--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মোদী নেতৃত্বৰ বিজেপি চৰকাৰ কেন্দ্ৰৰ শাসনত অধীষ্ঠিত হোৱাৰ পাছতে সমগ্ৰ গংগা পৰিষ্কৰণৰ এক বিশেষ আঁচনি গ্ৰহণ কৰা হৈছিলষ। গংগাৰ লৈতে জড়িত প্ৰতিগৰাকী ভাৰতীয়ৰ আৱেগ আৰু অনুভূতিক নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰি অহা কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ যোগী নেতৃত্বৰ বিজেপি চৰকাৰে কি দায়বদ্ধতা প্ৰদৰ্শন কৰিছে সেয়া এক বৃহৎ প্ৰশ্নবোধক হৈ ৰৈছে। গংগা পৰিষ্কাৰ কৰাৰ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে, নমামি গংগাৰ দৰে উৎসৱ আয়োজন কৰা হৈছে যদিও গংগা প্ৰদূষিত নৈৰ পৰিচয় লৈয়েই বৈ থাকিবলগীয়া হৈছে। ২০১৪ চনত কেন্দ্ৰীয় চৰকাৰে ‘নেচনেল মিছন ফৰ ক্লীন গংগা’ (এনএমচিজি)আঁচনিৰ বাবে ২০হাজাৰ কোটি টকা ধাৰ্য কৰিছিল আৰু এই আঁচনিৰ প্ৰায় ১১হাজাৰ কোটি টকা বিত্ত মন্ত্ৰণালয়ে মোকলাই দিয়া বুলিও সংসদত তথ্য প্ৰকাশ কৰা হৈছিল। কিন্তু এই বিপুল পৰিমাণৰ অৰ্থ ব্যয়ৰ পাছতো গংগা পৰিষ্কৰণৰ দিশত কিমান সফল হৈছে চৰকাৰ? শেহতীয়াকৈ পোহৰলৈ অহা এটা তথ্যই গংগাৰ প্ৰতি কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু উত্তৰ প্ৰদেশৰ যোগী নেতৃত্বৰ চৰকাৰৰ দায়বদ্ধতা প্ৰসংগতে এটা বৃহৎ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।


দেশত ক’ভিডৰ দ্বিতীয় ঢৌ চলি থকাৰ সময়ত এটা খবৰে দেশজুৰি তোলপাৰ লগাইছিল। গংগাৰ বুকুৰে উটি অহা বহু অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। বহু লোকক গংগাৰ বুকুত পুতি থোৱাৰ ঘটনাও পোহৰলৈ আহিছিল। এইবোৰ কৰ’নাত মৃত্যু হোৱা লোকৰ মৃতদেহ বুলি ব্যাপক চৰ্চা চলিছিল আৰু ইয়াক লৈ তীব্ৰ আতংকময় পৰিৱেশৰো সৃষ্টি হৈছিল। সেই সময়ত চৰকাৰে এই সন্দৰ্ভত গা এৰা দিয়া ভূমিকা গ্ৰহণ কৰিছিল যদিও শেহতীয়াকৈ এই প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে আৰু কিমান দায়িত্বজ্ঞানহীনভাৱে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কৰ’নাত মৃত্যু হোৱা লোকৰ মৃতদেহ গংগাত উটুৱাই দিয়া হৈছিল সেই তথ্য প্ৰকাশ পাইছে। স্বচ্ছ গংগা মিছনৰ মুৰব্বীগৰাকীয়ে তেওঁৰ এখন গ্ৰন্থত এইকথা সদৰি কৰিছে যে, কৰ’নাৰ সময়ত গংগাত মৃতদেহ উটুৱাই দিয়া হৈছিল। ৰাষ্ট্ৰীয় স্বচ্ছ গংগা মিছনৰ সঞ্চালক ৰাজীৱ ৰঞ্জন মিশ্ৰই লিখা এই গ্ৰন্থখনৰ নাম হৈছে ‘গংগা : ৰিইমেইজিং, ৰিজুভিনেটিং, ৰিকানেকটিং।’ গ্ৰন্থখনৰ সহ-লেখক হৈছে পুস্কল উপাধ্যায়। গ্ৰন্থখনৰ এটা অধ্যায় ‘ফ্লটিং ক্ৰপছেছ : এ ৰিভাৰ ডিফাইলড’ত লিখা হৈছে যে, যি সময়ত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছিল আৰু শ্মশানত ব্যাপক ভিৰৰ সৃষ্টি হৈছিল সেই সময়ত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ গংগা ঘাট শৱদেহবোৰ নৈলৈ নিক্ষেপ কৰাৰ সহজ পথত পৰিণত হৈছিল। গ্ৰন্থখনত গংগাৰ তটৱৰ্তী বিভিন্ন ৰাজ্যৰ ক’ভিড ব্যৱস্থাপনাত থকা ত্ৰুটি তথা শৱদেহ সংৎকাৰ ব্যৱস্থাৰ দুৰ্বলতাৰ কথা উদঙাই দেখুৱাইছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, কৰ’নাত মৃতৰ সৎকাৰ ব্যৱস্থাৰ শিথিলতাৰ বাবে বিভিন্ন লোকে শৱদেহবোৰ নৈলৈ নিক্ষেপ কৰিছিল আৰু ই ভয়ংকৰ পৰিস্থিতি সৃষ্টিৰ আশংকা বৃদ্ধি কৰিছিল।

মন কৰিবলগীয়া যে, বিভিন্ন সংবাদ মাধ্যমে যেতিয়া গংগাৰে শৱদেহ উটি অহা সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল তেতিয়া চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অতি দায়িত্বহীনতাৰে কৈছিল যে, ৰাজ্যখনৰ পূব আৰু মধ্যভাগৰ বহু ঠাইত শৱদেহ নৈত উটুৱাই দিয়াৰ পৰম্পৰা আছে। অৰ্থাৎ এটা ভয়ংকৰ কাৰ্যক এনে গা এৰা দিয়া মনোভাবেৰে যোগী চৰকাৰে গাপ দিব বিচাৰিছিল। কিন্তু ৰাষ্ট্ৰীয় স্বচ্ছ গংগা মিছনৰ সঞ্চালকৰ গ্ৰন্থতে এই সম্পৰ্কত এতিয়া সত্য প্ৰকাশ পোৱাৰ পাছত গংগাক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ দায়বদ্ধতা কিমান তাক উদঙাই দিছে। গংগাৰ প্ৰতি শ্ৰদ্ধা-ভক্তি যে, কেৱল ৰাজনৈতিক অংকহে সেইকথা উদহাই দিছে এই তথ্যই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
হাচিফা খানমক নিজৰ কন্যাৰূপে স্বীকৃতি দি আজমলে ল’লে আজীৱন শিক্ষাৰ দায়িত্ব
উজনিৰ চাহ ব্যৱসায়ী-ক্ষুদ্ৰ খেতিয়কৰ হাহাকাৰ, বন্ধ হ'ল যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ
টীয়কৰ জ্যোতি বিদ্যাপীঠত বিদ্যালয় খোলাৰ প্ৰথমটো দিনতে জাতীয় সাজ-পাৰ পৰিধান শিক্ষক-শিক্ষাৰ্থী-কৰ্মচাৰীৰ
তিনিখন বিধেয়ক সদনত উত্থাপনৰ বাবে সংসদৰ অনুমোদন, লোকসভাৰ আসন বৃদ্ধিৰ বিতৰ্ক আৰম্ভ
অহা বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব শীর্ষ স্থানৰ তালিকা
চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মেট্ৰিক পৰীক্ষাত উজলিল নিজজুৰীয়াৰ আতিফ আহমেদ
মন্থৰ হ'ব বিশ্বৰ অৰ্থনৈতিক বিকাশ:ক্রিষ্টালিনা জৰ্জিভা
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল