--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দিল্লীস্থিত বাসগৃহৰ বাহিৰত আজি প্ৰতিবাদ সাব্যস্ত কৰে মণিপুৰৰ কিছু জনজাতীয় লোকে। দিল্লীত বসবাস কৰি অহা মণিপুৰৰ কুকি-জোমি-হ্মাৰ-মিজো জনজাতিৰ আছিল প্ৰতিবাদকাৰীসকল।

অশান্তজৰ্জৰ মণিপুৰত অতি সোনকালে শান্তি ঘূৰাই অনাৰ লগতে মণিপুৰৰ জনজাতীয় লোকসকলৰ নিৰাপত্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে জনজাতীয় লোকসকলে।

জনজাতীয় প্ৰতিবাদকাৰীসকলে আজি পুৱা এক সমদল উলিয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ঘৰৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে আৰু তেওঁৰ সৈতে বৈঠকত মিলিত হোৱাৰ দাবী জনায়।

ইয়াৰ পিছতে গৃহমন্ত্ৰী শ্বাহৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হয়। পিছত অৱশ্যে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে জনজাতীয় প্রতিনিধিৰ কিছুসংখ্যক প্রতিনিধিক সাক্ষাৎ কৰে৷

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক তিনি দফীয়া দাবীৰ চনদ দাখিল কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৰাজ্যখনৰ দুটা সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষ আৰু তাৰ পিছতে ভয়াৱহ ৰূপত বৃদ্ধি পোৱা হিংসাত্মক পৰিস্থিতিৰ ফলস্বৰূপে যোৱা ৩ মে’ৰ পৰা মণিপুৰ উত্তপ্ত হৈ পৰিছে।

ৰাজ্যখনত এনে হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১০০ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস