--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে প্ৰতি বুধবাৰে অনুষ্ঠিত কৰে কেবিনেট বৈঠক। কিন্তু এইবাৰ গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত বুধবাৰৰ পৰিৱৰ্তে আজি জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকৰ শেষত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই বৈঠকত লোৱা সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰে। কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহঃ -সকলো চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু কোনো চৰকাৰী বিষয়াক সম্বৰ্ধনা জনোৱা নহ’ব৷ অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীৰ বিষয়টো কিছু পৃথক হ’ব। - জিলা পৰ্যায়ত মন্ত্ৰীসকলে এতিয়াৰেপৰা কেৱল সম্বৰ্ধনাৰ নামত গছপুলি ৰোপন কৰিব পাৰিব। সেউজ আৱৰণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এই সিদ্ধান্ত। - বাজেট বৰ্হিভূত কোনো আঁচনি মন্ত্ৰীয়ে ঘোষণা কৰিব নোৱাৰিব৷ এই বিষয়ে সকলো মন্ত্ৰীকে সকীয়নি প্ৰদান কৰিছে। - ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ সংগ্ৰহৰ ক্ষেত্ৰতো তৎপৰ হৈ পৰিছে। ৰাজ্যৰ সকলো বিভাগক ৩১ মাৰ্চৰ ভিতৰত বাকী থকা কৰসংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। - মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই যান-বাহনৰ বকেয়া কৰ সংগ্ৰহ কৰিবলৈ তৎপৰ ৰাজ্যৰ পৰিবহণ বিভাগ। - প্ৰায় ১০০ কোটি টকাৰ কৰ সংগ্ৰহৰ লক্ষ্য পৰিবহণ বিভাগৰ। - ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ পৰিবহণ বিভাগৰ ‘অপাৰেচন চাৰখাৰ’ অভিযান। - লক্ষ্য সকলো বিভাগৰ পৰা পাবলগীয়া কৰ সংগ্ৰহ। - বিলাসী যান-বাহনৰ গৰাকীক বাহনৰ যাৱতীয় কৰ সময় মতে পৰিশোধ কৰিবলৈ আহ্বান, অন্যাথা ৰাজপথত ওলালেই জব্দ হ’ব বাহন। - সময়মতে যান-বাহনৰ কৰ পৰিশোধ নকৰাসকলৰ বিৰুদ্ধে কঠোৰ হ’ব পৰিবহণ বিভাগ। - ইফালে মখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই সময়ত বকেয়া কৰ পৰিশোধ নকৰা গাড়ীসমূহৰ নম্বৰপ্লেটসহ গৰাকীৰ exclusive তালিকা প্ৰস্তুত DTOৰ। - তামুলপুৰ জিলাক কেবিনেটৰ জিলা হিচাপে অনুমোদন। - প্ৰত্যেক জিলাই প্ৰতিষ্ঠাৰ দিনটো জিলা দিৱস হিচাপে উদযাপন কৰা হ’ব। - কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কনভয় যাওঁতে ৰাজহুৱা গাড়ী দুই মিনিটতকৈ বেছি ৰখাব নোৱাৰিব। - গুৱাহাটীত মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটীত ৬খন আৰু বাহিৰত ১২খন গাড়ী থাকিব। - ১০ মাৰ্চৰ পূবে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ। - ১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশনৰ বাবে ৰাজ্যপালক অনুৰোধ। - জল জীৱন মিছন ক্ষিপ্ৰতাৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ আৰু সকলো অভিভাৱক মন্ত্ৰীক। - পৌৰসভা নিৰ্বাচনৰ পাছতেই হ’ব পৌৰনিগমৰ নিৰ্বাচন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ