--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দিল্লীস্থিত বাসগৃহৰ বাহিৰত আজি প্ৰতিবাদ সাব্যস্ত কৰে মণিপুৰৰ কিছু জনজাতীয় লোকে। দিল্লীত বসবাস কৰি অহা মণিপুৰৰ কুকি-জোমি-হ্মাৰ-মিজো জনজাতিৰ আছিল প্ৰতিবাদকাৰীসকল।

অশান্তজৰ্জৰ মণিপুৰত অতি সোনকালে শান্তি ঘূৰাই অনাৰ লগতে মণিপুৰৰ জনজাতীয় লোকসকলৰ নিৰাপত্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে জনজাতীয় লোকসকলে।

জনজাতীয় প্ৰতিবাদকাৰীসকলে আজি পুৱা এক সমদল উলিয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ঘৰৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে আৰু তেওঁৰ সৈতে বৈঠকত মিলিত হোৱাৰ দাবী জনায়।

ইয়াৰ পিছতে গৃহমন্ত্ৰী শ্বাহৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হয়। পিছত অৱশ্যে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে জনজাতীয় প্রতিনিধিৰ কিছুসংখ্যক প্রতিনিধিক সাক্ষাৎ কৰে৷

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক তিনি দফীয়া দাবীৰ চনদ দাখিল কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৰাজ্যখনৰ দুটা সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষ আৰু তাৰ পিছতে ভয়াৱহ ৰূপত বৃদ্ধি পোৱা হিংসাত্মক পৰিস্থিতিৰ ফলস্বৰূপে যোৱা ৩ মে’ৰ পৰা মণিপুৰ উত্তপ্ত হৈ পৰিছে।

ৰাজ্যখনত এনে হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১০০ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ