--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিল-আৰ্জেণ্টিনা বিশ্বকাপৰ কোৱালিফায়াৰ হাই ভল্টেজ মেচ। ব্ৰাজিলৰ মাৰাকানা ষ্টেডিয়ামত আৰ্জেণ্টিনাৰ অনুৰাগী আৰু আৰক্ষীৰ মাজত হোৱা কাজিয়াৰ বাবে ৩০ মিনিটৰ বাবে খেলখন বন্ধ হৈ পৰে। সেই ঘটনাক লৈ বৰ খং উঠিছে লিয়নেল মেছিৰ। খেলৰ পিছত তেওঁ ব্ৰাজিলৰ আৰক্ষীক দোষাৰোপ কৰে। কয় যে আৰ্জেণ্টিনাৰ সমৰ্থকসকলে ব্ৰাজিললৈ গৈ কেনেদৰে হাৰাশাস্তিৰ সন্মুখিন হয় তাৰ আন এটা উদাহৰণ দেখা গ’ল।

মেচখনৰ অন্তত মেছিয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘মাৰাকানাত এই জয় মোৰ এক ডাঙৰ জয় আছিল। কিন্তু এই মেচখন ব্ৰাজিলত আৰ্জেণ্টিনাৰ অনুৰাগীসকলে মাৰ খোৱাটো মনত ৰখা হ’ব। ইয়াক কোনো ধৰণে গ্ৰহণ কৰিব নোৱাৰি। এই সকলোবোৰ এতিয়া বন্ধ কৰিব লাগিব।"

মেচ আৰম্ভ হোৱাৰ পূর্বে দলটোৰ সৈতে পুনৰ ড্ৰেছিং ৰুমলৈ যায় মেছিয়ে। সেই সিদ্ধান্তৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয়, ‘আমি দেখিলোঁ যে আৰক্ষীয়ে আমাৰ সমৰ্থকক কেনেকৈ প্ৰহাৰ কৰিছিল। আগতেও কোপা লিবাৰটাড’ৰেছ (লেটিন আমেৰিকান ক্লাব প্ৰতিযোগিতা)তো একেই কথা দেখিছো। ড্ৰেছিং ৰুমলৈ উভতি যোৱাটোৱেই আছিল সঠিক সিদ্ধান্ত। নহ’লে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ ঘূৰি যাব পাৰিলেহেঁতেন আৰু কিবা এটা অতি বেয়া হ’লহেঁতেন।”

মেছিয়ে লগতে কয়, ‘মই মোৰ পৰিয়ালৰ কথা, তাত থকা সমৰ্থকৰ পৰিয়ালৰ কথা ভাবিব লগা হৈছিল। তাত কি চলি আছে আমি বুজি পোৱা নাছিলো। কিন্তু মেচ খেলাৰ সলনি প্ৰথমে সেই ঘটনাটো চাব লাগিছিল। আমি তেতিয়া মেচখনৰ কথা ভবা নাছিলো। কিন্তু এই মেচত জয়ী হোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। এই দলটোক লৈ মই গৌৰৱান্বিত।”

উল্লেখ্য যে বিশ্বকাপৰ অৰ্হতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ঘৰুৱা মাটিত পৰাস্ত হয় ব্ৰাজিল। ২০০৯ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে কোৱালিফাইং ৰাউণ্ডত গ’ল দিবলৈ ব্যৰ্থ হৈছে। একেৰাহে তিনিখন মেচত পৰাস্ত হোৱাৰ পিছত পইণ্ট তালিকাৰ ষষ্ঠ স্থানলৈ নামি পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক