--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি কেতিয়াবা ভাবিছেনে যে ঘৰত বহি বহি বিৰক্ত হ’লে কি কৰিব পাৰি? হয়তো আপুনি টিভি চাব বিচাৰিব বা ক’ৰবাত আড্ডা মাৰিবলৈ মন কৰিব, কিন্তু আপুনি কেতিয়াবা ভাবিব পাৰিবনে যে আজি পুলিচৰ ভেশ ধৰি মানুহক লুটপাত কৰি অলপ মজাকে কৰো। আমেৰিকাৰ এজন ব্যক্তি এনেধৰণৰ কাম কৰি জেলৰ আলহী হৈছে। আমেৰিকাৰ ফ্ল’ৰিডাৰ এজন লোকে তেওঁৰ দুটা চুৰিৰ আঁৰৰ কাৰণ প্ৰকাশ কৰি আৰক্ষীসকলক হতবাক কৰি তুলিছে।

দুটা ডকাইতি আৰু চুৰিৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ফ্ল’ৰিডাৰ লোকজনে নিজৰ এই কাৰ্যৰ বিষয়ে আৰক্ষীবিষয়াসকলক খুলি কয়। তেওঁ প্ৰকাশ কৰে যে তেওঁ ঘৰত বহি বিৰক্ত হোৱাৰ বাবেই এই অপৰাধসমূহ সংঘটিত কৰিছিল। ইয়াৰ বাবেই তেওঁ চুৰি কৰাৰ সিদ্ধান্ত ল’লে। ৪৫ বছৰীয়া এই লোকজনৰ নাম নিকোলাছ জাপাটাৰ-লামাড্ৰিড। তেওঁ দুদিনৰ ভিতৰত অৰলেণ্ডো টি ডি বেংক আৰু চাৰ্কল কে গেছ ষ্টেচনত লুটপাত কৰে। দুয়োটা ডকাইতিৰ ঘটনাত অভিযুক্তই ক’লা টুপী পিন্ধি থকা দেখা গৈছে, য’ত পুলিচ বুলি লিখা আছিল। কেৱল এয়াই নহয়, ডকাইতিৰ সময়ত তেওঁ পিন্ধিছিল এযোৰ ছানগ্লাছ।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি চলিত মাহৰ আৰম্ভণিতে ৫ ডিচেম্বৰৰ পুৱা প্ৰায় ৯:৩০ বজাত এই ঘটনা সংঘটিত হয়। টিডি বেংকত লুটি নিয়াৰ পিছত চোৰটোৱে খোজকাঢ়ি পলায়ন কৰে। একে সময়তে দুদিন পিছত অৰ্থাৎ ৭ ডিচেম্বৰত সন্ধিয়া প্ৰায় ৭ বজাত দ্বিতীয়টো অপৰাধ সংঘটিত কৰে। চাউথ ফাৰ্ণ ক্ৰিক এভিনিউৰ ২৭০০ ব্লকৰ চাৰ্কলৰ এটা গেছ ষ্টেচনলৈ গৈ দোকানীজনৰ হাতত এটা পৃষ্ঠা দিলে, য'ত লিখা আছিল, "মোক সকলো টকা দিয়ক।" 

আৰক্ষীৰ মতে, ডকাইতিৰ সময়ত নিকোলাছ জাপাটাৰ-লামাড্ৰিডৰ হাত পকেটত আছিল, ইয়াৰ পৰা বুজা যায় যে তেওঁৰ হাততো অস্ত্ৰ আছিল। শেষত ঘটনাটোৰ তদন্ত কৰি আৰক্ষীয়ে চুৰ ধৰিবলৈ সক্ষম হয়। চোৰে আৰক্ষীক কয় যে- তেওঁ প্ৰকৃততে চোৰ নহয়, ঘৰত বহি বহি আমনি লগা বাবেহে তেওঁ চুৰিকাণ্ড সংঘটিত কৰে। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ