--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে চলাইছে তাণ্ডৱ। ঘূৰ্ণীবতাহ চিত্ৰাঙে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। বাংলাদেশত এই পৰ্যন্ত মৃত্যু ৭ গৰাকীৰ। এই ঘূৰ্ণীবতাহৰ কবলত পৰিছে ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যও। ইয়াত জাৰি কৰা হৈছে হাই এলাৰ্ট। পশ্চিম বংগৰ লগতে উত্তৰ পূৱৰ কেইবাখনো ৰাজ্যত বৰ্তমানে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।

উত্তৰ পূৱৰ মেঘালয়ত এতিয়া ৰেড এলাৰ্টৰ পাছত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।  ৰাজ্যখনৰ ৪ খন জিলাৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ মেঘালয় চৰকাৰৰ। বাংলাদশৰ সীমান্তৰ জিলা পূব আৰু পশ্চিমৰ জয়ন্তিয়া পাহাৰ, পূব খাচী পাহাৰ আৰু দক্ষিণ পশ্চিম খাচী পাহাৰ। উত্তৰ পূৱৰ ৰাজ্যকেইখনত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। কালিৰে পৰা অসমতো বৰষুণ দি থকা দেখিবলৈ পোৱা গৈছে। যাৰ বাবে ম্লান পৰিল দেৱালী আৰু কালী পূজাৰ আনন্দ। 

বংগোপসাগৰৰ প্ৰচণ্ড ধুমুহা চিত্ৰাঙৰ আতংক পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে। ৰাজ্যখনত প্ৰচণ্ড ধুমুহাৰ লগতে বৃদ্ধি পাইছে বৰষুণ। মাজে মাজে হ'ব লঘুৰ পৰা মধ্যমীয়া বৰষুণ।

জানিব পৰা অনুসৰি বংগোপ সাগৰৰ পৰা অতি শক্তিশালী ৰূপত উত্তৰ-পূৱ দিশে অগ্ৰসৰ হৈছে ঘূৰ্ণীবতাহ চিত্ৰাং। বৰ্তমানলৈ বাংলাদেশত এই ঘূৰ্ণীবতাহ চিত্ৰাঙৰ বাবে ৭ গৰাকী লোকে প্ৰাণ হেৰুৱা ঘটনাই চিন্তাত পেলাইছে জনসাধাৰণক। ক্ষয়ক্ষতিৰ পৰিমানো ক্ৰমান্বয়ে অধিক বৃদ্ধি পাই গৈ আছে। 

সাগৰৰ পাৰৰ পৰা সকলো লোককে আঁতৰি থাকিবলৈ আহ্বান প্ৰশাসনৰ ফালৰ পৰা। ৩০ হাজাৰৰো অধিক লোকক বাংলাদেশৰ সাগৰৰ ওচৰৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক