--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত যিমানেই পনীৰ নাখাওক কিয়, যিমানেই দামী ডাঙৰ ৰেষ্টুৰেণ্টত গৈ পনীৰৰ ব্যঞ্জন অৰ্ডাৰ নকৰক কিয়, বিয়াত পনীৰ খোৱাৰ আনন্দই কিবা এটা বেলেগ। এই কাৰণে বিয়াত বহু লোকে পনীৰ বিচাৰে। বিয়াঘৰৰ পনীৰৰ সোৱাদ লৈ বহু লোকে সুখ অনুভৱ কৰে। কিন্তু আপুনি কেতিয়াবা কোনোবাই পনীৰক লৈ কাজিয়া কৰা দেখিছেনে? বৰ্তমান এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত দাবী কৰা হৈছে যে বিয়াত পনীৰৰ বাবে মাৰপিট লাগিছে।

টুইটাৰ একাউণ্ট @gharkekalesh ত পোষ্ট কৰা হৈছে ভিডিঅ’টো। বিবাহৰ ভিডিঅ’ত অতিথিসকলে চকী দলিয়াই হুলস্থূল লগায়। ভিডিঅ’টোত দাবী কৰা হৈছে যে কাজিয়া কৰা লোকসকল দৰাঘৰীয়া আৰু কইনাঘৰীয়া। কাজিয়াৰ কাৰণ হ’ল মটৰ পনীৰত পনীৰ পোৱা নগ’ল। অৱশ্যে ভিডিঅ’টোৰ দাবীৰ সত্যতা প্ৰাগ ডিজিটেলে নিশ্চিত কৰা নাই।




ভাইৰেল ভিডিঅ’টোত আপুনি দেখিছে যে বহু লোকে ইজনে সিজনৰ লগত মাৰপিট কৰা দেখা গৈছে। ইয়াৰ উপৰিও চকীও দলিয়াই দিয়া হৈছে। মাজত ডাইনিং টেবুল এখন আছে যাৰ প্ৰতি কোনেও গুৰুত্ব দিয়া নাই। পিছফালে দেখা যায় যে মানুহে চকী দাঙি হাতত লৈ আছে। বহুতে এই সকলোবোৰ কেৱল নীৰৱ দৰ্শকৰ দৰে চাই আছে।

এই ভিডিঅ'টোৱে ২ লাখ ১০ হাজাৰতকৈও অধিক ভিউ লাভ কৰাৰ বিপৰীতে বহুতে কমেণ্ট ছেকচনত নিজৰ মতামত দিছে।  এজনে ক’লে, “তৃতীয় বিশ্বযুদ্ধ পনীৰৰ বাবেই হ’ব যেন লাগিছে।’’

সঁচাকৈয়ে মানুহৰ যে ইমান লোভ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক