--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ শেহতীয়া ছবি পাঠানৰ বেছৰম ৰং শীৰ্ষক গীতটিক কেন্দ্ৰ কৰি গেৰুৱা শিবিৰে শ্বাহৰুখ-দীপিকা পাডুকন অভিনীত ছবি খন নিষিদ্ধ কৰাৰ বাবে উঠি-পৰি লাগিছিল৷ আনকি বহুতে শ্বাহৰুখ খানৰ শ্ৰাদ্ধও পাতিছিল৷ বহু ঠাইত পাঠানৰ পোষ্টাৰ ফালি পেলোৱা হৈছিল৷ কিন্তু এতিয়াৰে পৰা শ্বাহৰুখ খানৰ ছবিৰ বিৰোধিতা নকৰে বিজেপিৰ নেতাসকলে৷ আপাততঃ তেনে ধাৰণাই কৰিছে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি)য়ে ৷ 

দেওবাৰে এনচিপিৰ এগৰাকী মুখপাত্ৰই  কয়  যে মহাৰাষ্ট্ৰত ভাৰতীয় জনতা পাৰ্টিৰ বিজেপি নেতাসকলে এতিয়া আৰু চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবিৰ বিৰুদ্ধে  নিষেধাজ্ঞা জাৰি কৰাৰ আহ্বান নজনায়৷ কাৰণ অভিনেতাজনে নতুন সংসদ ভৱনৰ উদ্বোধনত আনন্দ প্ৰকাশ কৰিছে।



 উল্লেখ্য দেশৰ ১৯ টাকৈ বিৰোধী দলে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ সময়তে বহুতেই এই অনুষ্ঠানৰ বাবে মোদীক অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছাও জনাইছে৷ সেই অভিনন্দন জনোৱা ব্যক্তিসকলৰ ভিতৰত শ্বাহৰুখ খানো এজন৷ দেওবাৰে  পুৱাৰ ভাগতে শ্বাহৰুখ  খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা নতুন সংসদ ভৱন উদ্বোধনত আনন্দ প্ৰকাশ কৰি  এটা ভিডিঅ' টুইট কৰে। ৫৭ বছৰীয়া অভিনেতাজনে ভিডিঅ’  ক্লিপটোত কয়,"আমাৰ সংবিধান সুৰক্ষিত কৰা,  এই মহান ৰাষ্ট্ৰৰ প্ৰতিজন নাগৰিকক প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি নৰেন্দ্ৰ মোদীজীৰ বৈচিত্ৰ্য সুৰক্ষিত কৰা লোকসকলৰ বাবে কি এক সুন্দৰ নতুন ঘৰ। নতুন ভাৰতৰ বাবে এটা নতুন সংসদ ভৱন কিন্তু ভাৰতৰ বাবে গৌৰৱ কৰিব বহুদিনীয়া সপোনৰ সৈতে। জয় হিন্দ! মোৰ সংসদ, মোৰ গৌৰৱ"।

উল্লেখ্য এনচিপিকে ধৰি প্ৰায় ২০ টা বিৰোধী দলে প্ৰধানমন্ত্ৰীৰ আজিৰ  অনুষ্ঠানটো বৰ্জন কৰিছে৷  ৰাষ্ট্ৰপতিৰ সলনি  প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱনটো উদ্বোধন কৰাৰ প্ৰতিবাদ জনায়েই বিৰোধী দলসমূহে আজিৰ অনুষ্ঠানটো বৰ্জন কৰে৷ 

ইপিনে শ্বাহৰুখ  খানে মোদীক প্ৰশ্ংসা কৰি কৰা ভিডিঅ’ ক্লিপটো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি  এন চি পিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ক্লাইড ক্ৰেষ্টোৱে টুইট কৰে, 'এতিয়া যিহেতু  শ্বাহৰুখ খানে নতুন সংসদ ভৱনৰ সপক্ষে কথা কৈছে, আমি শীঘ্ৰেই মহাৰাষ্ট্ৰ বিজেপিৰ  নেতাসকলে   তেওঁৰ ছবিৰ বিৰুদ্ধে  নিষেধাজ্ঞা জাৰি নকৰাটো  দেখা পাম।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস