--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গণৰাজ্য দিৱস উদযাপনৰ সময়ত ভাৰতৰ ৰাষ্ট্রীয় পতাকাক অপমান কৰাৰ অভিযোগ তুুলি মুম্বাইস্থিত আদালতত দাখিল কৰা হৈছে অভিযোগ৷ মহাৰাষ্ট্ৰৰ মুম্বাইৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সৈতে তেওঁৰ পত্নী ৰশ্মি ঠাকৰে আৰু তেওঁৰ পুত্ৰ আদিত্য ঠাকৰেও উপস্থিত আছিল। কালি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে সৃষ্টি হৈছে বিতৰ্কৰ৷ কিয়নো, উদ্ধৱ ঠাকৰেৰ পত্নী ৰশ্মি ঠাকৰেয়ে পতাকা উত্তোলন অনুষ্ঠানৰ সময়ত আদৰ্শ আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি এগৰাকী অধিবক্তাই দাখিল কৰিছে অভিযোগ৷ অভিযোগকাৰী আৰু অধিবক্তা জয়শ্ৰী পাটিলে লোকায়ুক্তৰ ওচৰত বিষয়টো সম্পৰ্কে অভিযোগ দাখিল কৰিছে। জয়শ্ৰী পাটিলে কোৱামতে, ৰশ্মি ঠাকৰেয়ে পতাকা উত্তোলনৰ সময়ত ত্ৰিৰংগাক অভিবাদন জনোৱা নাছিল। একেদৰে, আদিত্য ঠাকৰেকো নিয়মৰ বিৰুদ্ধে ৰেড কাৰ্পেটত মাতি অনা হৈছিল। পাটিলে কৈছিল যে এয়া আচৰণবিধি উলংঘা৷ জয়শ্ৰী পাটিলে লগতে কৈছে যে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ত্ৰিৰংগাক অভিবাদন জনোৱাৰ সময়ত তেওঁৰ মূৰত গান্ধীটুপী পিন্ধা নাছিল। ইয়াত মোৰ কোনো আপত্তি নাই। তেওঁ কৈছিল যে গণৰাজ্য দিৱসৰ ৰেড কাৰ্পেটত যিকোনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তেওঁলোকে কাকো নোসোধাকৈ ত্ৰিৰংগাক সম্ভাষণ জনাব লাগে। কিন্তু, মুখ্যমন্ত্ৰীৰ পত্নীয়ে ত্ৰিৰংগাক অভিবাদন জনোৱা নাছিল। তেওঁলোকৰ সংবিধান নাই নেকি বুলি অভিযোগকাৰীয়ে প্ৰশ্ন কৰিছে৷ উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে চিবিআই তদন্ত বিচাৰি কৰা আৱেদনৰ পাছত জয়শ্ৰী পাটিলৰ নাম সংবাদ শিৰোনামলৈ আহিছিল। তেওঁৰ আৱেদনৰ প্ৰতি গুৰুত্ব দি বোম্বাই উচ্চ ন্যায়ালয়ে দেশমুখৰ বিৰুদ্ধে আৰোপ কৰা ১০০ কোটি টকা পুনৰুদ্ধাৰৰ অভিযোগৰ তদন্ত চিবিআইক হস্তান্তৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু