--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি কৰিবলৈ এই কেইপদ সামগ্ৰী ঘৰত ৰাখিব পাৰে। ফেংছুইৰ বিধান অনুসৰি এবিধ বিশেষ ধৰণৰ মাছ ঘৰত নিৰ্দিষ্ট স্থানত ৰাখিও সুখ-সমৃদ্ধি তথা ধন সম্পত্তি বৃদ্ধি কৰিব পাৰি। এই মাছবিধ হৈছে এৰোৱানা মাছ। এই মাছবিধক ড্রেগন মাছ বুলিও বহুতে কয়। চীনৰ লোকসকলে ড্ৰেগনক পৱিত্ৰতাৰ প্ৰতীক হিচেপে গণ্য কৰি আহিছে। একেদৰে ড্ৰেগন মাছকো সৌভাগ্য আৰু পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। 

এৰোৱানা অর্থাৎ ড্রেগন মাছৰ ছবি, মূর্তি অথবা সম্ভৱ হ'লে জীবন্ত মাছ একুৱাৰিয়ামত ৰাখি ঘৰৰ ভিতৰত থ'ব পাৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি। এবোৱানা মাছ নটা একুৱাৰিয়ামৰ ভিতৰত ৰাখিব লাগে। যদি জীৱন্ত মাছ পোৱা নাযায় তেন্তে ৯টা মাছৰ ছবি অথবা ৯টা মূৰ্তি কাম কৰা মেজত ৰাখিলে অতি শুভ ফলাফল লাভ কৰিব পাৰি।

আজিকালি বহু মানুহেই নিজা গাড়ী ব্যৱহাৰ কৰে। গাড়ীত যদি চীনা মুদ্ৰা ওলোমাই ৰখা হয় তেন্তে যথেষ্ট সুফল পোৱা যায়। গাড়ীত চীনা মুদ্রা ওলোমাই ৰাখিলে যি কামৰ বাবেই যাত্ৰা কৰা নহওক কিয়, সেই কাম সিদ্ধি হয়। গাড়ীত সদায় ছটা চীনা মুদ্ৰা ওলোমাই ৰাখিব লাগে ।অতি উত্তম ফলাফল লাভ কৰাৰ বাবে আপুনি আপোনাৰ অতি প্রয়োজনীয় ফাইলসমূহৰ ওপৰত তিনিটা চীনা মুদ্ৰা আঠাৰে লগাই ৰাখিব পাৰে। এনে কৰিলে কামবোৰ অতি দ্রুতগতিত সম্পন্ন হ'ব আৰু সৌভাগ্য বৃদ্ধি পাব । 

বহুতে টেলিফোনতো তিনিটা চীনা মুদ্ৰা লগাই থয়। চীনা মুদ্ৰা লগাই থোৱা টেলিফোনত হোৱা কথা বতৰাসমূহ শুভ ফলদায়ক হৈ উঠে। কিছুমানে আকৌ ঘৰৰ দুৱাৰৰ কাষত ৰখা কার্পেটৰ তলতো চীনা মুদ্ৰা ৰাখে সৰু কাৰ্পেটখনৰ তলত ৰাখিবলগীয়া চীনা মুদ্ৰাৰ সংখ্যা হৈছে ৯টা। এনেদৰে চীনা মুদ্ৰা সঠিক স্থানত ওলোমাই ৰাখিব পাৰিলে সৌভাগ্য তথা ধন-সম্পত্তি বৃদ্ধি হয় বুলি ফেংছুইয়ে কয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ