--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পীয়ূষ প্ৰিতম মছৰং মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতাত চেম্পিয়ন হৈছে। ২৪ আৰু ২৫  জুনত দুনীয়াকৈ  অনুষ্ঠিত মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতাত এই সন্মান লাভ কৰে  ১৫ বছৰীয়া দবাৰুগৰাকীয়ে ।  প্ৰতিযোগিতাৰ চূড়ান্ত তথা অন্তিম ৰাউণ্ডৰ খেলত মছৰঙে  জিলা খনৰ প্ৰাক্তন চেম্পিয়ন গোপাল বিশ্বাসক পৰাজিত কৰে । 

আনহাতে প্ৰতিযোগিতাৰ দ্বিতীয় , তৃতীয় আৰু চতুৰ্থ স্হান লাভ কৰে ক্ৰমে ৰিপন সৰকাৰ (৫ পইণ্ট) , উত্তম কুমাৰ বিশ্বাস ( ৫ পইণ্ট ) আৰু গোপাল বিশ্বাসে  (৪.৫ পইণ্ট )  । চেম্পিয়ন পীয়ূষে লাভ কৰে ৬ খনত ৫.৫পইণ্ট । মৰিগাঁও জিলা দবা সন্হাৰ উদ্যোগত মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়তঅনুষ্ঠিত  হয় প্ৰতিযোগিতা খন । 

দবা সন্হাৰ সভাপতি ড০ বিৰিঞ্চি কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিযোগিতা খনৰ  বঁটা বিতৰণী সভাত উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অৰুণ নাথ আৰু বিদ্যালয় খনৰ অধ্যক্ষ ৰ্নিমল চন্দ্ৰ নাথসহ  গণ্যমান্য ব্যক্তিসকল। উল্লেখ্য যে স্হান প্ৰাপ্ত দবাৰু কেইগৰাকীয়ে পশ্চিম কাৰ্বিআংলঙত অনুষ্ঠিত হ'বলগীয়া  ৪৬ সংখ্যক সদৌ অসম আন্ত:জিলা মুকলি দবা প্ৰতিযোগিতাত মৰিগাঁও জিলাক প্ৰতিনিধিত্ব কৰিব ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহে ৭ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব; এই ৩ ৰাশিৰ লোক ৪০ দিনলৈ সাৱধান হ’ব লাগিব
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক