--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • গোলাঘাট জিলাৰ মহমাইকী গাঁও পঞ্চায়তৰ একাংশ মহিলাই অভিযোগ কৰিছে যে তেওঁলোক যোগ্য হোৱা স্বত্বেও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে, আনহাতে বহু বিত্তশালী মহিলাই এই সুবিধা লাভ কৰি আছে।

গোলাঘাট জিলাৰ মহমাইকী গাঁও পঞ্চায়তৰ অন্তৰ্গত একাংশ মহিলাই শেহতীয়াকৈ গোলাঘাট পশ্চিম উন্নয়ন খণ্ড কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে অভিযোগ কৰিছে যে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকক অযথাভাৱে বঞ্চিত কৰা হৈছে।

প্ৰতিবাদকাৰী মহিলাসকলে জনোৱা মতে, তেওঁলোক অৰুণোদয় আঁচনিৰ বাবে যোগ্য হোৱা স্বত্বেও তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ দিয়া হৈছে। তেওঁলোকে লগতে অভিযোগ কৰে যে বহু বিত্তশালী আৰু অযোগ্য মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰি আছে, আনহাতে প্ৰকৃততে যোগ্য মহিলাসকলক বঞ্চিত কৰা হৈছে। চিপাহী গাঁৱৰ এই মহিলাসকলৰ মাজত কেইবাগৰাকীও বৃদ্ধা মহিলাও আছিল, যিসকলে কেৱল অৰুণোদয়ৰ পৰাই নহয়, আন আন চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে।

গণমাধ্যমৰ আগত তেওঁলোকে এই বঞ্চনাক লৈ তীব্ৰ ক্ষোভ আৰু হতাশা ব্যক্ত কৰে। এই অভিযোগসমূহে চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণ আৰু যোগ্য হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই বিষয়টোৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ আৰু ন্যায় বিচাৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ