--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি কৰিবলৈ এই কেইপদ সামগ্ৰী ঘৰত ৰাখিব পাৰে। ফেংছুইৰ বিধান অনুসৰি এবিধ বিশেষ ধৰণৰ মাছ ঘৰত নিৰ্দিষ্ট স্থানত ৰাখিও সুখ-সমৃদ্ধি তথা ধন সম্পত্তি বৃদ্ধি কৰিব পাৰি। এই মাছবিধ হৈছে এৰোৱানা মাছ। এই মাছবিধক ড্রেগন মাছ বুলিও বহুতে কয়। চীনৰ লোকসকলে ড্ৰেগনক পৱিত্ৰতাৰ প্ৰতীক হিচেপে গণ্য কৰি আহিছে। একেদৰে ড্ৰেগন মাছকো সৌভাগ্য আৰু পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। 

এৰোৱানা অর্থাৎ ড্রেগন মাছৰ ছবি, মূর্তি অথবা সম্ভৱ হ'লে জীবন্ত মাছ একুৱাৰিয়ামত ৰাখি ঘৰৰ ভিতৰত থ'ব পাৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি। এবোৱানা মাছ নটা একুৱাৰিয়ামৰ ভিতৰত ৰাখিব লাগে। যদি জীৱন্ত মাছ পোৱা নাযায় তেন্তে ৯টা মাছৰ ছবি অথবা ৯টা মূৰ্তি কাম কৰা মেজত ৰাখিলে অতি শুভ ফলাফল লাভ কৰিব পাৰি।

আজিকালি বহু মানুহেই নিজা গাড়ী ব্যৱহাৰ কৰে। গাড়ীত যদি চীনা মুদ্ৰা ওলোমাই ৰখা হয় তেন্তে যথেষ্ট সুফল পোৱা যায়। গাড়ীত চীনা মুদ্রা ওলোমাই ৰাখিলে যি কামৰ বাবেই যাত্ৰা কৰা নহওক কিয়, সেই কাম সিদ্ধি হয়। গাড়ীত সদায় ছটা চীনা মুদ্ৰা ওলোমাই ৰাখিব লাগে ।অতি উত্তম ফলাফল লাভ কৰাৰ বাবে আপুনি আপোনাৰ অতি প্রয়োজনীয় ফাইলসমূহৰ ওপৰত তিনিটা চীনা মুদ্ৰা আঠাৰে লগাই ৰাখিব পাৰে। এনে কৰিলে কামবোৰ অতি দ্রুতগতিত সম্পন্ন হ'ব আৰু সৌভাগ্য বৃদ্ধি পাব । 

বহুতে টেলিফোনতো তিনিটা চীনা মুদ্ৰা লগাই থয়। চীনা মুদ্ৰা লগাই থোৱা টেলিফোনত হোৱা কথা বতৰাসমূহ শুভ ফলদায়ক হৈ উঠে। কিছুমানে আকৌ ঘৰৰ দুৱাৰৰ কাষত ৰখা কার্পেটৰ তলতো চীনা মুদ্ৰা ৰাখে সৰু কাৰ্পেটখনৰ তলত ৰাখিবলগীয়া চীনা মুদ্ৰাৰ সংখ্যা হৈছে ৯টা। এনেদৰে চীনা মুদ্ৰা সঠিক স্থানত ওলোমাই ৰাখিব পাৰিলে সৌভাগ্য তথা ধন-সম্পত্তি বৃদ্ধি হয় বুলি ফেংছুইয়ে কয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু