--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিখ্যাত ইউটিউবাৰ কামিয়া জানীৰ জগন্নাথ মন্দিৰ ভ্ৰমণে সৃষ্টি কৰিছে এক নতুন বিতৰ্কৰ। ভাৰতীয় জনতা পাৰ্টিয়ে কামিয়া জানীয়ে ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰ ভ্ৰমণক লৈ আপত্তি প্ৰকাশ কৰিছে। দলটোৱে কয় যে কেনেকৈ গো-মাংসৰ প্ৰচাৰ কৰা এজন ব্যক্তিয়ে জগন্নাথ মন্দিৰৰ দৰে পবিত্ৰ স্থানত ভ্ৰমণ কৰা অনুচিত। কেৱল এয়াই নহয়, কামিয়া জানীক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনাইছে বিজেপিয়ে।

এই বিষয়টোক লৈ ওড়িশাৰ শাসকীয় বিজু জনতা দল (বিজেডি) আৰু বিজেপিৰ ৰাজ্যিক ইউনিট মুখামুখি হৈছে কাৰণ বিজেপিয়ে কয় যে বিজেডি নেতা ভি কে পাণ্ডিয়ানেও কামিয়াৰ সৈতে মন্দিৰলৈ গৈ মন্দিৰৰ মহাপ্ৰসাদ গ্ৰহণ কৰিছিল। আনহাতে বিজেডিয়েও বিজেপিৰ অভিযোগক তীব্ৰ আক্ৰমণ কৰি মন্দিৰৰ উন্নয়নৰ প্ৰতি দল অসহিষ্ণু বুলি মন্তব্য কৰে। কামিয়া জানীয়ে যোৱা ২৯ নৱেম্বৰত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত নিজৰ জগন্নাথ যাত্ৰাৰ ফটোখন আপলোড কৰিছিল।

কোটি কোটি হিন্দুৰ আৱেগক আঘাত দিয়াৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ ২৯৫ ধাৰাৰ অধীনত ইউটিউবাৰ কামিয়া জানীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে যতীন মহন্তই। কামিয়াই কেনেকৈ জগন্নাথ মন্দিৰৰ ভিতৰত কেমেৰা লৈ যাব পাৰে সেই সন্দৰ্ভতো বিজেপিয়ে আপত্তি প্ৰকাশ কৰাৰ বিপৰীতে শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনে ইয়াক নিষিদ্ধ কৰিছে। কাম্যা জানীয়ে নিজৰ ইউটিউব চেনেলত এটা ভিডিঅ’ আপলোড কৰিছে, য’ত তেওঁক ভি কে পাণ্ডিয়ানৰ সৈতে কথা পতা দেখা গৈছে। ইয়াত ভি কে পাণ্ডিয়ানে মহাপ্ৰসাদৰ গুৰুত্ব, ঐতিহ্য কৰিডৰ প্ৰকল্প আৰু মন্দিৰৰ উন্নয়নৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ে কৈছে।

বিজেপিৰ ৰাজ্যিক ইউনিটৰ সাধাৰণ সম্পাদক যতীন মহন্তই কয়, ‘পুৰীৰ জগন্নাথ মন্দিৰত মহাপ্ৰসাদ গ্ৰহণ কৰাৰ সময়ত বিজেডি নেতা ভি কে পাণ্ডিয়ান আৰু ইউটিউবাৰ কামিয়া জনীয়ে ভিডিঅ’ নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে কামিয়া জানীয়ে গো-মাংস খোৱাৰ ভিডিঅ’ পোষ্ট কৰিছিল। গো-মাংস খোৱাসকলক মন্দিৰত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আমি আহ্বান জনাইছো যে এটা সম্প্ৰদায়ৰ আৱেগক আঘাত দিয়াৰ বাবে আই পি চিৰ ২৯৫ ধাৰাত গোচৰ ৰুজু কৰা উচিত। যদি তেওঁলোকক গ্ৰেপ্তাৰ কৰা নহয় তেন্তে আমি আদালতলৈ যাম।

ক্ৰমবৰ্ধমান বিতৰ্ক দেখি কামিয়া জানীয়েও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত তেওঁৰ ষ্ট’ৰীত তেওঁ কয় যে তেওঁ কেতিয়াও গো-মাংস খোৱা নাই। কামিয়াই পোষ্টটোত লিখিছে, ‘ভাৰতীয় হোৱাৰ বাবে মই ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্য চাব বিচাৰো। ভাৰতৰ সকলো জ্যোতিৰ্লিংগ আৰু চাৰিটা ধাম ভ্ৰমণ কৰিছো আৰু মোৰ বাবে ই এক বৃহৎ সৌভাগ্যৰ বিষয়। সাৰ পাই উঠি এটা অদ্ভুত বাতৰিৰ লেখা পঢ়িলোঁ, য’ত মোৰ জগন্নাথ মন্দিৰ ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন হ’ল। মোক কোনেও একো সোধা নাই, কিন্তু তথাপিও মই স্পষ্টকৈ ক’ব বিচাৰো যে মইও গো-মাংস নাখাওঁ আৰু কেতিয়াও গো-মাংস খোৱা নাই। জয় জগন্নাথ।

বিজেপিৰ অভিযোগ সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেডিয়ে অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰে। জগন্নাথ মন্দিৰৰ উন্নয়ন সন্দৰ্ভত বিজেপিক সহনশীল বুলি অভিযোগ উত্থাপন কৰিছে বিজেডিয়ে। কামিয়া জানীয়ে মন্দিৰ চৌহদৰ ভিতৰত নহয়, ৰাধা বল্লৱ মঠত মহাপ্ৰসাদ লাভ কৰা বুলিও বিজেডিয়ে স্পষ্ট কৰি দিয়ে। আনহাতে, শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনে মন্দিৰ চৌহদৰ ভিতৰলৈ গৈ কেমেৰা সংগ্ৰহ কৰাৰ অভিযোগ নাকচ কৰিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত টুইট কৰে এছজেটিএই এইবোৰত কোনো সত্যতা নাই। যদি কাৰোবাৰ হাতত ইয়াৰ কোনো প্ৰমাণ আছে আৰু দাখিল কৰে তেন্তে তাৰ তদন্ত কৰা হ’ব আৰু তাৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক