--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব কঁপোৱা গুজৰাটৰ গোধৰা কাণ্ডৰ আজি দুটা দশক সম্পূৰ্ণ হ’ল৷ ২০০২ৰ ২৭ ফেব্ৰুৱাৰীৰ পুৱা গুজৰাটত সংঘটিত হৈছিল শিহৰণকাৰী ঘটনা৷ অযোধ্যাৰ পৰা উভতি অহা ৫৯জন হিন্দু তীৰ্থযাত্ৰী আৰু কৰসেৱক গুজৰাটৰ গোধৰা ৰেল ষ্টেচনৰ ওচৰত সবৰমতী এক্সপ্ৰেছ ৰে’লৰ ভিতৰত সংঘটিত অগ্নিকাণ্ডত নিহত হৈছিল। তদানীন্তন গুজৰাট চৰকাৰে সেই ৰে’ল জ্বলোৱা ঘটনাৰ তদন্তৰ বাবে গঠন কৰা আয়োগে ঘটনাটোৰ তদন্ত ৬ বছৰজুৰি চলাই নিয়ে আৰু এই সিদ্ধান্তত উপণীত হয় যে ১,০০০ৰ পৰা ২,০০০ মুছলমান জনতাৰ দ্বাৰা অগ্নিসংযোগ কৰা হৈছিল। দুই দশকে দেশে পাহৰা নাই সেই ক’লা অধ্যায়। এখন আদালতে ঘটনাটো আৰু অপৰাধৰ ষড়যন্ত্ৰৰ বাবে ৩১জনীয়া মুছলমান ব্যক্তিৰ এটা গোটক দোষী সাব্যস্ত কৰে। গুজৰাটৰ গোধৰা কাণ্ড আজিও দেশৰ ইতিহাসৰ এক দুখজনক অধ্যায় হৈ আছে৷ ২০ বছৰ পূৰ্বে এই দিনটোতে এই ঘটনা সংঘটিত হৈছিল, যিয়ে পৰৱৰ্তী সময়ত দেশৰ ৰাজনীতিৰ ৰূপ সলনি কৰি পেলাইছিল৷ সেই ঘটনাৰ পাছতে গুজৰাটৰ বহুতো অঞ্চলত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। আকৌ, সেই সাম্প্ৰদায়িক হিংসাৰ ঘটনাত ১২০০তকৈও অধিক লোকে প্ৰাণ হেৰুৱাইছিল। গুজৰাটৰ পঞ্চমহল জিলাত অৱস্থিত গোধৰা ৰেল ষ্টেচনৰ লক্ষ্য হৈ পৰিছিল সবৰমতী এক্সপ্ৰেছ আৰু ইয়াতেই জীৱিত কৰ্মসেৱকক জ্বলাই দিয়াৰ দৰে হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছিল৷ ঘটনাৰ বিৱৰণীমতে, সবৰমতী এক্সপ্ৰেছ গোধৰা ষ্টেচন পোৱালৈকে সকলো ঠিকেই আছিল, কিন্তু যেতিয়া ৰেলখন তাৰ পৰা আগবাঢ়িছিল, তেতিয়া কোনোবাই চেইন টানি ৰে’লখন ৰখাইছিল। ইয়াৰ পাছত উন্মত্ত জনতাই প্ৰচণ্ড শিলাবৰ্ষণ আৰম্ভ কৰে আৰু ৰে’লখনৰ এছ-৬ ডবাত অগ্নিসংযোগ কৰে৷ এই ঘটনাৰ মূল অভিযুক্ত ৰফিকক ১৯ বছৰৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১১ৰ ২২ ফেব্ৰুৱাৰীত বিশেষ আদালতে গোচৰটোত ৩১জন লোকক দোষী সাব্যস্ত কৰিছিল আৰু আন ৬৩জনক নিৰ্দোষী বুলি ঘোষণা কৰা হৈছিল। বিশেষ আদালতে গোধৰা গোচৰত ১১জনক মৃত্যুদণ্ড আৰু ২০জনক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
লামডিঙত ন'বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি উত্তাল প্ৰতিবাদ
প্ৰেমিকাক কোলাত বহুৱাই ৰাজপথত প্ৰেমিকৰ বাইক ষ্টাণ্ট! ৫৩,৫০০ টকাৰ জৰিমনা আৰক্ষীৰ
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
পশ্চিম কাৰ্বিআংলঙত চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত