--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অহা মাহত অনুষ্ঠিত হ’বলগীয়া গোৱা বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰৰ তৎপৰতা ব্যাপক ৰূপত বৃদ্ধি পাইছে। এইবাৰ গোৱাত নতুনকৈ আম আদমী পাৰ্টী আৰু মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছেও খোপনি পুতিবলৈ চেষ্টা কৰিছে। বহুধাবিভক্ত নিৰ্বাচনী ৰণে গোৱাৰ ৰাজনীতিক যিমান আকৰ্ষণীয় কৰি তুলিছে ঠিক তেনেকৈ আন এটা দিশেও এই নিৰ্বাচনী ৰণক দিছে বিশেষ তাৎপৰ্য। গোৱাত প্ৰতিফলিত হৈছে এক বিশেষ ৰাজনৈতিক সমীকৰণ। এই সমীকৰণে এই নিৰ্বাচনক এক আকৰ্ষণীয় ৰূপ দিয়া দেখা গৈছে। গোৱা বিধানসভা নিৰ্বাচনত ৫টা দম্পতীয়ে তেওঁলোকৰ ৰাজনৈতিক ভাগ্য পৰীক্ষাৰ বাবে অৱতীৰ্ণ হৈছে। যদি কোনো কাৰণত তেওঁলোক আটায়ে নিৰ্বাচিত হয় তেন্তে তেওঁলোকেই গোৱা বিধানসভাৰ এক চতুৰ্থাংশ দখল কৰিব। গোৱা বিধানসভাৰ সদস্যসংখ্যা হৈছে ৪০জন। ইয়াৰে চাৰিভাগৰ এভাগ অৰ্থাৎ ১০জন সদস্য হ’ব পাৰে পতি-পত্নী। গোৱাৰ বৰ্তমানৰ শাসকীয় দল বিজেপিয়ে দুটা দম্পতীক দলৰ টিকট দিছে। আনহাতে তেওঁলোকৰ এগৰাকী প্ৰাৰ্থীৰ পত্নীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে এটাকৈ দম্পতীক দিছে নিৰ্বাচনী টিকট। বিজেপিৰ নেতা তথা বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী বিশ্বজিৎ ৰাণেই ভালপোই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আনহাতে তেওঁৰ পত্নী দেৱীয়াই পৰিয়েম সমষ্টিৰ পৰা বিজেপিৰ হৈ মনোনয়ন দাখিল কৰিছে। আকৰ্ষণীয় কথাটো হ’ল পৰিয়েম সমষ্টিৰ এতিয়াৰ বিধায়ক হৈছে কংগ্ৰেছ নেতা তথা দেৱীয়াৰ শহুৰেক প্ৰতাপসিং ৰাণে। বিজেপিয়ে পানাজী সমষ্টিৰ পৰা এটানাছিঅ’ মনছেৰাটক টিকট দিছে।আনহাতে তেওঁৰ পত্নী জেনিফাৰক টিকট দিছে টালেইগাঁও সমষ্টিৰ পৰা। উল্লেখ্য যে, ২০১৯চনত এই ৰাজনৈতিক দম্পতীটোৱে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল। উপ মুখ্যমন্ত্ৰী চন্দ্ৰকান্ত কাভলেকাৰ আৰু তেওঁৰ পত্নী সাৱিত্ৰী কাভলেকাৰো এই তালিকাত আছে। ইফালে, কংগ্ৰেছে মাইকেল লোবো আৰু তেওঁৰ পত্নী দেলিলাহকো টিকট দিছে। আমোদজনক কথাটো হ’ল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অলপতে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগ দিছিল। তেওঁ বিজেপি ত্যাগ কৰাৰ কাৰণেই হৈছে যে, তেওঁৰ পত্নীক দলে টিকট দিয়া নাছিল। ইফালে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে কিৰণ কান্দোলকাৰ আৰু তেওঁৰ পত্নীকো বিধানসভা নিৰ্বাচনৰ বাবে টিকট দিছে। ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনৰ এই পাৰিবাৰিক ৰাজনীতিয়েও এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু