--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিল-আৰ্জেণ্টিনা বিশ্বকাপৰ কোৱালিফায়াৰ হাই ভল্টেজ মেচ। ব্ৰাজিলৰ মাৰাকানা ষ্টেডিয়ামত আৰ্জেণ্টিনাৰ অনুৰাগী আৰু আৰক্ষীৰ মাজত হোৱা কাজিয়াৰ বাবে ৩০ মিনিটৰ বাবে খেলখন বন্ধ হৈ পৰে। সেই ঘটনাক লৈ বৰ খং উঠিছে লিয়নেল মেছিৰ। খেলৰ পিছত তেওঁ ব্ৰাজিলৰ আৰক্ষীক দোষাৰোপ কৰে। কয় যে আৰ্জেণ্টিনাৰ সমৰ্থকসকলে ব্ৰাজিললৈ গৈ কেনেদৰে হাৰাশাস্তিৰ সন্মুখিন হয় তাৰ আন এটা উদাহৰণ দেখা গ’ল।

মেচখনৰ অন্তত মেছিয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘মাৰাকানাত এই জয় মোৰ এক ডাঙৰ জয় আছিল। কিন্তু এই মেচখন ব্ৰাজিলত আৰ্জেণ্টিনাৰ অনুৰাগীসকলে মাৰ খোৱাটো মনত ৰখা হ’ব। ইয়াক কোনো ধৰণে গ্ৰহণ কৰিব নোৱাৰি। এই সকলোবোৰ এতিয়া বন্ধ কৰিব লাগিব।"

মেচ আৰম্ভ হোৱাৰ পূর্বে দলটোৰ সৈতে পুনৰ ড্ৰেছিং ৰুমলৈ যায় মেছিয়ে। সেই সিদ্ধান্তৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয়, ‘আমি দেখিলোঁ যে আৰক্ষীয়ে আমাৰ সমৰ্থকক কেনেকৈ প্ৰহাৰ কৰিছিল। আগতেও কোপা লিবাৰটাড’ৰেছ (লেটিন আমেৰিকান ক্লাব প্ৰতিযোগিতা)তো একেই কথা দেখিছো। ড্ৰেছিং ৰুমলৈ উভতি যোৱাটোৱেই আছিল সঠিক সিদ্ধান্ত। নহ’লে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ ঘূৰি যাব পাৰিলেহেঁতেন আৰু কিবা এটা অতি বেয়া হ’লহেঁতেন।”

মেছিয়ে লগতে কয়, ‘মই মোৰ পৰিয়ালৰ কথা, তাত থকা সমৰ্থকৰ পৰিয়ালৰ কথা ভাবিব লগা হৈছিল। তাত কি চলি আছে আমি বুজি পোৱা নাছিলো। কিন্তু মেচ খেলাৰ সলনি প্ৰথমে সেই ঘটনাটো চাব লাগিছিল। আমি তেতিয়া মেচখনৰ কথা ভবা নাছিলো। কিন্তু এই মেচত জয়ী হোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। এই দলটোক লৈ মই গৌৰৱান্বিত।”

উল্লেখ্য যে বিশ্বকাপৰ অৰ্হতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত পৰাস্ত হয় ব্ৰাজিল। ২০০৯ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে কোৱালিফাইং ৰাউণ্ডত গ’ল দিবলৈ ব্যৰ্থ হৈছে। একেৰাহে তিনিখন মেচত পৰাস্ত হোৱাৰ পিছত পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ নামি পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক