--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৰ এখনৰ অন্যতম মুখ্য অংশটো হৈছে আমাৰ পাকঘৰটো। বাস্তুশাস্ত্ৰত পাকঘৰৰ বিষয়ে বহুতো কথা উল্লেখ আছে।  পাকঘৰৰ দোষ থাকিলে পৰিয়ালত অশান্তি হোৱাৰ লগতে মানুহ অসুস্থ হয়। বাস্তুৰ নিয়ম অনুসৰি পাকঘৰৰ কথাবোৰত গুৰুত্ব দিয়া প্ৰয়োজন। 

পাকঘৰৰ দিশ

দক্ষিণ বা পূব দিশঃ পাকঘৰটো সদায় দক্ষিণ বা পূব দিশত থাকিব লাগে।এই দিশত পাকঘৰ থাকিলে ঘৰৰ সদস্যসকলৰ ওপৰত সুপ্ৰভাৱ পৰে। 

উত্তৰ দিশঃ এই দিশত পাকঘৰ থাকিলে ঘৰত ধনৰ অভাৱ হ'ব পাৰে আৰু ই সন্তানৰ সৈতে সম্পৰ্কও নষ্ট কৰিব পাৰে।উত্তৰ দিশত পাকঘৰ থকাটো সন্তানৰ স্বাস্থ্যৰ বাবেও হানিকাৰক।

উত্তৰ-পশ্চিম দিশঃ পাকঘৰটো ঘৰৰ উত্তৰ-পশ্চিম দিশত থকাটো অনুচিত।এনে হোৱাৰ ফলত শাহু আৰু বোৱাৰীৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে।

দক্ষিণ-পশ্চিম দিশঃ দক্ষিণ-পশ্চিম দিশত পাকঘৰ থাকিলে ঘৰটোৰ মুৰব্বীৰ যি কোনো সমস্যা হ'ব পাৰে।ইয়াৰ ফলত তেওঁৰ সন্মান আৰু স্বাস্থ্যও বেয়াকৈ প্ৰভাৱিত হয়।

এই নিয়মবোৰ অনুসৰণ কৰক 

পাকঘৰত পূব দিশত মা অন্নপূৰ্ণাৰ এখন ছবি ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়।যদি সম্ভৱ হয়,ছবিখনত চন্দন কাঠৰ মালা এডাল লগাই থ’ব।এনে কৰাৰ ফলত ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়।

যদি পাকঘৰত কোনো ইতিবাচক শক্তি নাথাকে, তেন্তে আপুনি পাকঘৰত ফুল বা ফুলৰ ছবি ৰাখিব পাৰে।বাস্তু মতে, এনে কৰিলে ঘৰলৈ ইতিবাচক শক্তিৰ আগমন ঘটে আৰু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যও ভালে থাকে।

নিমখ খোলাকৈ নাৰাখিব 

ঘৰত ৰখা নিমখ কেতিয়াও খোলাকৈ ৰাখিব নালাগে।নিমখ থোৱা পাত্ৰটোৰ ঢাকনি সদায়ে বন্ধ ৰাখিব। অন্যথা ই আপোনাৰ ঋণ বৃদ্ধি কৰিব।

পাকঘৰ সদায় চাফ-চিকুণকৈ ৰাখিব লাগে। পাকঘৰ লেতেৰাকৈ ৰাখিলে ঘৰত কুপ্ৰভাৱ পৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ