--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গৰমৰ দিনত প্ৰচুৰ ঘাম ওলোৱা আৰু এই ঘামৰ দুৰ্গন্ধই সকলোকে অশান্তি দিয়াৰ লগতে লাজৰ কাৰণো হৈ পৰে। সেয়েহে প্ৰায় মানুহে শৰীৰৰ গোন্ধ আঁতৰাবলৈ ডিঅ’ডৰেণ্ট আৰু পাৰফিউম ব্যৱহাৰ কৰে, ফলত ই ব্যয়বহুল হোৱাৰ উপৰি শৰীৰৰ বহু দিশত ক্ষতিও কৰে। যদি আপোনাকো ঘামৰ গোন্ধই অশান্তি দিয়ে, তেন্তে সুগন্ধিৰ সলনি কিছুমান সহজ ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে, যিয়ে ঘামৰ গোন্ধ আঁতৰোৱাৰ ফলত শৰীৰৰ কোনো পাৰ্শ্বক্ৰিয়া নহয়। আজি আমি এনে কিছু ঘৰুৱা উপায়ৰ কথা জানো আহক...।

১. বিলাহীঃ-পাকঘৰত সহজে পোৱা বিলাহীৰে ঘামৰ গোন্ধ আঁতৰাব পাৰে। বিলাহীৰ ৰস উলিয়াই বাহুৰ তলৰ অংশত আৰু শৰীৰৰ যিবোৰ ঠাইত অত্যধিক ঘাম ওলায়, সেইবোৰ ঠাইত লগাওক। সপ্তাহত দুবাৰৰ পৰা তিনিবাৰকৈ বিলাহীৰ ৰস ব্যৱহাৰ কৰিলে আপোনাৰ ঘামৰ গোন্ধ কম হ’বলৈ আৰম্ভ কৰিব কাৰণ বিলাহীক এন্টি-চেপ্টিক বুলি গণ্য কৰা হয়। ইয়াৰ সহায়ত দুৰ্গন্ধ সৃষ্টি কৰা বেক্টেৰিয়াবোৰক ধ্বংস কৰে।

২. পদিনাঃ-সতেজ গুণৰ বাবে পদিনা গ্ৰীষ্মকালত ছুপাৰহিট হয়। ইয়াৰ পাতবোৰ গা ধোৱা পানীত মিহলাই গা ধুলেও ঘামৰ বেয়া গোন্ধ দূৰ হয়। ইয়াৰ ফলত কেৱল সতেজ অনুভৱ হোৱাই নহয়, ইয়াৰ এন্টি-চেপ্টিক আৰু এন্টি-বেক্টেৰিয়েল গুণে ঘামৰ বেয়া গোন্ধৰ লগতে ইয়াৰ বেক্টেৰিয়াকো ধ্বংস কৰে।

৩. বেকিং ছ’ডাঃ-বেকিং ছ’ডা বেয়া গোন্ধ আঁতৰোৱাত সহায় কৰে। বেকিং ছ’ডা পানীত মিহলাই স্প্ৰে কৰিলেও বাহু আৰু ভৰিৰ তলত আদিৰ দৰে দুৰ্গন্ধ ওলোৱা শৰীৰৰ অংশত দিনে দুবাৰৰ পৰা তিনিবাৰকৈ স্প্ৰে’ কৰি কিছু সময়ৰ পাছত ধুই পেলালেও দুৰ্গন্ধৰ পৰা মুক্তি পাব।

৪. ভিনেগাৰঃ-ভিনেগাৰ অৰ্থাৎ আপেল ভিনেগাৰৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-চেপ্টিক গুণৰ বাবে ঘামৰ গোন্ধ আঁতৰোৱাত সহায় কৰে। পানীত মিহলাই ঘাম ওলোৱা ঠাইত পোন্ধৰ-বিশ মিনিট লগালে আৰু তাৰ পাছত ধুই পেলাব। ইয়াৰ লগে লগে আপুনি অতি সোনকালে ঘামৰ গোন্ধৰ পৰা সকাহ পাব।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা