--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ১৮ বছৰ ধৰি শুই আছে এজন ৰাজকুমাৰ। যেন কিহবালৈ অপেক্ষাতহে আছে! তেওঁক জগাবলৈ কোটি কোটি টকা খৰচ হৈছে। কিন্তু কোনো লাভ হোৱা নাই৷

আল ৱালিদ বিন খালিদ বিন তালাল আল ছাউদ। তেওঁক ‘ঘুমন্ত ৰাজপুত্ৰ’ (Sleeping Prince) নামেৰে বিশ্ববাসীৰ মাজত জনাজাত। ক’মাত থকাৰ বাবে বিগত ১৮ বছৰে তেওঁ বিচনাত পৰি আছে।

কিন্তু কিয় ১৮ বছৰ বিচনাত পৰি কটাইছে তেওঁ? কিয় ক’মাত পৰিল?

২০০৫ চনত ৱালিদে ১৮ বছৰ বয়সত ৰিয়াদত পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মগজুৰ আঘাতৰ বাবে ক’মাত সোমাই পৰা বুলি চিকিৎসকে জানিবলৈ দিয়ে। তেতিয়াৰ পৰা তেওঁৰ ১৮ বছৰীয়া দীঘলীয়া সংগ্ৰাম এতিয়াও চলি আছে।

ৰাজকুমাৰ ৱালিদ ছৌদি ৰাজকীয় পৰিয়ালৰ সদস্য খালিদ বিন তালাল আল ছৌদৰ পুত্ৰ আৰু ছৌদি কোটিপতি ব্যৱসায়ী আলৱালিদ বিন তালালৰ ভতিজা।

২০০৫ চনৰ পৰা ৱালিদৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই। যদিও চিকিৎসকে ৱালিদক স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ সকলো আশা ত্যাগ কৰিছে, তথাপিও তেওঁৰ পিতৃ খালিদে আশা কৰিছে যে তেওঁৰ পুত্ৰই এদিন সম্পূৰ্ণ সুস্থ হৈ উঠিব।

খালিদে এবাৰ কৈছিল, “ডাক্তৰে মোক কৈছিল যে মোৰ ল’ৰাৰ লাইফ চাপৰ্ট বন্ধ কৰক। মই ক’লো, মোৰ ল’ৰাটো দুৰ্ঘটনাত মৃত্যু হ’লে মই কবৰ দিম। কিন্তু মোৰ ল'ৰাটোৱে উশাহ লোৱালৈকে চিকিৎসা অব্যাহত ৰাখিম।''

খালিদে ভাবে যে এদিন ‘অলৌকিক’ হ’ব আৰু তেওঁৰ পুত্ৰ ক’মাৰ পৰা সুস্থ হৈ উঠিব। ১৫ বছৰ ক’মাত থকাৰ পাছত ২০২০ চনৰ অক্টোবৰ মাহত ৱালিদে আঙুলি লৰচৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ পিছৰ পৰা পৰিস্থিতিৰ উন্নতি হোৱা নাই।

কেৱল খালিদেই নহয়, কোটি কোটি টকা থকা ছৌদি ৰাজপৰিয়ালৰ অধিকাংশ সদস্যই ৱালিদৰ লাইপ চাপৰ্ট বন্ধ কৰিবলৈ ইচ্ছুক নহয়। ৰিয়াদৰ এখন চিকিৎসালয়ত ১১ বছৰ নাৰ্চিং কৰি ২০১৬ চনত ঘৰলৈ লৈ যোৱা হৈছিল ৱালিদক। এতিয়া তেওঁ ঘৰতে লাইফ চাপৰ্টত আছে। ছৌদি ৰাজকীয় পৰিয়ালে ৱালিদক চোৱাচিতা কৰিবলৈ কেইবাজনো কৰ্মচাৰীক নিযুক্তি দিছে। ইয়াৰ দাম কোটি কোটি টকা৷

ছ’চিয়েল মিডিয়াত এটা উৰাবাতৰিৰ সৃষ্টি হৈছিল যে ৱালিদ আৰু জীয়াই নাই। কেইবাবছৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ পৰিয়ালে এই কথাটো উৰাবাতৰি বুলি উলাই কৰিলে।

ৱালিদৰ পিতৃ খালিদৰ জীৱনতো বাধা-বিঘিনিৰে ভৰি আছে। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ অভিযোগত ২০১৭ চনৰ ডিচেম্বৰ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত জনতাৰ ক্ষোভৰ সন্মুখত চৰকাৰে ২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁক মুকলি কৰি দিয়ে।

ইয়াৰ এমাহৰ ভিতৰতে ২০১৮ চনৰ ডিচেম্বৰ মাহত খালিদক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান জেলৰ পৰা ওলাই আহি সন্তানৰ আৰোগ্যলৈ অপেক্ষা কৰিবলৈ দিন গণনা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী