--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে দেশৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে। তিনিখন ৰাজ্যৰ নিৰ্বাচন সমাপ্ত হৈছে। উত্তৰ প্ৰদেশৰ ৭টা পৰ্যায়ৰ ভিতৰত পাঁচটা সম্পূৰ্ণ হৈছে। এতিয়া উত্তৰ পূবৰ একমাত্ৰ ৰাজ্য মণিপুৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ৫মাৰ্চত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে মণিপুৰৰ বিভিন্নজন প্ৰাৰ্থীৰ সম্পত্তিৰ তালিকা প্ৰকাশ পাইছে। এছ’চিয়েচন অব ডেম’ক্ৰেটিক ৰিফৰ্ম চমুকৈ এডিআৰে সদৰি কৰিছে বিভিন্ন জন প্ৰাৰ্থীৰ সম্পত্তিৰ পৰিমাণ। সেই তথ্য অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং পূৰ্বৰ তুলনাত দুখীয়াহে হৈছে। ২০১৭ চনতকৈ তেওঁৰ সম্পত্তিৰ পৰিমাণ সামান্য হ্ৰাস হোৱা বুলি তেওঁ নিৰ্বাচন আয়োগক দিয়া শপতনামাত উল্লেখ কৰিছে। তেওঁ আয়োগক দিয়া তথ্য অনুসৰি ২০১৭ চনতকৈ এইবাৰ তেওঁৰ সম্পত্তিৰ মূল্য ৪লাখ হ্ৰাস হৈছে। তাৰ বিপৰীতে উপ মুখ্যমন্ত্ৰী য়ামনাম জয়কুমাৰ সিঙৰ সম্পত্তিৰ পৰিমাণ এই সময়ছোৱাত প্ৰায় দুগুণ হৈছে। এন বীৰেন সিঙে দিয়া তথ্য অনুকৰন ২০১৭চনত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ১.৫২কোটি। এইবাৰ সেয়া ১.৪৭ কোটিলৈ হ্ৰাস হৈছে। আনহাতে উপ মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ মূল্য ২.২৯কোটিৰ পৰা ৫.০৫ কোটিলৈ বৃদ্ধি পাইছে। এডিআৰ-এ মণিপুৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৬০গৰাকী বৰ্তমানৰ বিধায়কৰ সম্পত্তিৰ তেওঁলোকে নিজেই শপতনামাত দিয়া তথ্য বিশ্লেষণ কৰি দেখিছে যে ৫৩গৰাকী বিধায়ক অৰ্থাৎ ৮৮শতাংশ বিধায়কৰ সম্পত্তিৰ পৰিমাণ ১শতাংশৰ পৰা ১,৬৮২ শতাংশলৈ বৃদ্ধি পাইছে। আন সাতগৰাকী অৰ্থাৎ ১২শতাংশৰ সম্পত্তিৰ পৰিমাণ ৩ৰপৰা ৩৪শতাংশলৈ হ্ৰাস পাইছে। নিৰ্দলীয় বিধায়ককে ধৰি মুঠ ষাঠিগৰাকী বিধায়কৰ ২০১৭চনত গড় সম্পত্তিৰ পৰিমাণ আছিল ২.২৮কোটি। কিন্ত ২০২২চনত তেওঁলোকৰ গড় সম্পত্তিৰ পৰিমাণ হৈছেগৈ ৪.২২কোটি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক