--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সকলোৱে নিশ্চয় আজিলৈকে বহুতো চাঞ্চল্যকৰ ঘটনা  প্ৰত্যক্ষ কৰিছে। কিন্তু এইবাৰ চৰ্চালৈ আহিছে আন এক বিশেষ খবৰ । আপুনি কেতিয়াবা শুনিছেনে যে মৃত্যুৰ কেইঘণ্টামান পাছত এজন মানুহ পুনৰ জীৱিত হৈ উঠাৰ ঘটনা যদিও আপুনি হয়তো শুনা নাই, কিন্তু সেয়া হৈছে। দৰাচলতে মেক্সিকোৰ পৰা এনে এটা বিশেষ ঘটনা পোহৰলৈ আহিছে। আচলতে ইয়াত এগৰাকী ৩ বছৰীয়া শিশু ৰ মৃত্যুৰ ১২ ঘণ্টাৰ পাছত কফিনৰ পৰা উঠিল। হয়, এক বিশেষ প্ৰতিবেদন অনুসৰি ৩ বছৰীয়া কেমিলা ৰ’ক্সানাৰ পেটৰ সংক্ৰমণ হৈছিল। চিকিৎসাৰ সময়ত চিকিৎসকে ছোৱালীজনীক মৃত বুলি ঘোষণা কৰে।

প্ৰায় ১২ ঘণ্টাৰ পাছত যেতিয়া ছোৱালীজনীক কফিনত ভৰাই শেষৰ ৰীতি-নীতিৰ প্ৰস্তুতি চলি আছিল, তেতিয়া ছোৱালীজনী পুনৰ সজীৱ হৈ উঠিল। কেমিলাৰ মাতৃ মেৰী জেন মেণ্ডোজাই জনোৱা মতে তেওঁৰ কেঁচুৱা ছোৱালীজনী বমি হৈ আছিল আৰু পেটৰ বিষ আৰু জ্বৰ আছিল। শিশুটিক ভিলা ডি ৰোমাছৰ এজন শিশু বিশেষজ্ঞৰ ওচৰলৈ লৈ যায় আৰু শিশুটিৰ অৱস্থা দেখাৰ পিছত শিশু বিশেষজ্ঞজনক কমিউনিটি হাস্পতাললৈ লৈ যাবলৈ কয়। কমিউনিটি হাস্পতালত ডিহাইড্ৰেচন আৰু জ্বৰৰ বাবে চিকিৎসাধীন হৈ আছিল ছোৱালীজনী। ইয়াৰ পিছত ছোৱালীজনীক ঘৰলৈ নিবলৈ কোৱা হয়। কিন্তু ঘৰলৈ অনাৰ পাছত ছোৱালীজনীৰ অৱস্থা পুনৰ অৱনতি ঘটে।  কেইঘণ্টামান পাছত যেতিয়া পৰিয়ালে পুনৰ চিকিৎসালয়লৈ লৈ যায়, তেতিয়া চিকিৎসকে ছোৱালীজনীক মৃত বুলি ঘোষণা কৰে।

কিন্তু মৃত ঘোষণা কৰাৰ ১২ ঘণ্টাৰ পাছতেই অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে ছোৱালীজনীৰ মাকে কফিনত থকা গিলাচৰ ওপৰত বাষ্পসদৃশ জমা হোৱাটো লক্ষ্য কৰে। এই কথা দেখি তেওঁ তাত উপস্থিত থকা লোকসকলক তথ্য দিলে, কিন্তু কোনেও বিশ্বাস নকৰিলে। মানুহে কৈছিল যে তেওঁ থতমত খাইছে, সেয়ে মানুহে কফিন খুলিবলৈ বাধা দিলে।  এই সকলোবোৰৰ পাছত ছোৱালীজনীৰ আইতাই দেখিলে যে তাইৰ চকুৰ পুলিবোৰ লৰচৰ কৰি আছে।

অৱশেষত ছোৱালীজনীয়ে ভিতৰত কান্দিবলৈ ধৰিলে আৰু মাত দিবলৈ ধৰিলে। তাৰ পিছত কফিনটো খুলি দিয়া হ’ল। হয় ছোৱালীজনী জীয়াই আছিল। ইয়াৰ পিছত ততাতৈয়াকৈ পৰিয়ালৰ লোকে তেওঁৰ সৈতে হস্পিতাললৈ লৈ যায়। চিকিৎসকে তেওঁক পৰীক্ষা কৰিছিল যদিও তেতিয়ালৈকে ছোৱালীজনীয়ে চিৰ দিনৰ বাবে চকু মুদিলে । ডাক্তৰে তেওঁক মৃত বুলি ঘোষণা কৰে। জেনেৰেল ষ্টেট এটৰ্নী জোচে লুইছ ৰুইজৰ মতে, বিষয়টোৰ তদন্ত চলি আছে। ছোৱালীজনীৰ মৃতদেহ পৰীক্ষা কৰি থকা হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু