--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এখন চলন্ত বাছতে বিষ সেৱন কৰি আত্মহত্যা কৰিছে এগৰাকী যুৱতীয়ে। আনহাতে বিষ সেৱনৰ ফলত চিকিৎসালয়ত প্ৰাণ হেৰুৱাইছে যুৱতীগৰাকীৰ প্ৰেমিকে।

প্ৰকাশিত খবৰ অনুসৰি প্ৰেমিক দম্পতীহালৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক স্বীকাৰ নকৰাৰ ক্ষোভতে বাছি লয় এই চৰম পথ। নিহত যুৱকগৰাকী বেংগালুৰুৰ আৰু যুৱকগৰাকী বগালকোটেৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

মঙলবাৰে ৰানেবেন্নুৰ আৰক্ষী থানাত এই সন্দৰ্ভত ৰুজু হৈছে এক গোচৰ। জানিব পৰা মতে, পিতৃ-মাতৃয়ে যুৱকজনৰ সৈতে সম্পৰ্কক মানি ল’বলৈ নাকচ কৰাৰ পিছতে ঘৰৰ পৰা ওলাই আহে যুৱতীগৰাকী।

পিছত যুৱতীগৰাকীয়ে পিতৃ-মাতৃক নিজ প্ৰেমিকৰ সৈতে মুম্বাইলৈ পলাই অহা বুলি জানিবলৈ দিয়ে। কিন্তু যাত্ৰাপথতে দুয়ো আত্মহত্যাৰ উদ্দেশ্যে বিহ সেৱন কৰে। ইফালে বাছৰ আন যাত্ৰীসকলে দুৰ্গন্ধ পাই ৰানেবেন্নুৰৰ সমীপত বাছখন ৰখাই দিয়ে।

যাত্ৰীসকলে পৰীক্ষা কৰাৰ পিছত যুৱক-যুৱতীহালক বিষ সেৱন কৰা অৱস্থাত উদ্ধাৰ কৰে। অৱশ্যে তেতিয়ালৈ যুৱতীগৰাকীৰ মৃত্যু হয় যদিও অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকগৰাকীক।

সংকটজনক অৱস্থাত যুৱকগৰাকীক লগে লগে এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। যুৱকগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আনহাতে নিহত যুৱতীগৰাকী বি.কমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল বুলি জানিব পৰা গৈছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ