--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ইডিৰ কাৰ্যালয়ত উপস্থিত হয় বলীউড অভিনেতা ৰণবীৰ সিং৷ মহাদেৱৰী অনলাইন গেমিং এপৰ ​​ধন সৰবৰাহৰ গোচৰত ৰণবীৰ কাপুৰৰ নাম সন্নিৱিষ্ট হৈ পৰিছিল। কোৱা হৈছিল যে অনলাইন গেমিং এপ গোচৰৰ অভিযুক্ত সৌৰভ চন্দ্ৰকাৰৰ বিয়াত অভিনেতাজন উপস্থিত আছিল।ৰণবীৰৰ বিৰুদ্ধে হাৱালাৰ জৰিয়তে বহু চেলিব্ৰিটীক ধন দিয়াৰ অভিযোগ। ইডিয়ে এই বিষয়ত সোধা-পোছাৰ বাবে ৰণবীৰ কাপুৰলৈ চমন প্ৰেৰণ কৰিছিল, যাৰ উত্তৰ মেইল ​​কৰিছে অভিনেতাগৰাকীয়ে।

মহাদেৱৰ অনলাইন গেমিং এপৰ ​​ধন সৰবৰাহৰ গোচৰত ইডিৰ পৰা দুসপ্তাহৰ সময় বিচাৰিছে ৰণবীৰে। ইডিয়ে শুকুৰবাৰে পুৱা ১০ বজাত হাজিৰ হ’বলৈ ৰণবীৰ কাপুৰক।ৰণবীৰ কাপুৰে ইডিলৈ মেইল ​​লিখি দুসপ্তাহৰ সময় বিচাৰিছে। ইয়াৰ আঁৰত অভিনেতাগৰাকীয়ে ব্যক্তিগত পাৰিবাৰিক কাৰণ আৰু পূৰ্বতে দিয়া প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰিছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মহাদেৱ বুক এপৰ প্ৰমোটাৰ সৌৰভ চন্দ্ৰকাৰৰ বিবাহ হৈছিল। বলীউডৰ বহু তাৰকাই এই বিবাহ অনুষ্ঠানত অংশ লৈছিল। সৌৰভৰ বিয়াখন ডুবাইত ৰাজকীয় শৈলীত অনুষ্ঠিত হৈছিল য’ত ২০০ কোটি টকা ব্যয় কৰা হৈছিল। বিয়াত বহু তাৰকাই অনুষ্ঠান পৰিৱেশন কৰে। এতিয়া মহাদেৱৰ অনলাইন গেমিং এপৰ ​​গোচৰত ৰণবীৰ কাপুৰৰ নাম পোহৰলৈ আহিছে। ইয়াৰ উপৰিও পাকিস্তানী গায়ক আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, অভিনেত্ৰী ছানী লিয়ন, বলীউডৰ গায়িকা নেহা কক্কৰ আৰু সংগীত সুৰকাৰ বিশাল দাদলানীৰ দৰে আন বহু তাৰকাৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু