--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত এজন যুৱকে ঘৰত প্ৰৱেশ কৰি প্ৰেমিকাক গুলীচালনা কৰে। ইয়াৰ পিছত তেওঁ নিজকে গুলীয়াই আত্মহত্যা কৰে। বন্দুকৰ গুলীৰ শব্দ শুনি পৰিয়াল আৰু ওচৰৰ মানুহবোৰ দৌৰি আহে। দেখে যে যুৱতীগৰাকী তেজত লুটুৰি-পুতুৰি হৈ পৰি আছিল।

এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষী আৰু ফৰেনছিক দল সেই স্থানত উপস্থিত হয়, তদন্তৰ অন্তত আহত যুৱতীগৰাকীক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৃত যুৱকজনৰ নাম ৰাজন। তেওঁ দেওবন্দ আৰক্ষী থানাৰ ভয়লা গাঁৱৰ বাসিন্দা আছিল। ৰাজনৰ প্ৰেমত পৰিছিল এগৰাকী ছোৱালী, যাৰ নাম শিবানী আৰু তেওঁৰ বয়স ২৪ বছৰ। শিৱানী নগাল থানাৰ তাজপুৰ গাঁৱৰ বাসিন্দা। ৰাজনৰ পেহীয়েক তাজপুৰ গাঁৱত থাকে আৰু ৰাজনে প্ৰায়ে পেহীয়েকৰ ঘৰলৈ গৈছিল। এই সময়ছোৱাত ৰাজনে শিৱানীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে আৰু দুয়োৰে প্ৰেমত পৰিল।

দুয়োৰে মাজৰ প্ৰেমৰ কথা তেওঁলোকৰ পৰিয়ালৰ লোকে জানিবলৈ পালে। দুয়োটা পৰিয়ালে বিয়াত সন্মতি দিলে। দুয়োখন ঘৰতে বিয়াৰ কথা আলোচনা চলি থকাৰ মাজতে কোনো এটা বিষয়ক লৈ ৰাজন আৰু শিৱানীৰ মাজত কাজিয়াৰ সৃষ্টি হয়। ইয়াৰ পাছত শিৱানীয়ে ৰাজনক বিয়া কৰাবলৈ অস্বীকাৰ কৰে।

এই কথা শুনি ৰাজন খঙত পিষ্টল লৈ শিৱানীৰ ঘৰ পালেগৈ। শিৱানী ৰাজনৰ সন্মুখলৈ অহাৰ লগে লগে ৰাজনে পকেটৰ পৰা পিষ্টল এটা উলিয়াই প্ৰেমিকা শিৱানীক গুলীয়ায়। গুলীৰ শব্দ শুনি পৰিয়ালৰ লোক আৰু গাঁৱৰ মানুহ গোট খালে।

গাঁৱৰ মানুহক দেখি ৰাজনে তাৰ পৰা পলাই যাবলৈ ধৰিলে। গাঁৱৰ মানুহে ৰাজনৰ পিছে পিছে দৌৰি গ’ল তেওঁক ধৰিবলৈ। অলপ সময়ৰ ভিতৰতে ৰাজনে এখন পথাৰত উপস্থিত হৈ নিজৰ মূৰত পিষ্টলেৰে গুলীচালনা কৰে। গুলীৰ আঘাতৰ বাবে থিতাতে মৃত্যু হয় ৰাজনৰ। গাঁওবাসীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱতীগৰাকীক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে পথাৰত পৰি থকা যুৱকজনৰ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুয়োৰে পৰিয়ালক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰাথমিক তদন্তত দেখা গৈছে যে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু বিবাহ সন্দৰ্ভত দুয়োৰে মাজত বিবাদ চলি আছিল। বৰ্তমান এই স্থানটো জ্যেষ্ঠ বিষয়াসকলে পৰিদৰ্শন কৰিছে। আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ