--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি কেতিয়াবা ভাবিছেনে যে ঘৰত বহি বহি বিৰক্ত হ’লে কি কৰিব পাৰি? হয়তো আপুনি টিভি চাব বিচাৰিব বা ক’ৰবাত আড্ডা মাৰিবলৈ মন কৰিব, কিন্তু আপুনি কেতিয়াবা ভাবিব পাৰিবনে যে আজি পুলিচৰ ভেশ ধৰি মানুহক লুটপাত কৰি অলপ মজাকে কৰো। আমেৰিকাৰ এজন ব্যক্তি এনেধৰণৰ কাম কৰি জেলৰ আলহী হৈছে। আমেৰিকাৰ ফ্ল’ৰিডাৰ এজন লোকে তেওঁৰ দুটা চুৰিৰ আঁৰৰ কাৰণ প্ৰকাশ কৰি আৰক্ষীসকলক হতবাক কৰি তুলিছে।

দুটা ডকাইতি আৰু চুৰিৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ফ্ল’ৰিডাৰ লোকজনে নিজৰ এই কাৰ্যৰ বিষয়ে আৰক্ষীবিষয়াসকলক খুলি কয়। তেওঁ প্ৰকাশ কৰে যে তেওঁ ঘৰত বহি বিৰক্ত হোৱাৰ বাবেই এই অপৰাধসমূহ সংঘটিত কৰিছিল। ইয়াৰ বাবেই তেওঁ চুৰি কৰাৰ সিদ্ধান্ত ল’লে। ৪৫ বছৰীয়া এই লোকজনৰ নাম নিকোলাছ জাপাটাৰ-লামাড্ৰিড। তেওঁ দুদিনৰ ভিতৰত অৰলেণ্ডো টি ডি বেংক আৰু চাৰ্কল কে গেছ ষ্টেচনত লুটপাত কৰে। দুয়োটা ডকাইতিৰ ঘটনাত অভিযুক্তই ক’লা টুপী পিন্ধি থকা দেখা গৈছে, য’ত পুলিচ বুলি লিখা আছিল। কেৱল এয়াই নহয়, ডকাইতিৰ সময়ত তেওঁ পিন্ধিছিল এযোৰ ছানগ্লাছ।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি চলিত মাহৰ আৰম্ভণিতে ৫ ডিচেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত এই ঘটনা সংঘটিত হয়। টিডি বেংকত লুটি নিয়াৰ পিছত চোৰটোৱে খোজকাঢ়ি পলায়ন কৰে। একে সময়তে দুদিন পিছত অৰ্থাৎ ৭ ডিচেম্বৰত সন্ধিয়া প্ৰায় ৭ বজাত দ্বিতীয়টো অপৰাধ সংঘটিত কৰে। চাউথ ফাৰ্ণ ক্ৰিক এভিনিউৰ ২৭০০ ব্লকৰ চাৰ্কলৰ এটা গেছ ষ্টেচনলৈ গৈ দোকানীজনৰ হাতত এটা পৃষ্ঠা দিলে, য'ত লিখা আছিল, "মোক সকলো টকা দিয়ক।" 

আৰক্ষীৰ মতে, ডকাইতিৰ সময়ত নিকোলাছ জাপাটাৰ-লামাড্ৰিডৰ হাত পকেটত আছিল, ইয়াৰ পৰা বুজা যায় যে তেওঁৰ হাততো অস্ত্ৰ আছিল। শেষত ঘটনাটোৰ তদন্ত কৰি আৰক্ষীয়ে চুৰ ধৰিবলৈ সক্ষম হয়। চোৰে আৰক্ষীক কয় যে- তেওঁ প্ৰকৃততে চোৰ নহয়, ঘৰত বহি বহি আমনি লগা বাবেহে তেওঁ চুৰিকাণ্ড সংঘটিত কৰে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ