--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পীয়ূষ প্ৰিতম মছৰং মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতাত চেম্পিয়ন হৈছে। ২৪ আৰু ২৫  জুনত দুনীয়াকৈ  অনুষ্ঠিত মৰিগাঁও জিলা মুকলি দবা প্ৰতিযোগিতাত এই সন্মান লাভ কৰে  ১৫ বছৰীয়া দবাৰুগৰাকীয়ে ।  প্ৰতিযোগিতাৰ চূড়ান্ত তথা অন্তিম ৰাউণ্ডৰ খেলত মছৰঙে  জিলা খনৰ প্ৰাক্তন চেম্পিয়ন গোপাল বিশ্বাসক পৰাজিত কৰে । 

আনহাতে প্ৰতিযোগিতাৰ দ্বিতীয় , তৃতীয় আৰু চতুৰ্থ স্হান লাভ কৰে ক্ৰমে ৰিপন সৰকাৰ (৫ পইণ্ট) , উত্তম কুমাৰ বিশ্বাস ( ৫ পইণ্ট ) আৰু গোপাল বিশ্বাসে  (৪.৫ পইণ্ট )  । চেম্পিয়ন পীয়ূষে লাভ কৰে ৬ খনত ৫.৫পইণ্ট । মৰিগাঁও জিলা দবা সন্হাৰ উদ্যোগত মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়তঅনুষ্ঠিত  হয় প্ৰতিযোগিতা খন । 

দবা সন্হাৰ সভাপতি ড০ বিৰিঞ্চি কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিযোগিতা খনৰ  বঁটা বিতৰণী সভাত উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অৰুণ নাথ আৰু বিদ্যালয় খনৰ অধ্যক্ষ ৰ্নিমল চন্দ্ৰ নাথসহ  গণ্যমান্য ব্যক্তিসকল। উল্লেখ্য যে স্হান প্ৰাপ্ত দবাৰু কেইগৰাকীয়ে পশ্চিম কাৰ্বিআংলঙত অনুষ্ঠিত হ'বলগীয়া  ৪৬ সংখ্যক সদৌ অসম আন্ত:জিলা মুকলি দবা প্ৰতিযোগিতাত মৰিগাঁও জিলাক প্ৰতিনিধিত্ব কৰিব ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ