--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অহা মাহত অনুষ্ঠিত হ’বলগীয়া গোৱা বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰৰ তৎপৰতা ব্যাপক ৰূপত বৃদ্ধি পাইছে। এইবাৰ গোৱাত নতুনকৈ আম আদমী পাৰ্টী আৰু মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছেও খোপনি পুতিবলৈ চেষ্টা কৰিছে। বহুধাবিভক্ত নিৰ্বাচনী ৰণে গোৱাৰ ৰাজনীতিক যিমান আকৰ্ষণীয় কৰি তুলিছে ঠিক তেনেকৈ আন এটা দিশেও এই নিৰ্বাচনী ৰণক দিছে বিশেষ তাৎপৰ্য। গোৱাত প্ৰতিফলিত হৈছে এক বিশেষ ৰাজনৈতিক সমীকৰণ। এই সমীকৰণে এই নিৰ্বাচনক এক আকৰ্ষণীয় ৰূপ দিয়া দেখা গৈছে। গোৱা বিধানসভা নিৰ্বাচনত ৫টা দম্পতীয়ে তেওঁলোকৰ ৰাজনৈতিক ভাগ্য পৰীক্ষাৰ বাবে অৱতীৰ্ণ হৈছে। যদি কোনো কাৰণত তেওঁলোক আটায়ে নিৰ্বাচিত হয় তেন্তে তেওঁলোকেই গোৱা বিধানসভাৰ এক চতুৰ্থাংশ দখল কৰিব। গোৱা বিধানসভাৰ সদস্যসংখ্যা হৈছে ৪০জন। ইয়াৰে চাৰিভাগৰ এভাগ অৰ্থাৎ ১০জন সদস্য হ’ব পাৰে পতি-পত্নী। গোৱাৰ বৰ্তমানৰ শাসকীয় দল বিজেপিয়ে দুটা দম্পতীক দলৰ টিকট দিছে। আনহাতে তেওঁলোকৰ এগৰাকী প্ৰাৰ্থীৰ পত্নীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে এটাকৈ দম্পতীক দিছে নিৰ্বাচনী টিকট। বিজেপিৰ নেতা তথা বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিৎ ৰাণেই ভালপোই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আনহাতে তেওঁৰ পত্নী দেৱীয়াই পৰিয়েম সমষ্টিৰ পৰা বিজেপিৰ হৈ মনোনয়ন দাখিল কৰিছে। আকৰ্ষণীয় কথাটো হ’ল পৰিয়েম সমষ্টিৰ এতিয়াৰ বিধায়ক হৈছে কংগ্ৰেছ নেতা তথা দেৱীয়াৰ শহুৰেক প্ৰতাপসিং ৰাণে। বিজেপিয়ে পানাজী সমষ্টিৰ পৰা এটানাছিঅ’ মনছেৰাটক টিকট দিছে।আনহাতে তেওঁৰ পত্নী জেনিফাৰক টিকট দিছে টালেইগাঁও সমষ্টিৰ পৰা। উল্লেখ্য যে, ২০১৯চনত এই ৰাজনৈতিক দম্পতীটোৱে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল। উপ মুখ্যমন্ত্ৰী চন্দ্ৰকান্ত কাভলেকাৰ আৰু তেওঁৰ পত্নী সাৱিত্ৰী কাভলেকাৰো এই তালিকাত আছে। ইফালে, কংগ্ৰেছে মাইকেল লোবো আৰু তেওঁৰ পত্নী দেলিলাহকো টিকট দিছে। আমোদজনক কথাটো হ’ল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অলপতে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিছিল। তেওঁ বিজেপি ত্যাগ কৰাৰ কাৰণেই হৈছে যে, তেওঁৰ পত্নীক দলে টিকট দিয়া নাছিল। ইফালে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে কিৰণ কান্দোলকাৰ আৰু তেওঁৰ পত্নীকো বিধানসভা নিৰ্বাচনৰ বাবে টিকট দিছে। ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ এই পাৰিবাৰিক ৰাজনীতিয়েও এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক