--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ নতুন সাংসদ ভৱনক কফিনৰ স’তে তুলনা কৰিলে আৰজেডি-এ।  নতুন সংসাদ ভৱনৰ ডিজাইনক কফিনৰ সৈতে তুলনা কৰি এই বিতৰ্কৰ সৃষ্টি কৰিছে দলটোৱে।

উল্লেখ্য যে আজি দেশৰ নতুন সংসদ ভৱন উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শেহতীয়া কিছুদিন ধৰি নতুন ভৱন উদ্বোধনীক লৈ চলি আহিছে তীব্ৰ বিতৰ্ক। কেইবাটাও বিৰোধী দলে ইতিমধ্যে বৰ্জন কৰিছে আজিৰ উদ্বোধনী অনুষ্ঠান।

আজি পুৱাৰ ভাগত এক টুইট যোগে আৰজেডিয়ে সাংসদ ভৱনক কফিনৰ স’থে তুলনা কৰে। টুইটটোত নতুন সংসদ ভৱনৰ ছবিৰ কাষতে কফিনৰ ছবি এখন টুইট কৰি “এইটো কি” বুলি উল্লেখ কৰিছিল আৰজেডি- এ।

আৰজেডি নেতা শক্তি সিং যাদৱে দলৰ এই টুইটটোৰ সমৰ্থনত কয়, “আমাৰ টুইটত থকা কফিনটো গণতন্ত্ৰক সমাধিস্থ কৰাৰ প্ৰতিনিধিত্বমূলক। দেশে এই কথা মানি নলয়। সংসদ গণতন্ত্ৰৰ মন্দিৰ আৰু আলোচনাৰ স্থান।”

ইফালে আৰজেডি-ৰ এই টুইটৰ কিছু সময়ৰ পাছতে বিজেপিয়ে প্ৰত্যুত্তৰ জনায় আৰু নতুন সংসদ ভৱনৰ ডিজাইনক কফিনৰ সৈতে তুলনা কৰা লোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিব লাগে বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস