--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ১৮ বছৰ ধৰি শুই আছে এজন ৰাজকুমাৰ। যেন কিহবালৈ অপেক্ষাতহে আছে! তেওঁক জগাবলৈ কোটি কোটি টকা খৰচ হৈছে। কিন্তু কোনো লাভ হোৱা নাই৷

আল ৱালিদ বিন খালিদ বিন তালাল আল ছাউদ। তেওঁক ‘ঘুমন্ত ৰাজপুত্ৰ’ (Sleeping Prince) নামেৰে বিশ্ববাসীৰ মাজত জনাজাত। ক’মাত থকাৰ বাবে বিগত ১৮ বছৰে তেওঁ বিচনাত পৰি আছে।

কিন্তু কিয় ১৮ বছৰ বিচনাত পৰি কটাইছে তেওঁ? কিয় ক’মাত পৰিল?

২০০৫ চনত ৱালিদে ১৮ বছৰ বয়সত ৰিয়াদত পথ দুৰ্ঘটনাৰ সন্মুখীন হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মগজুৰ আঘাতৰ বাবে ক’মাত সোমাই পৰা বুলি চিকিৎসকে জানিবলৈ দিয়ে। তেতিয়াৰ পৰা তেওঁৰ ১৮ বছৰীয়া দীঘলীয়া সংগ্ৰাম এতিয়াও চলি আছে।

ৰাজকুমাৰ ৱালিদ ছৌদি ৰাজকীয় পৰিয়ালৰ সদস্য খালিদ বিন তালাল আল ছৌদৰ পুত্ৰ আৰু ছৌদি কোটিপতি ব্যৱসায়ী আলৱালিদ বিন তালালৰ ভতিজা।

২০০৫ চনৰ পৰা ৱালিদৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই। যদিও চিকিৎসকে ৱালিদক স্বাভাৱিক জীৱনলৈ ঘূৰাই অনাৰ সকলো আশা ত্যাগ কৰিছে, তথাপিও তেওঁৰ পিতৃ খালিদে আশা কৰিছে যে তেওঁৰ পুত্ৰই এদিন সম্পূৰ্ণ সুস্থ হৈ উঠিব।

খালিদে এবাৰ কৈছিল, “ডাক্তৰে মোক কৈছিল যে মোৰ ল’ৰাৰ লাইফ চাপৰ্ট বন্ধ কৰক। মই ক’লো, মোৰ ল’ৰাটো দুৰ্ঘটনাত মৃত্যু হ’লে মই কবৰ দিম। কিন্তু মোৰ ল'ৰাটোৱে উশাহ লোৱালৈকে চিকিৎসা অব্যাহত ৰাখিম।''

খালিদে ভাবে যে এদিন ‘অলৌকিক’ হ’ব আৰু তেওঁৰ পুত্ৰ ক’মাৰ পৰা সুস্থ হৈ উঠিব। ১৫ বছৰ ক’মাত থকাৰ পাছত ২০২০ চনৰ অক্টোবৰ মাহত ৱালিদে আঙুলি লৰচৰ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ পিছৰ পৰা পৰিস্থিতিৰ উন্নতি হোৱা নাই।

কেৱল খালিদেই নহয়, কোটি কোটি টকা থকা ছৌদি ৰাজপৰিয়ালৰ অধিকাংশ সদস্যই ৱালিদৰ লাইপ চাপৰ্ট বন্ধ কৰিবলৈ ইচ্ছুক নহয়। ৰিয়াদৰ এখন চিকিৎসালয়ত ১১ বছৰ নাৰ্চিং কৰি ২০১৬ চনত ঘৰলৈ লৈ যোৱা হৈছিল ৱালিদক। এতিয়া তেওঁ ঘৰতে লাইফ চাপৰ্টত আছে। ছৌদি ৰাজকীয় পৰিয়ালে ৱালিদক চোৱাচিতা কৰিবলৈ কেইবাজনো কৰ্মচাৰীক নিযুক্তি দিছে। ইয়াৰ দাম কোটি কোটি টকা৷

ছ’চিয়েল মিডিয়াত এটা উৰাবাতৰিৰ সৃষ্টি হৈছিল যে ৱালিদ আৰু জীয়াই নাই। কেইবাবছৰ পূৰ্বে তেওঁৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ পৰিয়ালে এই কথাটো উৰাবাতৰি বুলি উলাই কৰিলে।

ৱালিদৰ পিতৃ খালিদৰ জীৱনতো বাধা-বিঘিনিৰে ভৰি আছে। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ অভিযোগত ২০১৭ চনৰ ডিচেম্বৰ মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত জনতাৰ ক্ষোভৰ সন্মুখত চৰকাৰে ২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁক মুকলি কৰি দিয়ে।

ইয়াৰ এমাহৰ ভিতৰতে ২০১৮ চনৰ ডিচেম্বৰ মাহত খালিদক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান জেলৰ পৰা ওলাই আহি সন্তানৰ আৰোগ্যলৈ অপেক্ষা কৰিবলৈ দিন গণনা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচলৰ পাগলামত বিচৰণ ডিব্ৰু-ছৈখোৱা উদ্যানৰ বন ঘৰচীয়া ঘোঁৰাৰ
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য