--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শাৰদীয় নৱৰাত্ৰিলৈ  মাজত মাত্ৰ পাঁচ দিন আছে।  নৱৰাত্ৰিৰ প্ৰাকক্ষণত  প্ৰায়ভাগ  হিন্দু লোকৰ মনতে আনন্দৰ লহৰ উঠিছে। নৱৰাত্ৰি উদ্যাপন কৰিবলৈ বহুতেই প্ৰস্তুতি  আৰম্ভ কৰিছে।

নৱৰাত্ৰি মানে 'নটা ৰাতি।' 'নৱ'ৰ অৰ্থ হৈছে 'ন', আৰু 'ৰাত্ৰি'ৰ অৰ্থ হৈছে 'নিশা।' এই বছৰ, শাৰদ নৱৰাত্ৰি  ১৫ অক্টোবৰ, দেওবাৰে  আৰম্ভ হ'ব আৰু ২৪  অক্টোবৰ, মঙলবাৰে সমাপ্ত হ'ব।

নৱৰাত্ৰিক এক শুভ উৎসৱ বুলি গণ্য কৰা হয়, কিয়নো দেৱী দুৰ্গাই মহিষাসুৰ নামৰ ৰাক্ষসক পৰাজিত কৰি হত্যা কৰিছিল আৰু বিশ্বক অশুভ শক্তিৰ পৰা ৰক্ষা কৰিছিল। দেৱী দুৰ্গা ইশ্বৰীয় শক্তি, দুৰ্গা শক্তি আৰু জ্ঞানৰ প্ৰতীক। নৱৰাত্ৰিৰ প্ৰতিটো দিনতে, দেৱী দুৰ্গাৰ পূজা কৰা হয়।নৱৰাত্ৰিৰৰ দিনকেইটাত  বিভিন্ন ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰিলে শুভ ফল পোৱা যায়।  

নৱৰাত্ৰি কোনটো দিনত কি ৰঙৰ কাপোৰ পিন্ধিব লাগে সেই বিষয়ে জানো আহকঃ 

প্ৰথম দিন: নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱী শৈলপুত্ৰীক পূজা কৰা হয়। দেৱী শৈলপুত্ৰীয়ে হালধীয়া ৰং বহুত ভালপায়। সেয়েহে, এই দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে ভাগ্য উদয় হয় বুলি কোৱা হয়। সেই দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিলে  সৌভাগ্য আৰু আনন্দ প্ৰাপ্তি হয়। দ্বিতীয় দিন: নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱী ব্ৰহ্মচাৰিণীক উপাসনা কৰা হয়। দেৱীয়ে  সেউজীয়া ৰঙো  ভালপায়। 
 নৱৰাত্ৰিৰ দ্বিতীয় দিনা সেউজীয়া পিন্ধিলে লোক এজনৰ  সকলো ইচ্ছা পূৰণ হ’ব পাৰে। নৱৰাত্ৰীৰ তৃতীয় দিনা দেৱীৰ  চন্দ্ৰঘন্টা পূজা কৰা হয়।চন্দ্ৰঘন্টা  হৈছে দেৱী দুৰ্গাৰ তৃতীয় ৰূপ আৰু তেওঁক নৱৰাত্ৰিৰ তৃতীয় দিনা উপাসনা কৰা হয়। এই দিনটোত মুগা ৰঙৰ কাপোৰ পিন্ধাটো ভাল  বুলি গণ্য কৰা হয়। 

নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী কুশমাণ্ডাক উপাসনা কৰা হয়। কোৱা হয় যে সেই  দিনটোত ভক্তসকলে কমলা কাপোৰ পিন্ধি দেৱী কুশমাণ্ডাৰ উপাসনা কৰা উচিত । কিয়নো এই ৰঙে উজ্জ্বলতা, জ্ঞান আৰু প্ৰশান্তিৰ কথা সূচায়।  নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱী স্কন্দমাতাৰ উপাসনা কৰা হয়। সেইদিনা দেৱীক উপাসনা কৰোঁতে বগা কাপোৰ পিন্ধিব লাগে।




  কিয়নো ই বিশুদ্ধতাক প্ৰতিনিধিত্ব কৰে । নৱৰাত্ৰিৰ ষষ্ঠ দিনা দেৱী কাত্যায়ানীক উপাসনা কৰা হয়। দেৱী কাত্যায়ানীয়ে  ৰঙা ৰং বৰ ভালপায়। সেয়েহে সেই  দিনটোত মানুহে ৰঙা কাপোৰ পিন্ধি দেৱীক উপাসনা কৰিলে দেৱীৰ  আশীৰ্বাদ লাভ কৰে।  নৱৰাত্ৰিৰ সপ্তম দিনা দেৱী কালৰাত্ৰিৰ উপাসনা কৰা হয়। এই দিনটোত ভক্তসকলে নীলা ৰঙৰ পোছাক পিন্ধাটো শুভ।  
 নৱৰাত্ৰিৰ অষ্টমী দিনটো  অন্যতম গুৰুত্বপূৰ্ণ দিন। মা দুৰ্গাৰ অষ্টম ৰূপ মহাগৌৰীক সেই  দিনটোতে উপাসনা কৰা হয়।

 ভক্তসকলে উপাসনা কৰোঁতে ঈষৎ গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিব লাগে।  যিয়ে আশা, আত্ম-বিশ্বাস আৰু সামাজিক উন্নতিক প্ৰতিনিধিত্ব কৰে। নৱৰাত্ৰিৰ নৱম দিনা দেৱী দুৰ্গাৰ নৱম ৰূপত দেৱী সিদ্ধিদাত্ৰীক উপাসনা কৰা হয়। সকলো সিদ্ধিৰ জীয়ৰী সিদ্ধিদাত্ৰীৰ উপাসনাৰ এক বিশেষ গুৰুত্ব আছে। এই দিনটোত বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধাটো শুভ বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক