--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মোদী নেতৃত্বৰ বিজেপি চৰকাৰ কেন্দ্ৰৰ শাসনত অধীষ্ঠিত হোৱাৰ পাছতে সমগ্ৰ গংগা পৰিষ্কৰণৰ এক বিশেষ আঁচনি গ্ৰহণ কৰা হৈছিলষ। গংগাৰ লৈতে জড়িত প্ৰতিগৰাকী ভাৰতীয়ৰ আৱেগ আৰু অনুভূতিক নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰি অহা কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ যোগী নেতৃত্বৰ বিজেপি চৰকাৰে কি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে সেয়া এক বৃহৎ প্ৰশ্নবোধক হৈ ৰৈছে। গংগা পৰিষ্কাৰ কৰাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে, নমামি গংগাৰ দৰে উৎসৱ আয়োজন কৰা হৈছে যদিও গংগা প্ৰদূষিত নৈৰ পৰিচয় লৈয়েই বৈ থাকিবলগীয়া হৈছে। ২০১৪ চনত কেন্দ্ৰীয় চৰকাৰে ‘নেচনেল মিছন ফৰ ক্লীন গংগা’ (এনএমচিজি)আঁচনিৰ বাবে ২০হাজাৰ কোটি টকা ধাৰ্য কৰিছিল আৰু এই আঁচনিৰ প্ৰায় ১১হাজাৰ কোটি টকা বিত্ত মন্ত্ৰণালয়ে মোকলাই দিয়া বুলিও সংসদত তথ্য প্ৰকাশ কৰা হৈছিল। কিন্তু এই বিপুল পৰিমাণৰ অৰ্থ ব্যয়ৰ পাছতো গংগা পৰিষ্কৰণৰ দিশত কিমান সফল হৈছে চৰকাৰ? শেহতীয়াকৈ পোহৰলৈ অহা এটা তথ্যই গংগাৰ প্ৰতি কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ যোগী নেতৃত্বৰ চৰকাৰৰ দায়বদ্ধতা প্ৰসংগতে এটা বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।


দেশত ক’ভিডৰ দ্বিতীয় ঢৌ চলি থকাৰ সময়ত এটা খবৰে দেশজুৰি তোলপাৰ লগাইছিল। গংগাৰ বুকুৰে উটি অহা বহু অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। বহু লোকক গংগাৰ বুকুত পুতি থোৱাৰ ঘটনাও পোহৰলৈ আহিছিল। এইবোৰ কৰ’নাত মৃত্যু হোৱা লোকৰ মৃতদেহ বুলি ব্যাপক চৰ্চা চলিছিল আৰু ইয়াক লৈ তীব্ৰ আতংকময় পৰিৱেশৰো সৃষ্টি হৈছিল। সেই সময়ত চৰকাৰে এই সন্দৰ্ভত গা এৰা দিয়া ভূমিকা গ্ৰহণ কৰিছিল যদিও শেহতীয়াকৈ এই প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে আৰু কিমান দায়িত্বজ্ঞানহীনভাৱে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কৰ’নাত মৃত্যু হোৱা লোকৰ মৃতদেহ গংগাত উটুৱাই দিয়া হৈছিল সেই তথ্য প্ৰকাশ পাইছে। স্বচ্ছ গংগা মিছনৰ মুৰব্বীগৰাকীয়ে তেওঁৰ এখন গ্ৰন্থত এইকথা সদৰি কৰিছে যে, কৰ’নাৰ সময়ত গংগাত মৃতদেহ উটুৱাই দিয়া হৈছিল। ৰাষ্ট্ৰীয় স্বচ্ছ গংগা মিছনৰ সঞ্চালক ৰাজীৱ ৰঞ্জন মিশ্ৰই লিখা এই গ্ৰন্থখনৰ নাম হৈছে ‘গংগা : ৰিইমেইজিং, ৰিজুভিনেটিং, ৰিকানেকটিং।’ গ্ৰন্থখনৰ সহ-লেখক হৈছে পুস্কল উপাধ্যায়। গ্ৰন্থখনৰ এটা অধ্যায় ‘ফ্লটিং ক্ৰপছেছ : এ ৰিভাৰ ডিফাইলড’ত লিখা হৈছে যে, যি সময়ত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল আৰু শ্মশানত ব্যাপক ভিৰৰ সৃষ্টি হৈছিল সেই সময়ত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ গংগা ঘাট শৱদেহবোৰ নৈলৈ নিক্ষেপ কৰাৰ সহজ পথত পৰিণত হৈছিল। গ্ৰন্থখনত গংগাৰ তটৱৰ্তী বিভিন্ন ৰাজ্যৰ ক’ভিড ব্যৱস্থাপনাত থকা ত্ৰুটি তথা শৱদেহ সংৎকাৰ ব্যৱস্থাৰ দুৰ্বলতাৰ কথা উদঙাই দেখুৱাইছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, কৰ’নাত মৃতৰ সৎকাৰ ব্যৱস্থাৰ শিথিলতাৰ বাবে বিভিন্ন লোকে শৱদেহবোৰ নৈলৈ নিক্ষেপ কৰিছিল আৰু ই ভয়ংকৰ পৰিস্থিতি সৃষ্টিৰ আশংকা বৃদ্ধি কৰিছিল।

মন কৰিবলগীয়া যে, বিভিন্ন সংবাদ মাধ্যমে যেতিয়া গংগাৰে শৱদেহ উটি অহা সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল তেতিয়া চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অতি দায়িত্বহীনতাৰে কৈছিল যে, ৰাজ্যখনৰ পূব আৰু মধ্যভাগৰ বহু ঠাইত শৱদেহ নৈত উটুৱাই দিয়াৰ পৰম্পৰা আছে। অৰ্থাৎ এটা ভয়ংকৰ কাৰ্যক এনে গা এৰা দিয়া মনোভাবেৰে যোগী চৰকাৰে গাপ দিব বিচাৰিছিল। কিন্তু ৰাষ্ট্ৰীয় স্বচ্ছ গংগা মিছনৰ সঞ্চালকৰ গ্ৰন্থতে এই সম্পৰ্কত এতিয়া সত্য প্ৰকাশ পোৱাৰ পাছত গংগাক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ দায়বদ্ধতা কিমান তাক উদঙাই দিছে। গংগাৰ প্ৰতি শ্ৰদ্ধা-ভক্তি যে, কেৱল ৰাজনৈতিক অংকহে সেইকথা উদহাই দিছে এই তথ্যই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু