--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গণৰাজ্য দিৱস উদযাপনৰ সময়ত ভাৰতৰ ৰাষ্ট্রীয় পতাকাক অপমান কৰাৰ অভিযোগ তুুলি মুম্বাইস্থিত আদালতত দাখিল কৰা হৈছে অভিযোগ৷ মহাৰাষ্ট্ৰৰ মুম্বাইৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সৈতে তেওঁৰ পত্নী ৰশ্মি ঠাকৰে আৰু তেওঁৰ পুত্ৰ আদিত্য ঠাকৰেও উপস্থিত আছিল। কালি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ বাসভৱনৰ পতাকা উত্তোলন কাৰ্যসূচীৰ পাছতে সৃষ্টি হৈছে বিতৰ্কৰ৷ কিয়নো, উদ্ধৱ ঠাকৰেৰ পত্নী ৰশ্মি ঠাকৰেয়ে পতাকা উত্তোলন অনুষ্ঠানৰ সময়ত আদৰ্শ আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি এগৰাকী অধিবক্তাই দাখিল কৰিছে অভিযোগ৷ অভিযোগকাৰী আৰু অধিবক্তা জয়শ্ৰী পাটিলে লোকায়ুক্তৰ ওচৰত বিষয়টো সম্পৰ্কে অভিযোগ দাখিল কৰিছে। জয়শ্ৰী পাটিলে কোৱামতে, ৰশ্মি ঠাকৰেয়ে পতাকা উত্তোলনৰ সময়ত ত্ৰিৰংগাক অভিবাদন জনোৱা নাছিল। একেদৰে, আদিত্য ঠাকৰেকো নিয়মৰ বিৰুদ্ধে ৰেড কাৰ্পেটত মাতি অনা হৈছিল। পাটিলে কৈছিল যে এয়া আচৰণবিধি উলংঘা৷ জয়শ্ৰী পাটিলে লগতে কৈছে যে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ত্ৰিৰংগাক অভিবাদন জনোৱাৰ সময়ত তেওঁৰ মূৰত গান্ধীটুপী পিন্ধা নাছিল। ইয়াত মোৰ কোনো আপত্তি নাই। তেওঁ কৈছিল যে গণৰাজ্য দিৱসৰ ৰেড কাৰ্পেটত যিকোনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তেওঁলোকে কাকো নোসোধাকৈ ত্ৰিৰংগাক সম্ভাষণ জনাব লাগে। কিন্তু, মুখ্যমন্ত্ৰীৰ পত্নীয়ে ত্ৰিৰংগাক অভিবাদন জনোৱা নাছিল। তেওঁলোকৰ সংবিধান নাই নেকি বুলি অভিযোগকাৰীয়ে প্ৰশ্ন কৰিছে৷ উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে চিবিআই তদন্ত বিচাৰি কৰা আৱেদনৰ পাছত জয়শ্ৰী পাটিলৰ নাম সংবাদ শিৰোনামলৈ আহিছিল। তেওঁৰ আৱেদনৰ প্ৰতি গুৰুত্ব দি বোম্বাই উচ্চ ন্যায়ালয়ে দেশমুখৰ বিৰুদ্ধে আৰোপ কৰা ১০০ কোটি টকা পুনৰুদ্ধাৰৰ অভিযোগৰ তদন্ত চিবিআইক হস্তান্তৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু