--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে প্ৰতি বুধবাৰে অনুষ্ঠিত কৰে কেবিনেট বৈঠক। কিন্তু এইবাৰ গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত বুধবাৰৰ পৰিৱৰ্তে আজি জনতা ভৱনত অনুষ্ঠিত হয় কেবিনেট বৈঠক। বৈঠকৰ শেষত সংবাদমেল সম্বোধন কৰি মন্ত্ৰী কেশৱ মহন্তই বৈঠকত লোৱা সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰে। কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহঃ -সকলো চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু কোনো চৰকাৰী বিষয়াক সম্বৰ্ধনা জনোৱা নহ’ব৷ অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীৰ বিষয়টো কিছু পৃথক হ’ব। - জিলা পৰ্যায়ত মন্ত্ৰীসকলে এতিয়াৰেপৰা কেৱল সম্বৰ্ধনাৰ নামত গছপুলি ৰোপন কৰিব পাৰিব। সেউজ আৱৰণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এই সিদ্ধান্ত। - বাজেট বৰ্হিভূত কোনো আঁচনি মন্ত্ৰীয়ে ঘোষণা কৰিব নোৱাৰিব৷ এই বিষয়ে সকলো মন্ত্ৰীকে সকীয়নি প্ৰদান কৰিছে। - ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ সংগ্ৰহৰ ক্ষেত্ৰতো তৎপৰ হৈ পৰিছে। ৰাজ্যৰ সকলো বিভাগক ৩১ মাৰ্চৰ ভিতৰত বাকী থকা কৰসংগ্ৰহ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। - মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই যান-বাহনৰ বকেয়া কৰ সংগ্ৰহ কৰিবলৈ তৎপৰ ৰাজ্যৰ পৰিবহণ বিভাগ। - প্ৰায় ১০০ কোটি টকাৰ কৰ সংগ্ৰহৰ লক্ষ্য পৰিবহণ বিভাগৰ। - ১ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ পৰিবহণ বিভাগৰ ‘অপাৰেচন চাৰখাৰ’ অভিযান। - লক্ষ্য সকলো বিভাগৰ পৰা পাবলগীয়া কৰ সংগ্ৰহ। - বিলাসী যান-বাহনৰ গৰাকীক বাহনৰ যাৱতীয় কৰ সময় মতে পৰিশোধ কৰিবলৈ আহ্বান, অন্যাথা ৰাজপথত ওলালেই জব্দ হ’ব বাহন। - সময়মতে যান-বাহনৰ কৰ পৰিশোধ নকৰাসকলৰ বিৰুদ্ধে কঠোৰ হ’ব পৰিবহণ বিভাগ। - ইফালে মখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই সময়ত বকেয়া কৰ পৰিশোধ নকৰা গাড়ীসমূহৰ নম্বৰপ্লেটসহ গৰাকীৰ exclusive তালিকা প্ৰস্তুত DTOৰ। - তামুলপুৰ জিলাক কেবিনেটৰ জিলা হিচাপে অনুমোদন। - প্ৰত্যেক জিলাই প্ৰতিষ্ঠাৰ দিনটো জিলা দিৱস হিচাপে উদযাপন কৰা হ’ব। - কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কনভয় যাওঁতে ৰাজহুৱা গাড়ী দুই মিনিটতকৈ বেছি ৰখাব নোৱাৰিব। - গুৱাহাটীত মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটীত ৬খন আৰু বাহিৰত ১২খন গাড়ী থাকিব। - ১০ মাৰ্চৰ পূবে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ। - ১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশনৰ বাবে ৰাজ্যপালক অনুৰোধ। - জল জীৱন মিছন ক্ষিপ্ৰতাৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ আৰু সকলো অভিভাৱক মন্ত্ৰীক। - পৌৰসভা নিৰ্বাচনৰ পাছতেই হ’ব পৌৰনিগমৰ নিৰ্বাচন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু