--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এখন সুন্দৰ ৰূপত সজাই তুলিবলৈ বাস্তুই নানান উপায়  দিছে। ঘৰত কমেও তিনিটা কোঠা থকাটো ভাল ঘৰত থকা কোঠাৰ সংখ্যা সদায় অযুগ্ম হ'ব লাগে। ঘৰ নিৰ্মাণৰ পূৰ্বে ভূমি পূজনৰ পিছত নিৰ্মাণৰ কামত হাত দিব লাগে। এই ক্ষেত্ৰত ভূমি খননৰ কেতবোৰ নিয়ম বাস্তুশাস্ত্রই বান্ধি দিছে। বাস্তুশাস্ত্র অনুসৰি ঘৰ নিৰ্মাণৰ বাবে প্ৰথমে ভূমিৰ উত্তৰ পূব অংশত খনন কৰিব লাগে। তাৰ পিছত উত্তৰ-পশ্চিম, দক্ষিণ-পূব আৰু শেষত দক্ষিণ-পশ্চিম অংশ খনন কৰিব লাগে। 

ঘৰ এটা নিৰ্মাণ কৰা সময়ত সদায় দক্ষিণ-পূব অংশৰ পৰা ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিলে ভাল। ঘৰৰ পূব আৰু উত্তৰ দিশে যাতে কিছু খোলা ঠাই থাকে, সেই কথাৰ প্ৰতি মন দিব লাগে। ভূমিক আৱৰি ৰাখিবলৈ চাৰিওদিশে দেৱাল দিব লাগে। সেই দেৱালৰ উচ্চতা ঘৰৰ উচ্চতাৰ সৈতে সামঞ্জস্য ৰাখি কৰিব লাগে। ঘৰৰ দেৱাল দিয়াৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নিয়ম মানি চলিব লাগে। বিশেষকৈ পশ্চিম দিশৰ দেৱাল পূব দিশৰ দেৱালতকৈ ওখ হ'ব লাগে। দেৱালত থকা প্ৰৱেশ দুৱাৰ নিৰ্মাণৰ ক্ষেত্ৰতো বাস্তু শাস্ত্ৰই কেতবোৰ নিয়ম বান্ধি দিছে। মাটি যদি পূবমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিব লাগে উত্তৰ-পূব দিশৰ পূব পিনে। 

মাটি যদি পশ্চিমমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ উত্তৰ-পশ্চিম দিশৰ  পশ্চিম পিনে সাজিব লাগে। মাটি ত যদি দক্ষিণমুৱা হয় তেন্তে সীমাৰ দেৱালৰ দুৱাৰ দক্ষিণ-পূব দিশৰ দক্ষিণ পিনে সাজিব লাগে। কেতিয়াও সীমাৰ দেৱাল দক্ষিণ-পূবৰ পূব দিশ, দক্ষিণ পশ্চিমৰ পশ্চিম দিশ, উত্তৰ-পশ্চিমৰ উত্তৰ দিশ আৰু দক্ষিণ দিশে প্রৱেশ দুৱাৰ নিৰ্মাণ কৰিব নালাগে। এনেবোৰ দিশত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহকন্দল অনবৰতে চলি থাকিব। মাটি এডোখৰৰ মধ্যস্থলক ব্ৰহ্মস্থল বুলি কোৱা হয়। এই ব্ৰহ্মস্থল সদায় সুৰক্ষিত কৰি ৰাখিব লাগে। ব্ৰহ্মস্থলত কোনো ওজনযুক্ত বন্ধ ৰাখিব নালাগে। তদুপৰি ব্ৰহ্মস্থলত কোনোধৰণৰ দেৱাল, স্তম্ভ আদি সাজিব নালাগে। ঘৰৰ বাৰাণ্ডা আদি নিৰ্মাণৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব অধিক। ঘৰৰ বাৰাণ্ডা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সদায় উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে