--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ প্ৰত্যেকখন দেশৰে আছে নিজস্ব সভ্যতা, সংস্কৃতি, আছে আইন-কানুন। সমাজত প্ৰচলিত হৈ থাকে কিছুমান নীতি-নিয়ম। সকলো দেশেই নিজৰ নিয়ম অনুসৰি আইন কাৰ্যকৰী কৰে, কিন্তু আমোদজনক কথাটো হ’ল বহু দেশৰ এনে কিছুমান আইন থাকে, যিবোৰ অতি আচহুৱা। 

এনে এক আইন আছে, যি আইনৰ কথা জানিলে আপুনি আচৰিত হ'ব। ইয়াত পত্নীৰ জন্মদিন স্বামীয়ে পাহৰি যোৱাটো অপৰাধ বুলি গণ্য কৰা হয়। এই অপৰাধ কৰিলে স্বামীৰ হ’ব পাৰে জে’ল। এয়া একেবাৰে সঁচা কথা! এই আইন প্ৰযোজ্য হয় এখন ধুনীয়া দ্বীপৰ দেশত, যাৰ নাম চামোয়া(Samoa)। ইয়াত যদি কোনো স্বামীয়ে ভুলবশতঃ পত্নীৰ জন্মদিন পাহৰি যায়, তেন্তে তেওঁৰ শাস্তি হ’ব জে’ল।

চামোয়াৰ আইনখনৰ কথা ক’বলৈ গ’লে যদি কোনো স্বামীয়ে ভুলবশতঃ পত্নীৰ জন্মদিন পাহৰি যায়, তেন্তে ই অপৰাধৰ শ্ৰেণীত পৰে। যদি পত্নীয়ে এই ভয়ংকৰ ভুলৰ বিষয়ে আৰক্ষীক অভিযোগ কৰে তেন্তে স্বামীয়ে লক-আপলৈ গৈ কিছুমান অতি কঠোৰ প্ৰশ্নৰ উত্তৰ দিব লগীয় হয়। কিন্তু এই আইনখন যিমান ভয়ংকৰ যেন লাগে সিমান ভয়ংকৰ নহয় কাৰণ স্বামীৰ ভুল শুধৰণিৰ বাবে ইয়াত সুযোগো দিয়া হয়।

পত্নীৰ জন্মদিন প্ৰথমবাৰৰ বাবে পাহৰি গ’লে লগে লগে আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীক এই ভুল দ্বিতীয়বাৰৰ বাবে নকৰিবলৈ সকীয়াই দিয়ে। যদি কোনো ব্যক্তিয়ে দুৰ্ভাগ্যবশতঃ পুনৰ একে ভুল কৰে তেন্তে তেওঁক শাস্তি হিচাপে জে’ললৈ প্ৰেৰণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক