--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ পঞ্চমহল জিলাৰ হালোল চহৰৰ এখন আদালতে ২০০২ চনৰ গোধৰাকাণ্ডৰ পিছতসংঘটিত হিংসাত্মক ঘটনাত জড়িত থকা বুলি অভিযোগ উঠা   ৩৫ জন লোকক নিৰ্দোষী ঘোষণা কৰিছে। গোধৰা কাণ্ডৰ পিছত সংঘটিত সেই  হিংসাত  তিনিজন লোক নিহত হৈছিল।

 হালোল চহৰৰ এখন আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ হৰিশ ত্ৰিবেদীয়ে "ছদ্মবেশী-ধৰ্মনিৰপেক্ষ মাধ্যম আৰু ৰাজনীতিকসকলে " এই সংঘৰ্ষবোৰ  পূৰ্বপৰিকল্পিত আছিল বুলি কৰা দাবীৰ বাবে সমালোচনাও কৰে।  

উল্লেখ্য গোধৰাত সবৰমতী এক্সপ্ৰেছত তীৰ্থযাত্ৰীৰ মৃত্যুৰ পিছত গুজৰাটৰ কেইবা ঠাইতো হিংসাৰ জুই জ্বলি উঠিছিল। বহুতে অভিযোগ কৰিছিল  যে সেই সময়ত সংঘৰ্ষত  হাজাৰ হাজাৰ লোক নিহত হৈছিল। ২৮ ফেব্ৰুৱাৰী, ২০০২  তাৰিখে কালোল বাছ ষ্টেণ্ড, দেলোল গাওঁ আৰু দেৰোল ষ্টেচন এলেকাত সংঘৰ্ষ  আৰম্ভ হৈছিল। তিনিওজন লোকক  চোকা  অস্ত্ৰৰে আক্ৰমণ কৰি জ্বলাই হত্যা কৰা হৈছিল । মৃতদেহবোৰ কেইদিনমানপিছত উদ্ধাৰ কৰা হৈছিল। গোচৰটোত ৩৫ জন লোকক অভিযুক্ত কৰা হৈছিল।


অৱশ্যে আদালতে তেওঁলোকৰ দোষ প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত তথ্য নথকাৰ বাবে আটাইকেইজনকে দোষমুক্ত ঘোষণা কৰে।২০ বছৰ আগলৈকে  গোচৰটোত ৫২  জন অভিযুক্তৰ নাম  আছিল। তেওঁলোকৰ ভিতৰৰে ১৭ জনৰ ইতিমধ্যে মৃত্যু হৈছে। অভিযুক্ত সকলোকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। সকলোকে পিছত জামিনত মুক্তি লাভ কৰিছিল। 

শুনানিৰ সময়ত ১৩০  জন লোকে সাক্ষ্য দিছিল। বিচাৰকজনে কয় যে অভিযুক্তপক্ষই সংঘৰ্ষৰ সময়ত সহযোগ কৰা  আৰু তেওঁলোকৰ পৰা অস্ত্ৰ উদ্ধাৰৰ কোনো প্ৰমাণ পোৱা হোৱা  নাই ।তেওঁ লগতে কয় যে সেয়া স্বতঃস্ফূৰ্ত হিংসা আছিল  আৰু  "পূৰ্বপৰিকল্পিত" নাছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান