--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰালৈ আহিছে ভাল খবৰ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰা অহা খবৰে আনন্দিত কৰি তুলিছে ৰাজকুন্দ্ৰাৰ লগতে পত্নী শিল্পাক। উল্লেখ্য যে, পৰ্ণকাণ্ডৰ গোচৰত অভিযুক্ত অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজকুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল।কাৰাগাৰত কটাবলগীয়া হৈছিল দুমাহ। ৰাজকুন্দ্ৰাৰ কাণ্ডই জোঁকাৰি গৈছিল বলীউড। বিনাদ্বিধাই গ্লানি, অপবাদ সকলো মূৰ পাতি ল’ব লগীয়া হৈছিল শিল্পাই। সামাজিক মাধ্যমত শিল্পাই কেতবোৰ কথা উল্লেখ্য কৰিছিল, নিজেই নিজৰ হৈ পৰিছিল সাহসৰ অনন্য প্ৰতিভূ। নতুন জীৱন সংগী বিচৰা বুলিও ওলাইছিল হনুবাৰ্তা । পাছে প্ৰিয় পতিক কাষতে পাই পুনৰ হাঁহিৰ ৰোল উঠে শিল্পাৰ বিষন্ন মুখত। সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত আপ্লুত হৈ পৰে শিল্পা।

স্মৰ্তব্য যে, পেছাত এজন ব্যৱসায়ী ৰাজকুন্দ্ৰাক চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে জামিন দিয়া হৈছিল। ইফালে, ২৫ নৱেম্বৰত মুম্বাই উচ্চ ন্যায়ালয়ত আগতীয়া জামিনৰ বাবে আবেদন কৰিছিল। কিন্তু উচ্চ ন্যায়ালয়ে আবেদনখন খাৰিজ কৰিছিল। মুম্বাই উচ্চ ন্যায়ালত আবেদনখন খাৰিজ হোৱাৰ পাছত ৰাজে দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। বুধবাৰে উচ্চতম ন্যায়ালয়ে আবেদনখনৰ প্ৰতি জনায় যোগাত্মক সঁহাৰি। পৰৱৰ্তী ৪সপ্তাহৰ বাবে ৰাজকুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি ৰায় দিয়ে দেশৰ উচ্চতম ন্যায়ালয়ে। জামিন মঞ্জুৰ কৰাৰ উপৰি উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক এই বিষয়ে অৱগত কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ফলস্বৰূপে, পৰৱৰ্তী ৪সপ্তাহত ৰাজৰ বিৰুদ্ধে চৰকাৰীভাবেও কোনোধৰণৰ ব্যৱস্থা ল'ব নোৱাৰিব বুলি জনাইছে। স্মৰ্তব্য যে, পৰ্ণকাণ্ডৰ গোচৰত অভিযুক্ত ৰাজে জামিন পোৱাৰ পাছত গৃহবন্দিত্বকে গ্ৰহণ কৰি লৈছিল। টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্টো কৰিছিল ডিলিট। ৰাজৰ এই কাণ্ডৰ গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাটো। অৱশ্যে সমাজৰ সকলো গ্লানি, অপবাদক নেওচি শিল্পাই থিয় দিছিল ৰাজকুণ্ডাৰ কাষত। কেইদিনমান পূৰ্বে, ৰাজ-শিল্পাই একেলগে ধৰ্মশালাৰ এটা মন্দিৰ দৰ্শন কৰিছিল। সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল সকলো দৃশ্য। ৰাজৰ হাতত হাত থৈ শিল্পাই দুৰ্বাৰ সাহসেৰে মুখামখী হৈছিল সাংবাদিকৰ প্ৰশ্নৰ। এতিয়া পুনৰ উচ্চতম ন্যায়ালয়ৰ পৰা শেহতীয়া খবৰে উচ্ছসিত কৰি তুলিছে শিল্পা-ৰাজক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ