--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব কঁপোৱা গুজৰাটৰ গোধৰা কাণ্ডৰ আজি দুটা দশক সম্পূৰ্ণ হ’ল৷ ২০০২ৰ ২৭ ফেব্ৰুৱাৰীৰ পুৱা গুজৰাটত সংঘটিত হৈছিল শিহৰণকাৰী ঘটনা৷ অযোধ্যাৰ পৰা উভতি অহা ৫৯জন হিন্দু তীৰ্থযাত্ৰী আৰু কৰসেৱক গুজৰাটৰ গোধৰা ৰেল ষ্টেচনৰ ওচৰত সবৰমতী এক্সপ্ৰেছ ৰে’লৰ ভিতৰত সংঘটিত অগ্নিকাণ্ডত নিহত হৈছিল। তদানীন্তন গুজৰাট চৰকাৰে সেই ৰে’ল জ্বলোৱা ঘটনাৰ তদন্তৰ বাবে গঠন কৰা আয়োগে ঘটনাটোৰ তদন্ত ৬ বছৰজুৰি চলাই নিয়ে আৰু এই সিদ্ধান্তত উপণীত হয় যে ১,০০০ৰ পৰা ২,০০০ মুছলমান জনতাৰ দ্বাৰা অগ্নিসংযোগ কৰা হৈছিল। দুই দশকে দেশে পাহৰা নাই সেই ক’লা অধ্যায়। এখন আদালতে ঘটনাটো আৰু অপৰাধৰ ষড়যন্ত্ৰৰ বাবে ৩১জনীয়া মুছলমান ব্যক্তিৰ এটা গোটক দোষী সাব্যস্ত কৰে। গুজৰাটৰ গোধৰা কাণ্ড আজিও দেশৰ ইতিহাসৰ এক দুখজনক অধ্যায় হৈ আছে৷ ২০ বছৰ পূৰ্বে এই দিনটোতে এই ঘটনা সংঘটিত হৈছিল, যিয়ে পৰৱৰ্তী সময়ত দেশৰ ৰাজনীতিৰ ৰূপ সলনি কৰি পেলাইছিল৷ সেই ঘটনাৰ পাছতে গুজৰাটৰ বহুতো অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। আকৌ, সেই সাম্প্ৰদায়িক হিংসাৰ ঘটনাত ১২০০তকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছিল। গুজৰাটৰ পঞ্চমহল জিলাত অৱস্থিত গোধৰা ৰেল ষ্টেচনৰ লক্ষ্য হৈ পৰিছিল সবৰমতী এক্সপ্ৰেছ আৰু ইয়াতেই জীৱিত কৰ্মসেৱকক জ্বলাই দিয়াৰ দৰে হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছিল৷ ঘটনাৰ বিৱৰণীমতে, সবৰমতী এক্সপ্ৰেছ গোধৰা ষ্টেচন পোৱালৈকে সকলো ঠিকেই আছিল, কিন্তু যেতিয়া ৰেলখন তাৰ পৰা আগবাঢ়িছিল, তেতিয়া কোনোবাই চেইন টানি ৰে’লখন ৰখাইছিল। ইয়াৰ পাছত উন্মত্ত জনতাই প্ৰচণ্ড শিলাবৰ্ষণ আৰম্ভ কৰে আৰু ৰে’লখনৰ এছ-৬ ডবাত অগ্নিসংযোগ কৰে৷ এই ঘটনাৰ মূল অভিযুক্ত ৰফিকক ১৯ বছৰৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১১ৰ ২২ ফেব্ৰুৱাৰীত বিশেষ আদালতে গোচৰটোত ৩১জন লোকক দোষী সাব্যস্ত কৰিছিল আৰু আন ৬৩জনক নিৰ্দোষী বুলি ঘোষণা কৰা হৈছিল। বিশেষ আদালতে গোধৰা গোচৰত ১১জনক মৃত্যুদণ্ড আৰু ২০জনক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক