--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমুখত ২০২৪ৰ লোকসভা নিৰ্বাচন৷ ইতিমধ্যে তৎপৰতা বৃদ্ধি পাইছে শাসক আৰু বিৰোধীৰ৷শেহতীয়াকৈ ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰথমখন সমন্বয় সমিতিৰ বৈঠকত সদস্য দলসমূহে একাংশ নিউজ এংকৰৰ অনুষ্ঠান বৰ্জন কৰাৰ আৰু সেই সমূহ এংকৰৰ তালিকা এখন উলিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এইদৰে প্ৰথম সমন্বয় সমিতিখনে মুম্বাইৰ বৈঠকৰ পাছত গঠন হোৱা সংবাদ মাধ্যমৰ উপ-সমিতিখনক বিৰোধী দলৰ প্ৰতি ব্যক্তিগত শত্ৰুতা প্ৰদৰ্শন কৰা বুলি অভিযোগ উত্থাপন কৰা টেলিভিছন এংকৰসকলক বৰ্জন কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰে।

ইণ্ডিয়াই প্ৰকাশ কৰা তালিকাখনত আছে নিউজ১৮ৰ অমন চোপ্ৰা, অমিশ দেৱগন আৰু আনন্দ নৰসিংহন, ভাৰত এক্সপ্ৰেছৰ অদিতি ত্যাগী, ডি ডি নিউজৰ অশোক শ্ৰীবাস্তৱ, আজ টকৰ সুধীৰ চৌধুৰী আৰু চিত্ৰা ত্ৰিপাঠী, ভাৰত২৪ৰ ৰুবিকা লিয়াকট, ইণ্ডিয়া টুডেৰ গৌৰৱ সাৱন্ত আৰু শিৱ আৰুৰ, ইণ্ডিয়া টিভিৰ প্ৰাচী পৰাশৰ, টাইমছ নাও নৱভাৰতৰ নৱিকা কুমাৰ আৰু সুশান্ত সিনহা, আৰু ৰিপাব্লিক ভাৰতৰ অৰ্ণব গোস্বামীৰ দৰে নিউজ এংকৰ।

কিন্তু ভাৰতীয় জনতা ইণ্ডিয়া মিত্ৰজোঁটৰ এই বয়কটৰ কাৰ্যক লৈ সুখী নহয়৷কাৰণ সাধাৰণ জনতাই বিচাৰে যে গোদী মিডিয়াৰ এইসকল এংকৰৰ সৈতে বিৰোধী নেতাসকলে আলোচনা কৰি দিয়ক যোগ্য প্ৰত্যুত্তৰ৷কাৰণ নহ’লে এইসকল বিশেষ প্ৰপাগেণ্ডা অনুসৰণকাৰী এংকৰসকলে ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰুদ্ধে ভুৱা তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰে ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু