--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গৰমৰ দিনত প্ৰচুৰ ঘাম ওলোৱা আৰু এই ঘামৰ দুৰ্গন্ধই সকলোকে অশান্তি দিয়াৰ লগতে লাজৰ কাৰণো হৈ পৰে। সেয়েহে প্ৰায় মানুহে শৰীৰৰ গোন্ধ আঁতৰাবলৈ ডিঅ’ডৰেণ্ট আৰু পাৰফিউম ব্যৱহাৰ কৰে, ফলত ই ব্যয়বহুল হোৱাৰ উপৰি শৰীৰৰ বহু দিশত ক্ষতিও কৰে। যদি আপোনাকো ঘামৰ গোন্ধই অশান্তি দিয়ে, তেন্তে সুগন্ধিৰ সলনি কিছুমান সহজ ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে, যিয়ে ঘামৰ গোন্ধ আঁতৰোৱাৰ ফলত শৰীৰৰ কোনো পাৰ্শ্বক্ৰিয়া নহয়। আজি আমি এনে কিছু ঘৰুৱা উপায়ৰ কথা জানো আহক...।

১. বিলাহীঃ-পাকঘৰত সহজে পোৱা বিলাহীৰে ঘামৰ গোন্ধ আঁতৰাব পাৰে। বিলাহীৰ ৰস উলিয়াই বাহুৰ তলৰ অংশত আৰু শৰীৰৰ যিবোৰ ঠাইত অত্যধিক ঘাম ওলায়, সেইবোৰ ঠাইত লগাওক। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ বিলাহীৰ ৰস ব্যৱহাৰ কৰিলে আপোনাৰ ঘামৰ গোন্ধ কম হ’বলৈ আৰম্ভ কৰিব কাৰণ বিলাহীক এন্টি-চেপ্টিক বুলি গণ্য কৰা হয়। ইয়াৰ সহায়ত দুৰ্গন্ধ সৃষ্টি কৰা বেক্টেৰিয়াবোৰক ধ্বংস কৰে।

২. পদিনাঃ-সতেজ গুণৰ বাবে পদিনা গ্ৰীষ্মকালত ছুপাৰহিট হয়। ইয়াৰ পাতবোৰ গা ধোৱা পানীত মিহলাই গা ধুলেও ঘামৰ বেয়া গোন্ধ দূৰ হয়। ইয়াৰ ফলত কেৱল সতেজ অনুভৱ হোৱাই নহয়, ইয়াৰ এন্টি-চেপ্টিক আৰু এন্টি-বেক্টেৰিয়েল গুণে ঘামৰ বেয়া গোন্ধৰ লগতে ইয়াৰ বেক্টেৰিয়াকো ধ্বংস কৰে।

৩. বেকিং ছ’ডাঃ-বেকিং ছ’ডা বেয়া গোন্ধ আঁতৰোৱাত সহায় কৰে। বেকিং ছ’ডা পানীত মিহলাই স্প্ৰে কৰিলেও বাহু আৰু ভৰিৰ তলত আদিৰ দৰে দুৰ্গন্ধ ওলোৱা শৰীৰৰ অংশত দিনে দুবাৰৰ পৰা তিনিবাৰকৈ স্প্ৰে’ কৰি কিছু সময়ৰ পাছত ধুই পেলালেও দুৰ্গন্ধৰ পৰা মুক্তি পাব।

৪. ভিনেগাৰঃ-ভিনেগাৰ অৰ্থাৎ আপেল ভিনেগাৰৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-চেপ্টিক গুণৰ বাবে ঘামৰ গোন্ধ আঁতৰোৱাত সহায় কৰে। পানীত মিহলাই ঘাম ওলোৱা ঠাইত পোন্ধৰ-বিশ মিনিট লগালে আৰু তাৰ পাছত ধুই পেলাব। ইয়াৰ লগে লগে আপুনি অতি সোনকালে ঘামৰ গোন্ধৰ পৰা সকাহ পাব।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ