--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰ এখনৰ অন্যতম মুখ্য অংশটো হৈছে আমাৰ পাকঘৰটো। বাস্তুশাস্ত্ৰত পাকঘৰৰ বিষয়ে বহুতো কথা উল্লেখ আছে।  পাকঘৰৰ দোষ থাকিলে পৰিয়ালত অশান্তি হোৱাৰ লগতে মানুহ অসুস্থ হয়। বাস্তুৰ নিয়ম অনুসৰি পাকঘৰৰ কথাবোৰত গুৰুত্ব দিয়া প্ৰয়োজন। 

পাকঘৰৰ দিশ

দক্ষিণ বা পূব দিশঃ পাকঘৰটো সদায় দক্ষিণ বা পূব দিশত থাকিব লাগে।এই দিশত পাকঘৰ থাকিলে ঘৰৰ সদস্যসকলৰ ওপৰত সুপ্ৰভাৱ পৰে। 

উত্তৰ দিশঃ এই দিশত পাকঘৰ থাকিলে ঘৰত ধনৰ অভাৱ হ'ব পাৰে আৰু ই সন্তানৰ সৈতে সম্পৰ্কও নষ্ট কৰিব পাৰে।উত্তৰ দিশত পাকঘৰ থকাটো সন্তানৰ স্বাস্থ্যৰ বাবেও হানিকাৰক।

উত্তৰ-পশ্চিম দিশঃ পাকঘৰটো ঘৰৰ উত্তৰ-পশ্চিম দিশত থকাটো অনুচিত।এনে হোৱাৰ ফলত শাহু আৰু বোৱাৰীৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে।

দক্ষিণ-পশ্চিম দিশঃ দক্ষিণ-পশ্চিম দিশত পাকঘৰ থাকিলে ঘৰটোৰ মুৰব্বীৰ যি কোনো সমস্যা হ'ব পাৰে।ইয়াৰ ফলত তেওঁৰ সন্মান আৰু স্বাস্থ্যও বেয়াকৈ প্ৰভাৱিত হয়।

এই নিয়মবোৰ অনুসৰণ কৰক 

পাকঘৰত পূব দিশত মা অন্নপূৰ্ণাৰ এখন ছবি ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়।যদি সম্ভৱ হয়,ছবিখনত চন্দন কাঠৰ মালা এডাল লগাই থ’ব।এনে কৰাৰ ফলত ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়।

যদি পাকঘৰত কোনো ইতিবাচক শক্তি নাথাকে, তেন্তে আপুনি পাকঘৰত ফুল বা ফুলৰ ছবি ৰাখিব পাৰে।বাস্তু মতে, এনে কৰিলে ঘৰলৈ ইতিবাচক শক্তিৰ আগমন ঘটে আৰু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যও ভালে থাকে।

নিমখ খোলাকৈ নাৰাখিব 

ঘৰত ৰখা নিমখ কেতিয়াও খোলাকৈ ৰাখিব নালাগে।নিমখ থোৱা পাত্ৰটোৰ ঢাকনি সদায়ে বন্ধ ৰাখিব। অন্যথা ই আপোনাৰ ঋণ বৃদ্ধি কৰিব।

পাকঘৰ সদায় চাফ-চিকুণকৈ ৰাখিব লাগে। পাকঘৰ লেতেৰাকৈ ৰাখিলে ঘৰত কুপ্ৰভাৱ পৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা