--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ছাহাৰনপুৰত এজন যুৱকে ঘৰত প্ৰৱেশ কৰি প্ৰেমিকাক গুলীচালনা কৰে। ইয়াৰ পিছত তেওঁ নিজকে গুলীয়াই আত্মহত্যা কৰে। বন্দুকৰ গুলীৰ শব্দ শুনি পৰিয়াল আৰু ওচৰৰ মানুহবোৰ দৌৰি আহে। দেখে যে যুৱতীগৰাকী তেজত লুটুৰি-পুতুৰি হৈ পৰি আছিল।

এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষী আৰু ফৰেনছিক দল সেই স্থানত উপস্থিত হয়, তদন্তৰ অন্তত আহত যুৱতীগৰাকীক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৃত যুৱকজনৰ নাম ৰাজন। তেওঁ দেওবন্দ আৰক্ষী থানাৰ ভয়লা গাঁৱৰ বাসিন্দা আছিল। ৰাজনৰ প্ৰেমত পৰিছিল এগৰাকী ছোৱালী, যাৰ নাম শিবানী আৰু তেওঁৰ বয়স ২৪ বছৰ। শিৱানী নগাল থানাৰ তাজপুৰ গাঁৱৰ বাসিন্দা। ৰাজনৰ পেহীয়েক তাজপুৰ গাঁৱত থাকে আৰু ৰাজনে প্ৰায়ে পেহীয়েকৰ ঘৰলৈ গৈছিল। এই সময়ছোৱাত ৰাজনে শিৱানীৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে আৰু দুয়োৰে প্ৰেমত পৰিল।

দুয়োৰে মাজৰ প্ৰেমৰ কথা তেওঁলোকৰ পৰিয়ালৰ লোকে জানিবলৈ পালে। দুয়োটা পৰিয়ালে বিয়াত সন্মতি দিলে। দুয়োখন ঘৰতে বিয়াৰ কথা আলোচনা চলি থকাৰ মাজতে কোনো এটা বিষয়ক লৈ ৰাজন আৰু শিৱানীৰ মাজত কাজিয়াৰ সৃষ্টি হয়। ইয়াৰ পাছত শিৱানীয়ে ৰাজনক বিয়া কৰাবলৈ অস্বীকাৰ কৰে।

এই কথা শুনি ৰাজন খঙত পিষ্টল লৈ শিৱানীৰ ঘৰ পালেগৈ। শিৱানী ৰাজনৰ সন্মুখলৈ অহাৰ লগে লগে ৰাজনে পকেটৰ পৰা পিষ্টল এটা উলিয়াই প্ৰেমিকা শিৱানীক গুলীয়ায়। গুলীৰ শব্দ শুনি পৰিয়ালৰ লোক আৰু গাঁৱৰ মানুহ গোট খালে।

গাঁৱৰ মানুহক দেখি ৰাজনে তাৰ পৰা পলাই যাবলৈ ধৰিলে। গাঁৱৰ মানুহে ৰাজনৰ পিছে পিছে দৌৰি গ’ল তেওঁক ধৰিবলৈ। অলপ সময়ৰ ভিতৰতে ৰাজনে এখন পথাৰত উপস্থিত হৈ নিজৰ মূৰত পিষ্টলেৰে গুলীচালনা কৰে। গুলীৰ আঘাতৰ বাবে থিতাতে মৃত্যু হয় ৰাজনৰ। গাঁওবাসীয়ে লগে লগে আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত উপস্থিত হৈ আহত যুৱতীগৰাকীক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে পথাৰত পৰি থকা যুৱকজনৰ মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুয়োৰে পৰিয়ালক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰাথমিক তদন্তত দেখা গৈছে যে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু বিবাহ সন্দৰ্ভত দুয়োৰে মাজত বিবাদ চলি আছিল। বৰ্তমান এই স্থানটো জ্যেষ্ঠ বিষয়াসকলে পৰিদৰ্শন কৰিছে। আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু