--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউড অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰালৈ আহিছে ভাল খবৰ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰা অহা খবৰে আনন্দিত কৰি তুলিছে ৰাজকুন্দ্ৰাৰ লগতে পত্নী শিল্পাক। উল্লেখ্য যে, পৰ্ণকাণ্ডৰ গোচৰত অভিযুক্ত অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজকুন্দ্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল।কাৰাগাৰত কটাবলগীয়া হৈছিল দুমাহ। ৰাজকুন্দ্ৰাৰ কাণ্ডই জোঁকাৰি গৈছিল বলীউড। বিনাদ্বিধাই গ্লানি, অপবাদ সকলো মূৰ পাতি ল’ব লগীয়া হৈছিল শিল্পাই। সামাজিক মাধ্যমত শিল্পাই কেতবোৰ কথা উল্লেখ্য কৰিছিল, নিজেই নিজৰ হৈ পৰিছিল সাহসৰ অনন্য প্ৰতিভূ। নতুন জীৱন সংগী বিচৰা বুলিও ওলাইছিল হনুবাৰ্তা । পাছে প্ৰিয় পতিক কাষতে পাই পুনৰ হাঁহিৰ ৰোল উঠে শিল্পাৰ বিষন্ন মুখত। সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত আপ্লুত হৈ পৰে শিল্পা।

স্মৰ্তব্য যে, পেছাত এজন ব্যৱসায়ী ৰাজকুন্দ্ৰাক চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে জামিন দিয়া হৈছিল। ইফালে, ২৫ নৱেম্বৰত মুম্বাই উচ্চ ন্যায়ালয়ত আগতীয়া জামিনৰ বাবে আবেদন কৰিছিল। কিন্তু উচ্চ ন্যায়ালয়ে আবেদনখন খাৰিজ কৰিছিল। মুম্বাই উচ্চ ন্যায়ালত আবেদনখন খাৰিজ হোৱাৰ পাছত ৰাজে দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। বুধবাৰে উচ্চতম ন্যায়ালয়ে আবেদনখনৰ প্ৰতি জনায় যোগাত্মক সঁহাৰি। পৰৱৰ্তী ৪সপ্তাহৰ বাবে ৰাজকুন্দ্ৰাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি ৰায় দিয়ে দেশৰ উচ্চতম ন্যায়ালয়ে। জামিন মঞ্জুৰ কৰাৰ উপৰি উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক এই বিষয়ে অৱগত কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

ফলস্বৰূপে, পৰৱৰ্তী ৪সপ্তাহত ৰাজৰ বিৰুদ্ধে চৰকাৰীভাবেও কোনোধৰণৰ ব্যৱস্থা ল'ব নোৱাৰিব বুলি জনাইছে। স্মৰ্তব্য যে, পৰ্ণকাণ্ডৰ গোচৰত অভিযুক্ত ৰাজে জামিন পোৱাৰ পাছত গৃহবন্দিত্বকে গ্ৰহণ কৰি লৈছিল। টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্টো কৰিছিল ডিলিট। ৰাজৰ এই কাণ্ডৰ গ্লানিৰ ছিটিকনি পৰিছিল শিল্পাৰ গাটো। অৱশ্যে সমাজৰ সকলো গ্লানি, অপবাদক নেওচি শিল্পাই থিয় দিছিল ৰাজকুণ্ডাৰ কাষত। কেইদিনমান পূৰ্বে, ৰাজ-শিল্পাই একেলগে ধৰ্মশালাৰ এটা মন্দিৰ দৰ্শন কৰিছিল। সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল সকলো দৃশ্য। ৰাজৰ হাতত হাত থৈ শিল্পাই দুৰ্বাৰ সাহসেৰে মুখামখী হৈছিল সাংবাদিকৰ প্ৰশ্নৰ। এতিয়া পুনৰ উচ্চতম ন্যায়ালয়ৰ পৰা শেহতীয়া খবৰে উচ্ছসিত কৰি তুলিছে শিল্পা-ৰাজক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু