--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃত প্ৰেমৰ বহু উদাহৰণ আমাৰ সমাজত দেখিবলৈ পোৱা যায়। এজন ব্যক্তিয়ে প্ৰেমৰ বাবে যিকোনো পৰিসৰলৈ যাব পাৰে। তেনে এটা কাহিনী চৰ্চালৈ আহিছে য’ত এগৰাকী মহিলাই নিজৰ অসুস্থ স্বামীৰ বাবে যুঁজি আছে। এই মহিলাগৰাকীয়ে তেওঁৰ ঔষধৰ বাবে ধন সংগ্ৰহ কৰিবলৈ নামি পৰিছে জীৱন যুদ্ধত। মহিলাগৰাকীয়ে সন্তানৰ সৈতে বিক্ৰী কৰি আছে মোমো ।
I will wait for him to wake up': young wife of Chinese man in a coma shows  undying love for husband by selling dumplings to meet medical costs | South  China Morning
এই ঘটনা চীনৰ এখন চহৰৰ। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মহিলাগৰাকীৰ নাম নি। ২০১৬ চনত বিবাহপাশত আবদ্ধ হোৱা মহিলাগৰাকীৰ দুটা সন্তান আছে। ৩ মাহ পূৰ্বে তেওঁৰ স্বামীৰ গাড়ী দুৰ্ঘটনা হৈছিল, তাৰ পিছত তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত তেওঁ ক’মাত আছে। মহিলাগৰাকীয়ে তেওঁৰ চিকিৎসাৰ বাবে নিজৰ ঘৰ বিক্ৰী কৰিছিল যদিও চিকিৎসা সম্পূৰ্ণ নহ’ল।

মহিলাগৰাকীয়ে বৰ্তমান হাস্পতালৰ বাহিৰত মোমো বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। স্বামীৰ বাবে তিনিটা অপাৰেচন কৰা হৈছে আৰু ইয়াত বহু টকা খৰচ হৈছে। তেওঁ নিজৰ দোকানৰ পৰা টকা উপাৰ্জন কৰি ঘৰখন চলায়। শেহতীয়াকৈ তেওঁৰ কাহিনী ভাইৰেল হৈছে। মহিলাগৰাকীয়ে কয় যে যিমানেই অসুবিধা নহওক কিয় মই মোৰ পৰিয়ালটোৰ কাৰণে সকলো কৰিম। মই তেওঁলোকক বহুত ভাল পাওঁ। কঠোৰ পৰিশ্ৰম কৰি মই তেওঁলোকক ৰক্ষা কৰিম।

মহিলাগৰাকীয়ে কয় যে ''মই তেওঁৰ উভতি অহা বাবে অপেক্ষা কৰি আছো। এবছৰ, দুবছৰ, তিনি বছৰ বা বহু বছৰ অপেক্ষা কৰিব লাগিব, মই কৰি যাম।'' উল্লেখ্য যে মহিলাগৰাকীৰ স্বামীৰ অৱস্থা ইতিমধ্যে উন্নত হৈছে। চিকিৎসকে অতি সোনকালে ক’মাৰ পৰা ওলাই অহাৰ আশা প্ৰকাশ কৰিছে। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এই মহিলাগৰাকীক নেটিজেনসকলে উচ্চ প্ৰশংসা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান