--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰৰ আপ্ৰাণ চেষ্টাৰ পিছতো শান্তি উভতি অহা নাই  মণিপুৰলৈ। গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত মইপুৰত আনকি কেইবাজনো মন্ত্ৰী-বিধায়কৰ ঘৰতো দুৰ্বৃত্তই অগ্নি সংযোগ কৰিছে।এক কথাত ৰাজ্য খনত এতিয়া যেন কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহলৈ কাৰোৱেই  সুৰক্ষা নিশ্চিত নহয়। মণিপুৰত শান্তি ঘূৰাই আনিবলৈ হাজাৰ হাজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে, কিন্তু হিংসা দমন হোৱা নাই। 

এনে পৰিস্থিতিত ভাৰতৰ প্ৰাক্তন সেনা প্ৰধান বেদ প্ৰকাশ মালিকে উত্তৰ-পূবৰ ৰাজ্যখনক লৈ উদ্বেগ প্ৰকাশ কৰিছে।মণিপুৰত যিকোনো প্ৰকাৰে শান্তি স্থাপন কৰিবলৈ  তেওঁ কেন্দ্ৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ  আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ ঘৰত বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ লগতে  বুধবাৰৰ পৰাই মণিপুৰত নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়া ঘটনাত ১১ জন লোক নিহত হৈছে। মন্ত্ৰী  ৰঞ্জন সিঙৰ ঘৰত  বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা স্বত্বেও, দুৰ্বৃত্তসকলক বাধা দিব পৰা নগ'ল। তেওঁলোকে ঘৰটোৰ  সকলো ফালৰ পৰা পেট্ৰ'ল বোমা নিক্ষেপ কৰিছিল। ফলত মন্ত্ৰীজনৰ বাসগৃহত জুই লাগিছিল। 


অৱশ্যে ঘটনাটোৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী  ঘৰত নাছিল।এই ঘটনাৰ পিছতে অৱসৰপ্ৰাপ্ত সেনা লেফটেনেণ্ট জেনেৰেল এল নিশিকান্ত সিঙে টুইটাৰযোগে ৰাজ্যখনৰ অৰাজকতাক লৈ তেওঁৰ শংকা আৰু আশংকা প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত লিখিছে, "মই এজন সাধাৰণ ভাৰতীয়। মই মণিপুৰত চাকৰি কৰি  অৱসৰ গ্ৰহণ কৰিছো। এই ৰাজ্যখনত এতিয়া কেৱল অৰাজকতা চলিছে। ইয়াৰ পৰিস্থিতি লিবিয়া, লেবানন, নাইজেৰিয়া আৰু চিৰিয়াৰ দৰে একে হৈ পৰিছে। তাত মানুহ  যিকোনো মুহূৰ্তত মৰিব পাৰে । এনেকুৱা লাগিছে মণিপুৰক অকলে এৰি দিয়া হৈছে। কোনোবাই এই বোৰ শুনি আছে নে?"
ভাৰতীয় সেনাৰ প্ৰাক্তন মুৰব্বী বেদ প্ৰকাশ মালিকে কৈছে "মণিপুৰৰ এজন প্ৰাক্তন লেফটেনেণ্ট জেনেৰেলৰ এনে কান্দোন অতি দুখজনক। মণিপুৰত আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে তাৎক্ষণিক পদক্ষেপ লোৱা প্ৰয়োজন। '

 মণিপুৰত অস্থিৰতা সৃষ্টি হোৱাৰ পিছত ৰাজ্যজুৰি কাৰফিউ জাৰি কৰা হৈছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিজেই ৰাজ্যখনলৈ গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। যদিও অস্থায়ীভাৱে হ্ৰাস পাইছে, মণিপুৰত পুনৰ হিংসা বিয়পি পৰাৰ আশংকা সমূলি দূৰ হোৱা নাই।  বিৰোধীয়েও মণিপুৰত হিংসা বন্ধ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব