--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ পঞ্চমহল জিলাৰ হালোল চহৰৰ এখন আদালতে ২০০২ চনৰ গোধৰাকাণ্ডৰ পিছতসংঘটিত হিংসাত্মক ঘটনাত জড়িত থকা বুলি অভিযোগ উঠা   ৩৫ জন লোকক নিৰ্দোষী ঘোষণা কৰিছে। গোধৰা কাণ্ডৰ পিছত সংঘটিত সেই  হিংসাত  তিনিজন লোক নিহত হৈছিল।

 হালোল চহৰৰ এখন আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ হৰিশ ত্ৰিবেদীয়ে "ছদ্মবেশী-ধৰ্মনিৰপেক্ষ মাধ্যম আৰু ৰাজনীতিকসকলে " এই সংঘৰ্ষবোৰ  পূৰ্বপৰিকল্পিত আছিল বুলি কৰা দাবীৰ বাবে সমালোচনাও কৰে।  

উল্লেখ্য গোধৰাত সবৰমতী এক্সপ্ৰেছত তীৰ্থযাত্ৰীৰ মৃত্যুৰ পিছত গুজৰাটৰ কেইবা ঠাইতো হিংসাৰ জুই জ্বলি উঠিছিল। বহুতে অভিযোগ কৰিছিল  যে সেই সময়ত সংঘৰ্ষত  হাজাৰ হাজাৰ লোক নিহত হৈছিল। ২৮ ফেব্ৰুৱাৰী, ২০০২  তাৰিখে কালোল বাছ ষ্টেণ্ড, দেলোল গাওঁ আৰু দেৰোল ষ্টেচন এলেকাত সংঘৰ্ষ  আৰম্ভ হৈছিল। তিনিওজন লোকক  চোকা  অস্ত্ৰৰে আক্ৰমণ কৰি জ্বলাই হত্যা কৰা হৈছিল । মৃতদেহবোৰ কেইদিনমানপিছত উদ্ধাৰ কৰা হৈছিল। গোচৰটোত ৩৫ জন লোকক অভিযুক্ত কৰা হৈছিল।


অৱশ্যে আদালতে তেওঁলোকৰ দোষ প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত তথ্য নথকাৰ বাবে আটাইকেইজনকে দোষমুক্ত ঘোষণা কৰে।২০ বছৰ আগলৈকে  গোচৰটোত ৫২  জন অভিযুক্তৰ নাম  আছিল। তেওঁলোকৰ ভিতৰৰে ১৭ জনৰ ইতিমধ্যে মৃত্যু হৈছে। অভিযুক্ত সকলোকে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। সকলোকে পিছত জামিনত মুক্তি লাভ কৰিছিল। 

শুনানিৰ সময়ত ১৩০  জন লোকে সাক্ষ্য দিছিল। বিচাৰকজনে কয় যে অভিযুক্তপক্ষই সংঘৰ্ষৰ সময়ত সহযোগ কৰা  আৰু তেওঁলোকৰ পৰা অস্ত্ৰ উদ্ধাৰৰ কোনো প্ৰমাণ পোৱা হোৱা  নাই ।তেওঁ লগতে কয় যে সেয়া স্বতঃস্ফূৰ্ত হিংসা আছিল  আৰু  "পূৰ্বপৰিকল্পিত" নাছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ