ্মত উন্নতি লাভ কৰিব, যদিও আজি আপুনি খৰচৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব।

৪. কৰ্কট ৰাশি (ড,হ) : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায়-সহযোগিতা লাভ কৰিব, প্ৰেমত শুভ সঁহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য ভয় ভাবৰ সৃষ্টি কৰিব পাৰে।

৫. সিংহ ৰাশি (ম,ট) : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, আয়-উপাৰ্জন বাঢ়িব, সন্মান বাঢ়িব, লগতে আজি আপোনাৰ যিকোনো কৰ্মৰ শুভ আৰম্ভণি বা যাত্ৰাত শুভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তাধাৰা উন্নত হ'ব, ভাল বন্ধু লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত) : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শত্ৰু নাশ হ’ব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ হাঁহি-ধেমালিৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন, য) : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শৰীৰ দেহ মন সুস্থ থাকিব, ভ্ৰমণত শুভ হ'ব, লগতে আজি আপুনি কৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ) : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব , ব্যৱসায়িকভাৱে সফলতা লাভ কৰিব, প্ৰেমত শুভ হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সহায়-সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ, জ) : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সামান্য সমস্যাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি (গ, শ, স) : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত যিসকল সমাজ কৰ্মী আৰু ৰাজনৈতিক কৰ্মী আছে তেওঁলোকৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, ৰাজনৈতিক ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি দ্ৰব্য হানি হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

১২. মীন ৰাশি ( দ,চ) : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন আহিব পাৰে লগতে আজি আপোনাৰ সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি