--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰত্যেক মানুহৰে  ৰাশি বেলেগ বেলেগ হয়। জন্মৰ ক্ষণ অনুসৰি মানুহৰ ৰাশি নিৰ্ধাৰণ হয়। প্ৰতিটো ৰাশিয়েই একো একোটা ৰঙক প্রতিনিধিত্ব কৰে। সেয়ে প্ৰতিটো ৰাশিত ৰঙৰ প্ৰভাৱ থাকেই। ৰাশি অনুসৰি মানুহৰ ওপৰত যিহেতু ৰঙৰ প্রভাৱ থাকে সেইবাবে বিভিন্ন ৰাশিৰ লোকে বিভিন্ন ঘৰত বসবাস কৰাৰ ক্ষেত্ৰত সেই ঘৰৰ ৰং ৰাশি অনুসৰি কৰিব পাৰিলে শুভ ফল লাভ কৰে। 

ইয়াত বাস্তুশাস্ত্ৰৰ মতে ৰাশি অনুসৰি ৰঙৰ ব্যৱহাৰৰ কিছু কথা উল্লেখ কৰা হ'ল।

গৃহস্থৰ ৰাশি যদি মেষ হয় তেন্তে ঘৰৰ ৰং ৰঙা দিব লাগে।

গৃহস্থৰ ৰাশি যদি মিথুন হয় তেন্তে ঘৰৰ ৰং সেউজীয়া কৰিব লাগে । গৃহস্থৰ ৰাশি যদি বৃষ হয় তেন্তে ঘৰৰ ৰং বগা কৰিব লাগে ।

কৰ্কট ৰাশিৰ জাতকে ঘৰত গোলাপী অথবা মুক্তাৰ দৰে বগা ৰং ব্যৱহাৰ
কৰিব লাগে।

সিংহ ৰাশিৰ জাতকে ধূসৰ ৰং অথবা ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে । তুলা ৰাশিৰ জাতকে বগা ৰং ব্যৱহাৰ কৰিব লাগে।

কন্যা ৰাশিৰ জাতকে পাতল হালধীয়া অথবা সেউজীয়া ৰং ঘৰত ব্যৱহাৰ কৰিব লাগে।

বৃশ্চিক ৰাশিৰ লোকে ঘৰত ৰঙা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিব লাগে। কুম্ভ ৰাশিৰ জাতকে ঘৰত নীলা অথবা গোলাপী ৰং ব্যৱহাৰ কৰিলে শুভফল পায়।

মকৰ ৰাশিৰ আতকে পাতল ৰঙা ৰং ব্যৱহাৰ কৰিব লাগে।

ধনু ৰাশিৰ জাতকে ঘৰত উজ্জ্বল হালধীয়া ৰং ব্যৱহাৰ কৰিব লাগে। মীন ৰাশিৰ লোকে  ঘৰত হালধীয়া অথবা শুধ বগা ৰং ব্যৱহাৰ কৰিব লাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি