--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাক্ষদ্বীপৰ ছবি পোষ্ট কৰাৰ পিছতে মোদীক কটাক্ষ কৰা মালদ্বীপৰ বিৰুদ্ধে ভাৰতত সৃষ্টি হৈছে প্ৰবল প্ৰতিবাদ।   বয়কট মালদ্বীপ শ্ল’গানে এতিয়া মালদ্বীপৰ চৰকাৰক কঁপাই তুলিছে।  মোদীক কটাক্ষ কৰাৰ বাবেই ভাৰতৰ বহুলোকে তেওঁলোকৰ মালদ্বীপ ভ্ৰমণৰ বাবে ক্ৰয় কৰা  টিকট বাতিল কৰিছে। এনে সময়তে দেশৰ কাষত থিয় হৈ থকাৰ কথা ঘোষণা কৰিছে   


 এটা ভাৰতীয় ভ্ৰমণ সংস্থাই। সংস্থাটোৱে মালদ্বীপলৈ কৰা বিমানৰ  সকলো বুকিং বাতিল কৰিছে। অনলাইন ভ্ৰমণ সংস্থাটোৰ  মতে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাক্ষদ্বীপ ভ্ৰমণ সন্দৰ্ভত মালদ্বীপৰ ছ'চিয়েল মিডিয়াত বহু  অপমানজনক মন্তব্য কৰা হৈছে। সেয়েহে, কোম্পানীটোৱে মালদ্বীপলৈ কৰা সকলো   বুকিং বাতিল কৰিছে। আনহাতে, দেশবাসীয়ে মালদ্বীপলৈ যোৱাৰ সলনি  লাক্ষাদ্বীপলৈ গৈ  বন্ধৰ দিন কটোৱাৰ বাবে বহুতে আহ্বান জনাইছে।  এনে আহ্বান জনোৱাসকলৰ ভিতৰত বলীউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি বহু প্ৰসিদ্ধ  ক্ৰিকেটাৰো আছে। 

 মালদ্বীপৰ চৰকাৰে  আশংকা কৰিছে যে যদি ভাৰতৰ জনসাধাৰণে মালদ্বীপ ভ্ৰমণ বাতিল কৰে, তেন্তে দেশখনৰ  অৰ্থনীতি ক্ষতিগ্ৰস্ত হ'ব।  উল্লেখ্য প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে লাক্ষদ্বীপ ভ্ৰমণৰ ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে সমালোচনাৰ কৰি  মন্ত্ৰী পদ হেৰুৱাবলগীয়া হৈছে মালদ্বীপৰ তিনি মন্ত্ৰীয়ে। মালদ্বীপৰ যুৱ পৰিক্ৰমা মন্ত্ৰী মাৰিয়াম শ্বেউনাই মোদীক  "পুতলা" বুলি অভিহিত কৰিছিল। মোদীক সমালোচনা কৰাৰ পিছতে মালদ্বীপৰ  মন্ত্ৰীগৰাকীক  নিলম্বন কৰা হয় । দুজন মন্ত্ৰী মালশা শ্বৰীফ আৰু মাহজুম মজিদকো একে কাৰণতে  নিলম্বিত কৰা হৈছে। ভাৰতীয় উচ্চআয়োগে ইতিমধ্যে সমগ্ৰ বিষয়টোকলৈ মালদ্বীপ চৰকাৰৰ সৈতে আলোচনা আৰম্ভ কৰিছে। মন কৰিবলগীয়া কথাটো হ’ল  মালদ্বীপৰ মন্ত্ৰীগৰাকীৰ  মন্তব্য পোহৰলৈ অহাৰ পিছতে ছ'চিয়েল মিডিয়াত বয়কট মালদ্বীপ হেচটেগ আৰম্ভ হয়। মোদীক কটাক্ষ কৰাৰ বাবেই বহু ভাৰতীয় লোকে মালদ্বীপলৈ ভ্ৰমণৰ বাবে  যোৱাৰ পৰিকল্পনা বাতিল কৰিছে।

উল্লেখ্য প্ৰধানমন্ত্ৰী মোদীয়ে  ৪ জানুৱাৰীত লাক্ষদ্বীপ ভ্ৰমণ কৰিছিল। তেওঁ সাগৰ আৰু সাগৰৰ পাৰৰ ফটো পোষ্ট কৰিছিল। তাৰ পিছতে  'চীনপন্থী' মালদ্বীপ চৰকাৰৰ একাংশ নেতা আৰু মন্ত্ৰীয়ে  প্ৰধানমন্ত্ৰীৰ ফটোকলৈ উপহাস কৰিবলৈ আৰম্ভ কৰে। যুৱ পৰিক্ৰমা মন্ত্ৰী মাৰিয়াম শ্বেউনাই মোডীক "ভাৱৰীয়া " বুলি অভিহিত কৰে। মালদ্বীপৰ নেতা জাহিদ ৰামিজে কয়, "ভাৰতৰ সমুদ্ৰতীৰ আমাৰ দৰে পৰিষ্কাৰ নহয়। এয়া  দুৰ্গন্ধৰে ভৰা। "

অৱশ্যে মালদ্বীপ চৰকাৰে ছ'চিয়েল মিডিয়াত মোদীকলৈ কেইবাটাও অপমানজনক মন্তব্য বিয়পি পৰাৰ পিছত নিজৰ স্থিতি স্পষ্ট কৰি দিছে। মালদ্বীপ চৰকাৰে এক বিবৃতিত  কৈছে , "বাক্ স্বাধীনতা সকলোৰে আছে, কিন্তু ইয়াক সুচিন্তিতভাবে  ব্যৱহাৰ কৰা উচিত। বিদ্বেষ বিয়পাবলৈ  বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত মালদ্বীপৰ স্থিতি অৱনমিত  কৰিবলৈ বাক্ স্বাধীনতাৰ অপব্যৱহাৰ কৰিব নালাগে। ছ'চিয়েল মিডিয়াত বিদেশী নেতাৰ বিৰুদ্ধে অপমানজনক মন্তব্যৰে গুঞ্জন উঠিছে। কিন্তু এয়া তেওঁলোকৰ ব্যক্তিগত মতামত আৰু মালদ্বীপ চৰকাৰৰ সৈতে এে মন্তব্যৰ  কোনো সম্পৰ্ক নাই। " খবৰ অনুসৰি মালীত মহম্মদ মুইজুৰ প্ৰশাসনৰ সৈতে ভাৰতৰ প্ৰতিনিধিৰ  আলোচনা চলি আছে। অৱশ্যে বিতৰ্কৰ সন্মুখীন হোৱাৰ পিছতে মালদ্বীপৰ মন্ত্ৰীয়ে তেওঁলোকৰ মোদীৰ বিৰুদ্ধে কৰা  মানহানিকৰ পোষ্টবোৰ বিলোপ কৰিছে। যোৱা বছৰ চীনপন্থী মুইজু ক্ষমতালৈ অহাৰ পিছৰে পৰা ভাৰত আৰু মালদ্বীপৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক তিক্ত হৈ পৰিছে। এতিয়া সেই বিবাদে  আন এক গতি লাভ কৰিছে। 

 মালদ্বীপৰ প্ৰথমগৰাকী  গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ নাছিদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়াকৈ লাক্ষাদ্বীপ দ্বীপপুঞ্জ ভ্ৰমণ সন্দৰ্ভত মালদ্বীপ চৰকাৰৰ এজন মন্ত্ৰীয়ে কৰা "কটাক্ষপূৰ্ণ " ছ'চিয়েল মিডিয়া পোষ্টক তীব্ৰ গৰিহণা দিছে।  মোদীয়ে  ৩২ বৰ্গ কিলোমিটাৰ এলেকা জুৰি থকা ৩৬ টা দ্বীপৰে গঠিত ভাৰতৰ  কেন্দ্ৰীয় শাসিত অঞ্চলটো ভ্ৰমণ কৰি  লাক্ষাদ্বীপৰ পৰ্যটনৰ প্ৰচাৰৰ পদক্ষেপ হিচাপে দ্বীপপুঞ্জৰ কিছু ছবি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। এই কথাকলৈয়েই মালদ্বীপৰ মন্ত্ৰীয়ে মোদীক কটাক্ষ কৰিছিল। শুকুৰবাৰে লাক্ষাদ্বীপ ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। চৰকাৰী অনুষ্ঠানৰ লগতে মোদীয়ে ব্যক্তিগত সময় কটাইছিল লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত। লাক্ষাদ্বীপৰ সমুদ্ৰ তীৰত প্ৰাতঃভ্ৰমণ, স্ন’ৰকেলিং কৰিছিল প্ৰধানমন্ত্ৰীয়ে মোদীয়ে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
গুগল, মেটালৈ জাননী জাৰি কৰিলে ই ডিয়ে
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই