--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে। তিনিখন ৰাজ্যৰ নিৰ্বাচন সমাপ্ত হৈছে। উত্তৰ প্ৰদেশৰ ৭টা পৰ্যায়ৰ ভিতৰত পাঁচটা সম্পূৰ্ণ হৈছে। এতিয়া উত্তৰ পূবৰ একমাত্ৰ ৰাজ্য মণিপুৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ৫মাৰ্চত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে মণিপুৰৰ বিভিন্নজন প্ৰাৰ্থীৰ সম্পত্তিৰ তালিকা প্ৰকাশ পাইছে। এছ’চিয়েচন অব ডেম’ক্ৰেটিক ৰিফৰ্ম চমুকৈ এডিআৰে সদৰি কৰিছে বিভিন্ন জন প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণ। সেই তথ্য অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং পূৰ্বৰ তুলনাত দুখীয়াহে হৈছে। ২০১৭ চনতকৈ তেওঁৰ সম্পত্তিৰ পৰিমাণ সামান্য হ্ৰাস হোৱা বুলি তেওঁ নিৰ্বাচন আয়োগক দিয়া শপতনামাত উল্লেখ কৰিছে। তেওঁ আয়োগক দিয়া তথ্য অনুসৰি ২০১৭ চনতকৈ এইবাৰ তেওঁৰ সম্পত্তিৰ মূল্য ৪লাখ হ্ৰাস হৈছে। তাৰ বিপৰীতে উপ মুখ্যমন্ত্ৰী য়ামনাম জয়কুমাৰ সিঙৰ সম্পত্তিৰ পৰিমাণ এই সময়ছোৱাত প্ৰায় দুগুণ হৈছে। এন বীৰেন সিঙে দিয়া তথ্য অনুকৰন ২০১৭চনত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ১.৫২কোটি। এইবাৰ সেয়া ১.৪৭ কোটিলৈ হ্ৰাস হৈছে। আনহাতে উপ মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ মূল্য ২.২৯কোটিৰ পৰা ৫.০৫ কোটিলৈ বৃদ্ধি পাইছে। এডিআৰ-এ মণিপুৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৬০গৰাকী বৰ্তমানৰ বিধায়কৰ সম্পত্তিৰ তেওঁলোকে নিজেই শপতনামাত দিয়া তথ্য বিশ্লেষণ কৰি দেখিছে যে ৫৩গৰাকী বিধায়ক অৰ্থাৎ ৮৮শতাংশ বিধায়কৰ সম্পত্তিৰ পৰিমাণ ১শতাংশৰ পৰা ১,৬৮২ শতাংশলৈ বৃদ্ধি পাইছে। আন সাতগৰাকী অৰ্থাৎ ১২শতাংশৰ সম্পত্তিৰ পৰিমাণ ৩ৰপৰা ৩৪শতাংশলৈ হ্ৰাস পাইছে। নিৰ্দলীয় বিধায়ককে ধৰি মুঠ ষাঠিগৰাকী বিধায়কৰ ২০১৭চনত গড় সম্পত্তিৰ পৰিমাণ আছিল ২.২৮কোটি। কিন্ত ২০২২চনত তেওঁলোকৰ গড় সম্পত্তিৰ পৰিমাণ হৈছেগৈ ৪.২২কোটি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য